পৃষ্ঠা:টেটোন তামুলী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঞ্চম পট,—
হাটৰুৱা বাট।

(কল-বেঙেনা,পাণ-তামোলৰ পোহাৰ আগত লৈ এজনী পোহাৰী )

পোহাৰী।— (আপোনা-আপুনি) আললু-আপচু দিবলৈ বহি! কোন্ নো বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইচা এটাৰো কিবা বেছিবলৈ পালোঁহেঁতেন যদি! কিমান নো হাটৰুৱা-বাটৰুৱা আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে! লোণজেবাকে নো কিনি নিওঁ কিহেৰে আজি! কিনো কৰিম আই, ঘৰত আৰু খাৰণি সৰালেগৈ হে হব। তাকো জানো পাৰোঁতে নকৰোঁ? লৰা-পোৱালিটোৱে আকৌ লোণ নহলে একোকে মুখত নিদিয়ে নহয়। (মূৰে-কপালে হাত দি টলকা মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গোটাদিয়েক এই বাটেই আহিছেচোন।

(গৃহস্থ, হালোৱা আৰু টেটোনৰ প্ৰৱেশ)

টেটোন।— অ, ৰবাচোনহঁক। মোৰ আৰু ভৰি নচলাই হল। কাছুটিখনো তোমালোকৰ বান্ধকেটাই হে ৰাখি থৈছে। বোলোঁ, কল- কুঁহিয়াৰ যি পোৱা অলপ কিনি-কুটি খুৱাই লোৱাহঁক। নহলে আৰু মোক কানতকৈ নিলেহে হব। (খপৰাই বহি পৰে)।

গৃহস্থ।— এ হে! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেনো!

টেটোন।— হুঁঃ, পিঠিত উঠি গৈ চোৰ সোমালোঁ, এতিয়া ৰজাৰ আগলৈ যাওঁতে কানত উঠাটো টান হে পালাঁ নে?

হালোৱা।— হেৰ অধৰনী মেনে মেনে থাক। ঘিঁউত জুই ঢালি নলবি দেই এতিয়া! চোঁচৰাই নিম বুলি জনা নাই নে?