পৃষ্ঠা:টেটোন তামুলী.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


—সৌৱা নহয়, বাপেকে, চাপিছেহি আমাৰো কোনোবা। পিঠিত তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল মাৰে)।

(দুটা চোৰৰ প্ৰৱেশ)

১ম, চোৰ।— এঃ, গৃহস্তে সাৰ পায় বুলিহে ভয়। নহলে, মোৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই?

২য়, চোৰ।— এৰা, মোৰ হ’লে দুৱাৰ মেলোঁতেই গম্ পায় যেন লাগি যায়। অ, সিদিনা আকৌ, জানিছ, বৰচাঙৰপৰা বোন্দাটো নামি অহা দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনো কম, দুদিনলৈকে মোৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে বোলোঁ, মোক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লবৰ বেলিকা মোক বিচাৰিবি।

১ম, চোৰ।— অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গোট ইমানটো হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হেৰ, বুধি জানিলে ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত চালৰ কুটা গুজি লব লাগে; তেতিয়া আৰু দুৱাৰে কেৰ্‌ নেকেৰায়। মনত ৰাখিবি।

২য়, চোৰ।— এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰোঁ এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।

১ম, চোৰ।— সঁচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু মোৰ চালত চলিবিচোন, তোক মই মানুহ কৰি হে এৰিম। নিছয় বুজিবি।

টেটোন।— (আপোনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে-হাতে গুণ দিলে। ইহঁতেই মোক দুখত আনদ কৰাব যেন পাইছোঁ। এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ; —আন,