পৃষ্ঠা:দদাইৰ পজা.pdf/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৩
টম্‌ দদাইৰ পজা।

 বাৰ্ড গৃহিণীৰ যত্ন আৰু শুশ্ৰূষাত ইলাইজাৰ লাহে লাহে গা ভাল হ’ল। তাই অলপ শান্ত হ’ল। জুহালৰ ওচৰৰ বহল বেঞ্চ খনতে এখন বিছনা পাৰি দিয়া হ’ল। তাতে মাক আৰু লৰাই একে লগে শুলে। হেৰিক আন মানুহে অলপ মৰম কৰিবলৈ খুজিলেও তাই এৰি নিদিয়ে লৰাক আৰু আঁকোৱালিহে ধৰে। তাই হেৰিক লৈ শুলে।

 বহা-ঘৰলৈ মিঃ বাৰ্ড আৰু সহধৰ্ম্মিণী গুছি আহিল। অলপ পৰ পাছত ডাইনাই আহি ক’লে যে, ছোৱালীজনীয়ে সাৰ পাইছে আৰু আইৰ সৈতে দেখা কৰিব খুজিছে।

 মিঃ বাড আৰু ঘৈণীয়েক ৰান্ধনী ঘৰলৈ গ’ল। গৈ দেখে যে, ছোৱালীজনী জুহালৰ ওচৰৰ আসন খনত বহি আছে। মুখত শান্ত কিন্তু অতি দুখৰ ভাব। আৰু জুইৰ ফালে নিশ্চল ভাবে একে থৰে চাই আছে। আগৰ উন্মত্ত ভাব নাই।

 ঘৈণী বাৰ্ডে মৰমৰ মাতেৰে শুধিলে, “মোৰে সৈতে দেখা কৰিব খুজিছা নে? এতিয়া অলপ ভাল পাইছা নে?”

 তাৰ উত্তৰ এটা অতি দীঘল কঁপা হুমুনিয়াহ। আৰু চকুৰ কাতৰ বিয়াকুল নিঃসহায় ভাৱ। এনেকৈ চালে যে গৃহিণীৰ চকুৰ পানী ওলাল।

 “তোৰ একোকে ভয় নাই। ইয়াত তোৰ কোনো শত্ৰু নাই। ক চোন্ আই, ক’ৰ পৰা আহিছ? তোক নো কি লাগে, ক চোন্ বাৰু।”