সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
সন্ত মই আৰু দুষ্ট মই।
 

মানুহৰ বৈৰী বহুত। চোৰ বৈৰী, ডকাইত বৈৰী, ঠগ বৈৰী, আৰু বৈৰী সাপ, বাঘ, ভালুক। চোৰে পৰম দুখৰ ধন চুৰ কৰি নি গৰাকীক চৌঠেঙীয়া কৰে, আৰু নিজে চহকী হয়। ডকাইতে দিন-দুপুৰীয়া চকুৰ আগতে দম্ভালি কৰি কিলাই টঙনিয়াই সম্পত্তি লৈ যায়। ঠগে মিতিৰালি কৰি মনত সোমাই নিনিও বুলি ধন নিয়ে, বা তোমাক ফান্দত পেলাই দিয়ে। সাপে বিলাসৰ ফুললিত সোমাই অকস্মাৎ দংশি মানুহৰ প্ৰাণ মাৰে। বাঘ ভালুকে কেতিয়াবা ছেগ লৈ মানুহক আক্ৰমণ কৰে, আৰু গাৰ মঙহ ডোখৰ-ডোখৰকৈ খামুচি এৰুৱায়। এইবোৰৰ বাজে মানুহৰ সৰু বৰ আৰু বহুত বৈৰী আছে, এটাইবোৰ বৈৰীৰ লেখ দিব লাগিলে এখন ভাগৱত হয়। মুঠতে কব লাগিলে জগত বৈৰীৰে ভৰা, খোজে পতি বৈৰী। জগতত বৈৰীশূন্য ঠাই পাবলৈ নাই। বৈৰী-সাগৰৰ মাজতো মানুহে খিতাপ কৰি শ চাৰি কুৰি বছৰ জীয়াই থাকে, ভাবি চালে ই বৰ আচৰিত কথা। মানুহ বৰ বুদ্ধিয়ক জন্তু, সেই দেখিহে এই অলেখ শত্ৰু জয় কৰি সিহঁতে জগতত মহতালি কৰিব পাৰিছে। কিন্তু এটা শত্ৰু আছে সবাতকৈ ভয়ঙ্কৰ। আদিৰপৰা আজিলৈকে অহোপুৰুষাৰ্থ