গৃহস্থ।— তোৰ কেল্কেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ, নহলে চোঁচৰাই নিম এতিয়া।
টেটোন — বাৰু, উঠিছোঁ, বলাঁ। কিন্তু, মোৰ পেটজনাক পূজা এভাগি নিদিলে তোমাক পাপে চুব, জানিবা দেই। (প্ৰস্থান।)
পথৰুৱা আলি।
হালোৱা।— (কানৰপৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ, দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকৌ! (উলটি চাই) অ, ভাল হ’ল এতিয়াহে। ইটোক খেদোতে সিটোও যায় সিফালে। (উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাঁই-আঁই, নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকত হোৱা গৰু ক’লৈ যায়, নেবাওঁ হাল! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খোলাৰেপৰা নকৈছিলোঁ সিজনীক, বোলোঁ, সাঙোৰৰ পঘাৰ খান্দৰিত গুনঠিটো ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানো! ভাল ল! আজি ৰুবিহি দুই হাতে।
টেটোন।— ইজন বা কোন্? এওঁকো লগৰীয়া কৰি লোৱা হওকচোন ৰজাৰ আগলৈ।
হালোৱা।— (আথেবেথে) হে দেউতাটি।
টেটোন।— কিবা হ’ল, বিধতাটি?