পৃষ্ঠা:দদাইৰ পজা.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৯
টম্‌ দদাইৰ পজা।

 ক’ব নেলাগে যে, সেই মাটী খণ্ড, (খণ্ড কৈছোঁ কিয়, সেই মাটী খিনি আমাৰ গুৱাহাটীৰ কৈও সৰহ পৰিমাণৰ, কামৰূপৰো আধা-আধিমানো হব পাৰে) গোলামক দান স্বৰূপে দি সিহঁতক মুক্তি দিলে।

 আমাৰ স্বেনেটৰ বন্ধুয়ে শুধিলে, “তুমি দুখীয়া তিৰুতা এজনীক গোলাম ধৰা মানুহৰ হাতৰ পৰা ৰক্ষা কৰিবা নে?”

 “ৰক্ষা, মই যদি নকৰোঁ কোনে কৰিব? মই কৰিম।”

 স্বেনেটৰে কলে, “এৰা, মই তাকে ভাবিহে এইক ইয়ালৈ আনিছেঁ।”

 স্বেনেটৰে মানুহ চিনি পাইছিল।

 দুখ ভাগৰেৰে ভৰপুৰ হৈ ইলাইজাই হেৰিক কোলাত লৈ দুৱাৰৰ ওচৰলৈ আহিল। ভেন্‌ট্ৰম্পে মোমবাতি ডাল তাইৰ মুখৰ আগত ধৰি এটা মৰমসূচক ‘হঁহ্” মুখৰ পৰা উলিয়াই কলে, “এই ছোৱালী, তই ইয়াৰ কাষৰ খোটালীত শুই থাক গৈ। তোৰ একো ভয় নাই। তোৰ মাৰৰ কোলাত যেনে নিৰ্ভয়ে শুলি হয় ইয়াতো তেনে নিৰ্ভয়ে শো গৈ যা।” এই বুলি কাষৰে এটা খোটালী মেলি দিলে। ইলাইজা সোমাল। তাৰ পাছত স্বেনেটৰে চমুকৈ ইলাইজাৰ ইতিহাস ক’লে। বাৰ্ডে বিদায় ল’বৰ সময়ত দহ ডলাৰৰ এখন কাকত ভেন্ ট্ৰম্পৰ হাতত দিলে।

 ‘তাইৰ নিমিত্তে নে কি?”

 “হয়”