টেটোন।— (পোহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখোন। সঁচা, বাইটি, তুমি মোৰ দুখ নপতিয়ালে কোন পতিয়াব? বাইটি! কলবোৰ বাৰু নে? দিয়াঁচোন এটা খাই চাওঁ। (কল ছিঙ্গিবলৈ হাত মেলে।)
পোহাৰী।— (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও বহনি হোৱা নাই।
টেটোন।— এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মোলৈ দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাওঁ দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।)
বৰ ভাল পাওঁ তোমাক মই,
বৰ ভাল শুনোঁ তোমাৰ ‘হঁই’।
হাটে-বাটে শুনি আৰু
তোমাৰেহে হয়-বয়,
বৰ ভাল পাওঁ মই।।
শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি।
পোহাৰী।— (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে! গুচ্ এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন বেয়া লাগি আছে।
টেটোন।— বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি দহোটাও বলে পৰা হব।