পৃষ্ঠা:দদাইৰ পজা.pdf/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
টম্‌ দদাইৰ পজা।

 “কিয় কওঁ? তেওঁ সঁচাসঁচিকৈয়ে মৰমীয়াল মানুহ আৰু ঘৰৰ ঘৈণীৰ যে কথাই নাই। তেওঁ যে মোক কিমান মৰম কৰিছিল। তেওঁলোকৰো কোনো উপায় নাছিল। তেওঁলোকৰ বহুত টকা ধাৰ। আৰু সেই ধাৰৰ দলিল পত্ৰ এজন মানুহৰ হাতত পৰাত হেৰিক তাকে বেচিবৰ কথা হ’ল। সেই কথা শুনিয়েই মই হেৰিক লৈ পলাই আহিলোঁ। মোৰ এই একেটি পোণা মাথোন। ই যোৱা হ’লে মই কেনেকৈ নো জীয়াই থাকিলোঁ হয়।”

 “তোৰ গিৰীয়েৰ নাই নে?”

 "আছে, কিন্তু তেওঁৰ গৰাকী আৰু এজন, আমাৰ গৰাকীজন নহয়। তেওঁৰ গৰাকী জন বৰ বেয়া মানুহ। এনে নিষ্ঠুৰ মানুহ অতি কম আছে। আৰু মোৰ স্বামীক দক্ষিণ ফালে বেচিব বুলি আমাক ভয় খুৱাই থাকে। আৰু বেচিবও। মোৰ স্বামীক আকৌ ক’ত দেখা পাম!” মিসেস্ বাৰ্ডে শুধিলে, “তই কলৈ যাবি, আই?”

 “কেনেডালৈ যাম। যদিহে জানিলোঁ হেতেন কেনেডা ক’ত। বহুত দূৰ ঠাই নে কি কেনেডা, আই?”

 “আইও দেহি।”

 “বহুত দূৰ নে কি, আই?

 “তই যিমান দূৰ ভাবিছ, তাৰ কৈও বহুত দূৰ। বাৰু চওঁচোন্, কি কৰিব পাৰোঁ চাওঁ। ডাইনা, তোৰ খোটালীতে ইলাইজাৰ বিছনা কৰিদে। ৰান্ধনী ঘৰৰ ওচৰতে হব।