পৃষ্ঠা:টেটোন তামুলী.pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় অঙ্ক।

⸺<>○<>⸺

প্রথম পট,—ৰাজ-আলি।

টেটোন।— (অকলশৰে বহি) অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা- চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা সকলােৱেই মােৰ সুখ-দুখ দেখোঁতা। ইমানত আৰু অমুকাৰ ভয় কি ? বােপাইৰ বল নাপালেও, অমুকা তৰিব পাৰিব পায় দেখােন। কিন্তু, (অলপ পৰ টলকা মাৰি পেটৰ উমান লৈ) ওঁ-হুঁ-হুঁ, গতিক বিষম ! মােৰ ভেম্‌টো নৰজিবগৈ যেন পাইছোঁ। পুৱাৰ পঁইতা যে পেটতে পানী হলেই, বাটত খোৱা আঠীয়া কল আষিৰো বল নােপােৱাত পৰিছেগৈ। এতিয়া নাে ক’ত কি পাওঁ, পেটৰ জুইকুৰা কিহেৰে নুমাওঁ! হওঁতে এই পেটাৰিটো লৈ হে লেঠা, নহ’লে অমুকাক পায় কোনে? (পেট মােহাৰে)। এৰা, তাহানিৰ ফুল-কোৱঁৰৰ পিতেক নগৰা-জগৰাৰ দশা হে মিলিছে মােৰা । সিহঁতে দুখত আনদ কৰা শুনি হেনো মেনী মহে গাখীৰ পিয়াইছিল, শুকুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল। মােলৈকো তেনে কোনােবা আছে বা? ময়ােচান সেই গটকে এবাৰ ধৰি চাওঁ।—কি বুলি ? (অলপ ভাবে) এঃ, যি বুলি আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েই:—

“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
              আই নাছিলে ঘৰত।
অ, কোন্ কত আছাহঁক এই জগতত,
              এমুঠি দিয়াঁহি মুখত।”