পৃষ্ঠা:টেটোন তামুলী.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নহলেও তেও মোৰ পেটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হব। কিন্তু, এই ফেৰাই মেনী ম’হৰ গাখীৰৰ হে কাম দিব; শুকুলী হাতীৰ পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, কৰ পানী কলৈ যায়। আছে তাৰো উপায়! (কেঁকাই কেঁকাই ) হে মোৰ কপাল! বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই লাগে!—ওঁ–হুঁ—হুঁ।

২য়, চোৰ।— (উচাপ্ খাই) ঔ ককাই, এতিয়াহে মৰিলোঁ! এইটো মানুহ। কেনি পলাওঁ মই!

টেটোন।— অ, নেলাগে পলাব, মই হে। বোলোঁ, এৰি নগলে লগ ধৰিব হে খোজোঁ।

১ম, চোৰ।— হেৰ, ই ধৰে হেনোঔ!

টেটোন।— ভয় নাই। লগ হে ধৰিব খুজিছোঁ।

১ম, চোৰ।— কিনো কয় অ! ই আমাক চোৰ বুলি চিনিছে হবলা?

টেটোন — অ, নিচিনিম নো কিয় হেৰা? সাপে হে সাপৰ ঠেং দেখে। সেই হে লগ ধৰিব খুজিছোঁ। ককাইহঁতঐ, যি ঘৰত হে সোমাইছিলোঁগৈ! কি হ’ব ক’লে! মই অকল দেখি হে? যি হে বস্তু বাজ কৰি লৈছিলোঁ। পিচে, কপাল! ভাৰ কানত তুলি লওঁতেই কঁকাল-মোচোকা খালোঁ। কোনোমতে বগুৱাবাই আহি এইখিনিতে বহি আছোঁ।

২য়, চোৰ।— কি কথা আছে, ভাৰ লোৱাত মই আছোঁ নহয়। ককাইটি, নকৈছিলোঁ, বোলোঁ, ভাৰ লবলৈকো এটা লাগে।

১ম, চোৰ।— বাৰু, ৰবিচোন তই। এওঁৰ সৈতে সোধা-পোছা কৰি চাওঁ।

টেটোন।— সোধা-পোছাৰ সকাম নাই, আমি উঠিব হে লাগে। যাওঁ বলাহঁক। সৰহ দূৰৈ নহয়, সৌ ধাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ দেও সেই ঘৰ।