পৃষ্ঠা:দদাইৰ পজা.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৭
টম্‌ দদাইৰ পজা।

ৰাতি পুৱাওক। চাঁও কি কৰিব পাৰোঁ। ইলাইজা, একো ভয় নাই। ভগবানৰ ওপৰত নিৰ্ভৰ কৰা। তেওঁ তোমাক ৰক্ষা কৰিব। জানিবা।”

 গিৰীয়েক আৰু ঘৈণীয়েক বহা খোটালীলৈ আকৌ গ’ল? মিসেস্ বাৰ্ডে দোলনী মাচিয়াত বহি দোল খাই খাই চিন্তা কৰিব ধৰিলে আৰু মিঃ বাৰ্ডে সেই খোটালীতে ইফাল সিকাল কৰি ফুৰিবলৈ ধৰিলে। বাৰ্ডে বহুত পৰ পাছত ক’লে, “ঘৈণী, আজি ৰাতিতে তাই ইয়াৰ পৰা যাবলাগিব। নহলে মস্কিল। সেই মানুহটোৱে নিশ্চয় গম পাব যে, তাই ইয়াতে আছেহি। আৰু ৰাতি পুৱাতে সি আহি ওলাবহি। আজিয়েই সিহঁতক ইয়াৰ পৰা পঠাব লাগিব।”

 “আজিয়েই নে? কেনেকৈ সম্ভব হব পাৰে আৰু কলৈ লৈ যাবা? জানানে?”

 স্বেনেটৰে জোতা পিন্ধি ভাবি ভাবি ক’লে, “মই জানোঁ বুলিয়েই ভাবা। চাঁওচোন্ বাৰু কি হয়। মোৰ বহুত দিনৰ মক্কেল ভেন্ ট্ৰম্প বুলি এজন মানুহ কেণ্টাকিৰ পৰা আহি ইয়াৰে সাত মাইলমান দূৰৈত মাটি বাৰী কিনি আছেহি। তাৰ সকলো গোলামকে সি মুক্তি দিছে। আৰু ঠাই ডোখৰ ইমান নিৰ্জ্জন যে, সেই ঠাইলৈ বিশেষ কাম নেথাকিলে কোনোৱে যাব নোখোজ আৰু নেযায়ো। নৈৰ এচুকত। কোনেও সোনকালে কি সহজে সেই ঘৰ বিচাৰি নেপায়। তালৈকে যোৱা ভাল বুলি ভাবোঁ। তাত