টেটোন।— জানিছোঁ। ঘিঁউত জুই ঢাল নেখায়, তোমাৰ খং-জুইকুৰা হে ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।
হালোৱা।— কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালোৱা এছাৰিৰ কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে?
টেটোন।— নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ, তেওঁৰ কানখন হে বিচাৰিছোঁ, তোমাৰ আকৌ মুৰত ভৰি থবলৈ নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছাঁ জানো? সেইটি নেচেল।
গৃহস্থ।— ৰবাঁ, হেৰা। এইটো কৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা। ইয়াৰে চুপতি মাৰি কি অন্ত পাবা? এতিয়া ইয়াক উল্মুলাই কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে যদি গাঁথিত, পইচা এটা দি সৌ পোহাৰীজনীৰপৰা কল দুটামানকে আনি দিয়াঁ হে।
হালোৱা।— এ, মোৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলোঁ, পইচা কেলেই আনিছোঁ!
গৃহস্থ।— এৰা, মোৰ হাতো শুদা!
টেটোন।— টোকোনা চিকটা ককাইহঁত! বোলোঁ, গোচৰলৈ আহিছাহঁক, হাতত পইচা এটি নাই! বাৰু, তোমালোকৰ জৰী কেগছকে লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোৰ বুধিৰ মোনাটোকে মেলি চাওঁ।।
হালোৱা।— অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই।
গৃহস্থ।— বাৰু, ময়ো দিছোঁ এৰি, যক সি কেনেকৈ পাৰে মাৰকগৈ খঁকটো আপুনি।
পোহাৰী।— এৰা তো, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো। হেজাৰ হলেও মানুহৰ পোৱালি হে দেহি!