আণ্ট ডাইনাই কলে, “আইঔ দেহি। গৰমৰ নিমিত্তেহে তাই মূৰ্চ্ছা গ’ল। যেতিয়া ঘৰৰ ভিতৰলৈ সোমাই আহিল তেতিয়া সুন্দৰকৈ কথা কৈ শুধিলে যে, অলপ জুই পুৱাই যাব পাৰিব নে তাই। মই মাথোন্ শুধিবলৈহে পালোঁ তাই ক’ৰ পৰা আহিছে তেতিয়াই তাই মুচ্কচ্ গ’ল। হাতৰ গঢ় দেখি ভাবিছোঁ যে টান কাম কৰাৰ অভ্যাস নাই। আইও দেহি।”
মিসেস্ বাৰ্ডেও মৰম কৰি তাইৰ বিষয় কিবা ক’লে।
ইলাইজাই লাহে লাহে তাইৰ কলা বৰণীয়া সুন্দৰ ডাঙ্গৰ ডাঙ্গৰ চকু মেলি চাৰিউফালে চাই ক’লে, “হেৰি, মোৰ হেৰি কলৈ গ’ল? সিহঁতে তাক লৈ গ’ল নে?”
লৰাটীয়ে মাকৰ মাত শুনিয়েই কাজোৰ কোলাৰ পৰা নামি আহি মাকক সাবট মাৰি ধৰিলেহি “ও, সি আছে, সি ইয়াতে আছে।”
মিসেস্ বাৰ্ডৰ ফালে চাই তাই বলিয়াৰ দৰে ক’লে, “আই, দুখানি চৰণত ধৰিছোঁ, আমাক ৰক্ষা কৰক। হেৰিক লৈ যাবলৈ নিদিব।”
বাৰ্ড গৃহিণীয়ে তাইক উৎসাহ দিবলৈ ক’লে, “ইয়াত নিৰ্ভয়ে থাক, তোৰ একো ভয় নাই। তোক ইয়াৰ পৰা কোনেও লৈ যাব নোৱাৰে।”
“ঈশ্বৰে আপোনাৰ মঙ্গল কৰক আই।” এই বুলি
মুখখন ঢাকি কান্দিবলৈ ধৰিলে। কন্দা দেখি মাকৰ কোলাত
হেৰি উঠিল গৈ।