পোহাৰী।— হেৰ, কটাযোৱা পো, বোলোঁ, পইচাটো পেলাবি, কল আষি লবি, বুকুত গোৰ মাৰি গুচি যাবি; কিহৰ আকৌ এইসন লেৰেলা সাদৰ চেলাবলৈ আহিছ?
টেটোন।— বাৰু, তেন্তে তোমাৰ কথাই কথা। (মেৰ্-তলীৰপৰা পইচ। এটা উলিয়াই পাচিলৈ দলি মাৰি দি) হোঁ, ল, সেইটো পইচা। মোক আৰু এনে নিচলা যেন দেখিছিলি নে? (পচিৰপৰা কল একাষি তুলি লৈ, পোহাৰীক বুকুত গোৰ মাৰি চিট্ খুৱাই পেলাই কল খাবলৈ ধৰে)।
পোহাৰী।— (টিক্চি-বিক্চি উঠি) ঔ! বন্দী চুৱাসোৱা সেকাৰসোৱা বেটীৰ ধাৰ সোৱা পো! তইচোন মোৰে কল সাই মোকে গুৰিয়াৱ! বুঢ়ীমাৰে এতিয়াই তোক ৰজাৰ আগত নিদিমগৈ বুলি জানিছ নে? ( বাউলী হৈ টেটোনৰ কঁকালত গামোছা লগায়।।
টেটোন।— কিনো বোলে ঔ। কথামতে চলিলে ইহঁতে আকৌ জগৰ হে ধৰে। বাৰু, লগাই থাক্ কেইডাল হয় কঁকালত জৰী। মোক মুঠেই পেটৰ ওজৰটো মাৰি লবলৈ দে। (টেটোনে চোঁচা মাৰি গৈ কল-কুঁহিয়াৰ আৰু যি পালে থাই কাষলতি বজায়; পোহাৰীয়ে ডেও-দোপাল পাৰি হায়ঔ-বিঔ লগায়।)