১ম, চোৰ।— বেচ কথা। ভাল ছেগ মিলিছে। উঠাঁ তেন্তে।
টেটোন।— এ, কওঁতেই ক’লা, বোলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা, চিপ্ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্ উস্ উস্।
২য়, চোৰ।— পিচে?
টেটোন।— জানো, এতিয়া কাৰ পিঠি পাওঁ?
২য়, চোৰ।— কি “পিঠি পাওঁ”?
১ম, চোৰ।— এ, নহয় অ, অৰ্থৎ তেওঁক বোকোচাত লব লাগে; —নহয় নে হে?
টেটোন।— হয়, ঠিক ধৰিলাঁ কথাটো। তোমাৰ বুধিটো বৰ চোকা।
২য়, চোৰ।— কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু বোকোচাত।
১ম, চোৰ।— বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোমাব কোন্টো?
টেটোন।— সেইটো মোকে ধৰি থোৱাঁচোন।
১ম, চোৰ।— বাৰু, সোমাবাঁ তুমিয়েই। কিন্তু বন্ধু বাছিব জানিব জানো।
টেটোন।— সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোঁ নে? তথাপি, শুনোচান তোমাৰ বুধিটোও।
১ম, চোৰ।— মই হলে কৰোঁ কি, এন্ধাৰত খপিয়াই পোৱা বস্তুবোৰ নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।
টেটোন।— উঃ, ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ।
২য়, চোৰ।— নিমিলিব কেলেই, দুয়োজন পকা মানুহ।
টেটোন।— এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি হৈছে। উঠিব হে লাগে।
১ম চোৰ।— হয়, উঠিব হে লাগে।
টেটোন।— এৰা, উঠোৱাঁ আকৌ?