টেটোন।— কিয়, গুণ নো নহব কিয়? মই দুইটা আৰ্জ্জিম চাই থাকিবা এতিয়া,—(গৃহস্থৰ হাতৰপৰা টোকোনডাল টান মাৰি লৈ, লৰ মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।)
হালোৱা।— ক’তা গৰুটো ওভতাই নানিলা দেখোন।
টেটোন।— তুমি জানো আনিবলৈ কৈছিলাঁ? ৰাখি থৈ আহিবলৈ হে কৈছিলাঁ। সৌটো নহয়, একেটা মাৰতে ৰাখি থৈ আহিছোঁ।
হালোৱা।— কি কোৱাঁ!
টেটোন।— ভাল কৈছোঁ। যেনেকৈ কৈ পঠিয়াইছিলাঁ, তেনেকৈ কৰি থৈ আহিছোঁ। চোৱাঁগৈ মিছা কৈছোঁ যদি, জিভা মেলি দীঘল দি পৰি আছে সৌটো।
হালোৱা।— ঔ কটা, তই দহোন মোক মৰিয়াই মাৰিলি একা?
টেটোন।— অ, তোমাক মৰিয়াই মাৰিলোঁ আকৌ কেতিয়া? গৰুটো হে মাৰিবলৈ কৈছিলা; তাক হে মাৰিলোঁ। তুমি নোকোৱাকৈ আকৌ তোমাক কিয় মাৰিম?
হলোৱা।— অ, মই ইবোৰ-সিবোৰ কথা নেজানো। বল, ৰজাৰ আগত দিওঁগৈ। ময়ো এগছ লগাওঁ জৰী (টেটোনৰ কঁকালত জৰী লগায়)।
টেটোন।— ই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো, ইয়েই হেনো গোচৰ দিয়েগৈ! অ, উচটাই গো-বধ কৰাই এতিয়া পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাৰু, বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাব। এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মোৰ গাত ঘাটি।
(প্ৰস্থান)