সমললৈ যাওক

টেটোন তামুলি/প্ৰথম অঙ্ক

ৱিকিউৎসৰ পৰা
[  ]

টেটোন-তামুলি।

আদিছোৱা।

⸺<>⸺

প্ৰথম অঙ্ক।

⸺<>⸺

প্ৰথম পট,—মইনাৰ পদূলি

টেটোন।–(অকলশৰে ইফালে-সফাললৈ টহলি) আহক বাইটি মাছৰ পৰা আজি। মই, বাপেকে এইখিনিতে খালৈৰপৰা পোনেই বৰকাৱৈ এটা আৰু মৰঠি-পুঠি এজনী লৈ বেলেগে খৰিকাত দিমগৈ। বোপাই পথাৰৰপৰা আহি নৌ পাওঁতেই, বাপেকে, খৰিকা-দিয়া পেট পাবগৈ। আকৌ, আইৰ পৰাও আঞ্জাত দিয়াৰো ভাগ ল’ম লহয়, মই বাপেকে। আহক আজি; জাকৈয়া নাহে মানে মানে ময়ো পদূলিৰমূৰৰ পৰা নাঁতৰো নহয়। (অলপ পৰ টলকা মাৰি লৈ) অ’, ভাল মনত পৰিছে। আজি ভিনিহিকো মাতি পঠিয়াইছে নহয়। সেইটো আহি পালে, আমাৰ কাৱৈ মাছৰ মূৰ চোবোৱাটি হৈছে আৰু। আইৰ আৰু বোপাইৰ আকৌ তালৈহে ধাউতি। জোঁৱাই-ল’ৰা আহিব বুলিলেইচোন দুয়োৰে গাত ততেই নাইকিয়া হয়। আজি বাৰু আহক বাপেকে, দেখিম ময়ো। [  ]
(ধনাইৰ প্ৰবেশ)

টেটোন।— আও। ভিনীহি, তুমি বহুত দিন জীবাঁ দেও।

ধনাই।—হেৰ’, কি হ’ল অ’? কোনখন মঙ্গলত নো পালি, মই বহুত দিন জীম বুলি?

টেটোন।— এ, মঙ্গল নহয়, ভিনীহি, মানুহৰ নাম লওঁতেই ওলালেহি হেনো তাৰ আয়ুস বাঢ়ে।

ধনাই।—অ’, তই তেন্তে মোক চৰ্চ্চি হে আছিলি হ’বলা?

টেটোন।— সঁচা, তোমাক লৈয়ে নিতৌ মোৰ চৰ্চা বাঢ়িছে হওঁতে।−− ঘাইকৈ আজি, −− এইবেলা।

ধনাই।— তোৰনো কি ভাগৰ ভাতগাল খালোঁ অ’ তাকে যে চৰ্চ্চি থাক?

টেটোন।—এ, ভাগৰ ভাত হে বুলিছাঁ, তাৰ লগতে মাছকেটাও যে। ভাততকৈ মাছৰটো ভাবনা হে আগ হৈছে।

ধনাই।—বাৰু, তোৰ ভাত-মাছ খোৱা কথাখন থ’ এতিয়া। কচোন, বাপেৰ ক’লৈ গ’ল?

টেটোন।—(আপোনা-আপুনি) আও। “বাপেৰ!” শহুৰ বুলিবলৈ ‘বৰ মানুহৰ বেটাৰ’ লাজ লাগে! বাৰু শিকাম বাপেৰে ময়ো, ৰবি।’ (ফুটাই) এ, ভিনিহি বোপাই পতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।

ধনাই।— (আপোনা আপুনি) উঃ, কটা, ভাল কথা সুধিলে আকৌ ই পেংলাই হে কৰে! (ফুটাই) বাৰু, বাপেৰৰ কথা বুজিলোঁ, হেৰ’, মাৰ গ’ল ক’লৈ’?

টেটোন।—(ভোৰভোৰাই) উস! শাহু বুলিবলৈকো লাজ। মোৰ আইক শাহু বুলিলে ই ৰজাৰ কোঁৱৰটো সৰু হ’ব। বাৰু, চাম বাপেৰে কিমান উধাব পাৰ। (ফুটাই) এৰা, ভিনীহি, আয়ো নাই। আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে। [  ] ধনাই।—(আপোনা আপুনি)ঔ কটা, ল’ৰাটোৰ ভেঙুচালিখন বাঢ়ি হে গৈছে। (ফুটাই) হেৰ’, বায়েৰো নাই হ’বলা ঘৰত?

টেটোন।—(ভোৰভোৰাই) বাৰু, অলপ শাম কাটিছে। (ফুটাই) নাই, ভিনীহি, বাইটিও নাই ঘৰত। বাইটি সাগৰ চালি মাণিক তুলিবলৈ গৈছে।

ধনাই।—(আপোনা-আপুনি) ই কটা বৰ আধাকটা ল’ৰা। ভাল কথা সুধিলে সি পেংলাই হে কৰে! বাৰু, ৰবি, ময়ো চুঙা চাই সোপা দি থওঁ। (ফুটাই) হেৰ’, বাপেৰ আহিলে ক’বি, বুলি, ভিনীহি আহিছিল, কাণমাৰিলৈ তহঁতৰ বৰ চঁপা গছজোপা কাটি নিবলৈ; পিছে, ঘৰত মানুহ নেপাই উলটি গ’ল।

টেটোন।—(ভোৰভোৰাই) আও! ম’হৰ শিঙত কঁকিলা-দাৰ্। এওঁৰ বুধিৰ লৰটো অমুকাই লগ নেপামগৈ যেন ভাবিছে! আৰু হেনো ঘৰত মানুহ নেপাইহে এওঁ এতিয়া ওলটে! আমি এওঁৰ মানত মানুহেই নহওঁ। বাৰু, ৰবি, বাপেৰে, মানুহ নে গৰু দেখুৱাম। (ফুটাই) এ, ভিনীহি, চঁপাগছৰ আশাটি এৰিলেই ভাল। আমাৰ দাঁত-খৰিকা কৰিবলৈ বুলি সেইজোপা গছ বোপায়ে মোক কাটিবলৈ কৈ থৈছে। পিছে, মোৰ নলীয়া কটাৰিখন ধৰাই ল’বলৈ শিল পোৱা নাই দেখিহে আজিও কাটিব পৰা নাই; পৰ্ব্বতলৈ শিল বিচাৰি যাওঁ বুলি হে ভাবিছোঁ।

ধনাই।— (আপোনা-আপুনি) উঃ কটা। ই শুদাশুদি ল’ৰা নহয়। ইয়াৰে সৈতে উত্তৰা-উত্তৰি কৰিবলৈ গ’লে আৰু লাজ হে পাব লাগিব। (খং দেখুৱাই) হেৰ, বান্দৰ! তোৰ সৈতে মই চুপতি কৰিবলৈ অহা নাই, জানিছ। কটা, কুকুৰ, ল’ৰাই লাই পাই গললৈকে জঁপিয়াৱ দেখোন!

      (উচাৎ মাৰি ধনাই গুচি যায়) [  ] টেটোন।—(কাষলতি বজাই জঁপিয়ায়) আয়ুস, আয়ুস, এতিয়াহে মোৰ গাটি শুত্ লাগিছে। আজি এইপাটক এইদৰে নেখেদা হ’লে, মোৰ ফালে মৰঠী-পুঠী খৰিকাত দিয়াটি হৈছিল আৰু! (ভিনীহিয়েকলৈ চাই চাই) যোৱাঁগৈ, বেগাই যোৱাঁগৈ। ঘৰত চাগৈ ৰোহপাটিখনে বিৰহত বিনাব লাগিছে!


(মনাইৰ প্ৰৱেশ)

মনাই।— কি, অ, আপুটি, কি হ’ল? আজিচোন মনত বৰ ৰং?

টেটোন।— এৰা, ভিনীহিৰ খংচাট্ দেখি!

মনাই।— কি ভিনীহিয়েৰ আহি গ’ল নে কি?

টেটোন।— ওঁ, সৌটো নহয়, ভিৰাই বেগ্ ধৰিছে ঘৰলৈ।

মনাই।—কিয়? কিয়?

টেটোন।— কিয়? -পৰ্ব্বতখন যে থিয়।

মনাই।— এ, দুপৰীয়া খং তুলি ন’লবি দেই লৰাই। কি হৈছিল ভাঙ্গি নকৱ কিয়?

টেটোন।— ভাঙ্গিম কেনেকৈ আকৌ? হাতেৰে ধৰিব পৰা বস্তু হ’লেহে ভাঙ্গিব পাৰোঁ।

মনাই।— কটা, মই কি ওভত্-গোৰৰ ল’ৰাটো পালোঁ। এনে ল’ৰা হোৱাতকৈ নোহোৱাই ভাল। হেৰ, বোলোঁ, মোৰ কথা কিবা কৈছিলনে ভিনীহিয়েৰে?

টেটোন।— ও কৈছিল তো। সম্বন্ধত নাকটি ছিঙ্গি কৈছিল, বোলো “বাপেৰ ক’লৈ গ’ল?”

মনাই।— পিছে? - তই কি সমিধান দিলি?

টেটোন।—পিছে ময়ো দিলোঁ তাক দান চাই সমিধান যি দিব লাগে। [  ] মনাই।— কটা, গৰু! দান নহ’লে যে সমিধান দিয়ে। তইনো কি দান পাইছিলি? তোক পালে কিহে আজি?

টেটোন।—পাব লাগিছে কিহে আৰু, ওভোতগোৰৰ বুলিছাঁই নহয়।

মনাই।— হেৰ, ভিনীহিয়েৰে বাপেৰ ক’লৈ গ’ল বুলি সোধোঁতে তই কি বুলি ক’লি?

টেটোন।— ক’লোঁ বোলোঁ, বোপাই পতাল ছিৰি তলৰ মাটি ওপৰ কৰিবলৈ গৈছে।

মনাই।—দেখিছাঁ বাৰু এতিয়া!

টেটোন।— বোলোঁ, দেখিবলগীয়া বস্তু নহয়, কথা হে। ভিনীহিক কোৱা কথা মিছা জানো? তুমি হাল বাবলৈ নাই যোৱা জানো?

মনাই।— বাৰু, আন কাৰোবাৰ কথা সোধা নাই নে?

টেটোন।— কিয় নাই সোধা; আইৰ কথাও সুধিছিল, বাইটীৰ কথাও সুধিছিল।

মনাই।— তই পিছে কি ক’লি?

টেটোন।— মই সঁচা সঁচা কথা ক’লোঁ।

মনাই।— হেৰ, কি সঁচা কথা ক’লি?

টেটোন।— ক’লোঁ, বোলোঁ, আই সাদিনীয়া পঁইতা খুৱাই মৰা জীয়াবলৈ গৈছে, আৰু বাইটী সাগৰ চালি মাণিক তুলিবলৈ গৈছে।

মনাই।— বাৰু, চোৱাঁ এতিয়া।

টেটোন।— বোলো চাবলগীয়া বস্তু নহয়, কথাহে। আই ভুঁই ৰুবলৈ আৰু বাইটী জকাই বাবলৈ যোৱা নাই জানো?

মনাই।— বন্দী, বাঘৰ বুকুত যোৱা, আৰু কিবা সুধিছিল নে, তোক আজি ধুন্ দেখুৱাম বাপেৰে!

টেটোন।— আজিয়েই বা কাইলৈয়েই। কি ধুন্ দেখুৱাঁ, দেখুৱাবাঁ। যি হৈছিল তাকেহে কৈছোঁ। সঁচা কথা ক’লে খং উঠে যদি নকওঁ, কি আছে! [ ১০ ] মনাই।—উঃ, উপায় নাই ইয়াৰপৰা! বাৰু ক, আৰু কি হৈছিল কৈ যা।

টেটোন।— আৰু, ভিনীহিয়ে কৈছিল, বোলে, বাপেৰ আহিলে ক’বি, তহঁতৰ বৰ চঁপা গছজোপা কাণমাৰিলৈ কাটি নিবলৈ আহিছিলোঁ, পিচে –

মনাই।— (হাঁহি মাৰি) পিচে, তই কি ক’লি?

টেটোন।— মই ক’লোঁ, বোলোঁ সিটি আশা এৰি দিয়াঁ ভিনীহি, আমাৰ দাঁত-খৰিকা কৰিবলৈ সেইজোপা গছ মই কাটোঁ কাটোঁকৈ হে আছোঁ।

মনাই।—(আপোনা-আপুনি) ইয়াৰ আটাইবোৰ পাক-লগা কথা! (ফুটাই) তাৰ পিচে?

টেটোন।— তাৰ পিচে, ভিনীহি দেখোন উচাট মাৰি গুচি গৈছেগৈ!

মনাই।— অ, কটা, ল’ৰাই ইমান অতপালি কৰ! বাপুৰে, ভিনীহিক এসাঁজ খুৱাবলৈ বুলি মাতি আনিছে, ভালকৈ মাতি-বুলি বহিবলৈ দিওঁ, সেইটো নাই, সি পেংলাই কৰি খেদি হে দিলে! কটা, এনে আপদীয়া ল’ৰা কেলেই লাগিছে! তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা। নহ’লে এই হালোৱা এছাৰিৰ কোবত তোৰ ধাতু উৰুৱাম আজি!

টেটোন।—বাৰু, মোৰ ধাতুটো উৰুৱাই তোমাৰটো ধাতু পাচত উৰুৱাবলৈ ৰ’ব নেলাগে! আমি বাৰু আপোন মনেৰেই ওলাই যাওঁ। তুমি জী-জোঁৱাই লৈয়ে থাকাঁ। ওলাই নগ’লে মোৰ কল্যাণ নাই বুলি ময়ো জানি লৈছোঁ। যাওঁ, কাৰোবাৰ জীৰ লগত মোৰো জোঁৱাই-যোৰা মিলিলে মিলিব পাৰে।

     (গা কেহেলিয়াই কেহেলিয়াই টেটোনৰ প্ৰস্থান)

মনাই।— ভাল কৰিলে বন্দী বাঘেখোৱাই! ভিনীহিয়েকে চাগৈ বেজাৰ পাই হে গৈছে। যেনেবোৰ হে ভেঙ্গুচালিৰ কথা শুনিলোঁ, কাৰ নো [ ১১ ] বাৰু খং নুঠিব! কি কৰিম, এই ওভত-গোৰে নচা ল’ৰাটোৰপৰা মই নিৰুপায়। যাওক সি, ক’ত মৰে মৰকগৈ। মই যাওঁ ভিনীহিয়েকক বৰাই-বুজাই আকৌ মাতি আনোগৈ। যাওঁ।

          (প্ৰস্থান)


দ্বিতীয় পট,—
চম্পাৱতীৰ ফুলনি।

 (চম্পাৱতীয়ে ফুলনিৰ ফুল তুলি লৈ, মালা গাঁথিবলৈ বহি, গুণগুণকৈ বিয়া-নাম গায়)

 *  *  *  *

পুখুৰীৰে চউপাশে খাগৰিৰে বেৰা,
   ৰাম ৰাম খাগৰিৰে বেৰা।
দলি মাৰি পেলাই দিছে স্ফটিকৰে মালা,
   ৰাম ৰাম স্ফটিকৰে মালা।।

 *  *  *  *

পুখুৰীৰ চউপাশে মৃগপহু চৰে,
   ৰাম ৰাম মৃগপহু চৰে।
তাকে দেখি ৰামচন্দ্ৰে শৰ-ধনু ধৰে,
   ৰাম ৰাম শৰ-ধনু ধৰে।।

(ৰংদৈৰ প্ৰৱেশ)

ৰংদৈ।— এ, আই, আইদেৱেচোন অকলে অকলেই বিয়াখন পাতিছে! মই তেও আঁৰে আঁৰে শুনিহে আছিলোঁ। পিছে নামৰ মূৰৰ ফাঁকিকেচোন এৰিলে! [ ১২ ] চম্পা।— মোৰ মনত নাই অ’, ৰংদৈ! মূৰৰ ফাঁকি নো কি আছিল?

ৰংদৈ।— এই ফাঁকি আছিল শুনক:—

আগত দিয়াঁ পাছত দিয়াঁ পাঞ্চ আয়তীয়ে,
    ৰাম ৰাম পাঞ্চ আয়তীয়ে।
দুৰ্ব্বা ঘাটৰ পানী তোলে যশোদা সুন্দৰী,
    ৰাম ৰাম যশোদা সুন্দৰী॥

চম্পা।— তোৰো ভাল মনত থাকে, ৰংদৈ।

ৰংদৈ।— মনত নাথাকিব কিয়, মই আওৰাই থৈছোঁ নহয়।

চম্পা।— কেলৈ নো আওৰাই থৈছ?

ৰংদৈ।— কেলৈ? ⸺বিয়ালৈ।

চম্পা।— কাৰ বিয়ালৈ অ’, ৰংদৈ?

ৰংদৈ।— মই যাৰে বান্দী, তাৰে বিয়ালৈ।

চম্পা।— হেঁই এই জনি! ⸺গুচ্ ইয়াৰপৰা।

ৰংদৈ।— আও! নামৰ ভাগ ল’লেও দায় লাগেনে? নেলাগে বাৰু নামৰ ভাগ, যোজনা এটাকে দি থওঁ,— “বাঁহৰ আগত বগলী নাচে, আমাৰ আইদেউৰ বিয়ালৈ এদিন-এবেলা আছে।”

চম্পা।— এই লেবীজনীয়ে কিখন বলকে! থাক্‌ তই তোৰ যোজনা লৈ। (চাঁত্‌কৰে আঁতৰি গুচি যায়)

ৰংদৈ।—এ, আই ৰং কৰোঁতে খঙেই উঠিল হ’বলা। যাওঁচোন, আকৌ ৰং লগাবলৈ চাওঁগৈ।

         (প্ৰস্থান)

⸺●⸺
[ ১৩ ]
তৃতীয় পট,—
ধনাইৰ আগচোঁতাল।

ধনাই।— (অকলে ) উঃ কটা, ল’ৰাটোৰ ভেঙ্গুচালিখন! কটা, ওঁঠ চেপিলে গাখীৰ ওলোৱা কালিৰ ফুকলীয়া ল’ৰাটোৰ কেনে আঁহে আঁহে কথা! নহব নো কেলেই, —যেনে বাপেকি, তেনে পোৱালি। বাপেকপাটো সেই; বাপেকৰ চালত হে পিতেক চলে। মোক মাতি নি এই দৰে লঘু কৰাটো বাপেকৰ বুধি নহলে নো ফুকলীয়া ল’ৰাই ইমানবোৰ কথা ঢুকি পায় নে? আৰু মাকজনীও হব পায় সেই একে গছৰে পাণ। জীয়েকতে তাৰ পৰিমাণ পাইছোঁ নহয়। সেই দিনা দুপৰীয়া পথাৰৰপৰা আহি খকা-খুন্দাকৈ শুদা ভাতগৰ্হা গিলোঁতে টেঁটুত লাগি মৰোঁ আৰু। তথাপি তাই জানো কৈ দিলে, পানী এঢোকা পি দিয়া বুলি। সেই হে কয়, বোলে, “টিক্‌ বলধা, ওলাই মাটি; মাক ভালে হে জীয়েক জাতি।” মই যেনিবা নুগুণি-নেমেলি ভাল গলগ্ৰহটো চপাই ললোঁ!

      (মনাইৰ প্ৰৱেশ)।

মনাই।— (আঁতৰৰপৰা) এঃ দেহি! ল’ৰাটিয়ে বৰ বেজাৰ পাই আহিল। বেজাৰ পাবৰ কথাও হয়, বাঘেখোৱা ল’ৰাটোৰ কথাত মোৰ খং-বেজাৰ গৈ মুৰত উঠিছিল। হেজাৰৰ হওক, পৰৰ ল’ৰা; পৰৰ তিতা মাত কেনেকৈ সহিব! সেইবোৰ বাৰু এৰিছোঁ। এতিয়া; মই আগবাঢ়ি আহি কিন্তু ভাল কৰিলোঁ। নহ’লে, আকৌ উপ্যাচি আমাৰ ঘৰলৈ যাবলৈ লৰাই বেয়া পালেহেঁতেন। এতিয়া মই মিঠামুখেৰে দু-আষাৰমান ক’লেই পাহৰি যাৰ আটাইবোৰ কথা। (ফুটাই) এ, বোপাই, ঘৰলৈ গৈ আকৌ গুচি আহিলি নো কিয়? [ ১৪ ] ধনাই।— (জ্বলি উঠি) ঔ, কটা, বিটলিয়া সোলা। তই আকৌ কি চেলাবলৈ আহিছ? ঘৰলৈ মাতি নি, পিতেৰৰ হতুৱাই যি জলপান খুৱালি সেয়ে আটিছে, আকৌ বাপেৰটোও খেদি আহিছ ইয়ালৈকে নহয় নে? মই উলটি জলপান নৌ খুৱাওঁতেই ভালো ভালে আঁতৰি গুচি যা এতিয়াই।

মনাই।— এ, বোপাই, কিয়নো খং কৰ। সেইটো তোৰ ভায়েৰ নহয় জানো? নজনা ল’ৰাৰ কথাতে নো লাগিব লাগে নে?

ধনাই।— এৰা, নজনা ল’ৰা,—পানীকেঁচুৱা!

মনাই।— বাৰু, খুলশালিয়েৰ ল’ৰা নহয়, যেনিবা বুঢ়া। এতিয়া মোলৈ চাই তাৰ কথা এৰি পেলা বোপাই! বল, বল, শাহুৱেৰে বাটলৈ চাই হে আছে চাগৈ।

ধনাই।— আকৌ শাহুৰ কথা? জুইত ঘিঁউ ঢালি নলবি দেই এতিয়া। জীয়েকতে পাইছোঁ শাহুটীৰ কথা! তহঁতৰ বাপেৰ চাই পিতেৰ, আৰু মাক চাই জীয়েক, ৰজিতাখাই মিলিছে। বিধতাই একেখন সাঁচতে ভাল মাৰিলে তহঁত চাৰিওকো। যা, যা, জীয়েৰ নে মাৰ সেই জনীক পঠিয়াই দেগৈ এতিয়াই। নহলে, মই যাবলৈ পালে, তাৰেপৰা চুলিত ধৰি চোঁচোৰাই আনিমগৈ।

মনাই।— এৰা, ভালক ভালে নেপায় নহয়।

ধনাই।— (জাঁপমাৰি উঠি) ঔ, কটা, লাপুং! ইমানত আকৌ বোলে ইহে ভাল, মইহে বেয়া; হেৰ, গঁতাত মূৰ নৌ ছিগোতেই গুচি যা এতিয়াই ইয়াৰপৰা।

মনাই।— (আটিমুটি কৰি) অ, কটা, চল পাই কুকুৰে দেখোন গললৈকে জঁপিয়াৱ। চকুচাওঁতেই ইয়াতে তাও কৰিব পাৰোঁ বুলি জনা নাই নে? [ ১৫ ] ধনাই।— (চোঁচা লৈ) হয় নে লাপুং! তোৰ ইমানটো পিত্ নে? হেঁচা এটাৰ বহত নহবি বলা।

মনাই।— কটা, গোলামৰ ল’ৰা, বন্দী কটা? খোপে খোপে চৰি হে গৈছ দেখোন! কটা, গছকি পেটু কাৰিব দিছ নে বাপেৰে? (খেদা মাৰি যায়)।

ধনাই।— (চোঁচা লৈ) সঁচাই নে বন্দী, সোলা বান্দৰ। বৰকৈ অতপালি কৰচোন! (দুইৰো দৰাৰবৰিত মনাই তলত পৰে।)

মনাই।— (লৰালৰিকৈ উঠি) বাৰু, তই থাক, দেখুৱাম মই বাপেৰ কেনেটো। (উচাৎ মাৰি গুচি যায়)।

ধনাই।— (মুখ বিদৰাই) বাৰু, যোৱাঁ, আমাক বৰশীত দিবাগৈ নি! তালৈকে অমুকাই ভয় কৰিছোঁ! (একে চাবে ভিতৰলৈ সোমাই যায়)।


প্ৰথম অঙ্কপাত।

—○○|○|○○—