পৃষ্ঠা:চিন্তা-কলি.djvu/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৮৩
চিন্তা-কলি
 

অর্থাৎ সন্ত-মইৰপৰা আদেশ লৈ হাত ভৰিক অকাম কৰিবলৈ লগাই দিয়ে। অকাম কৰিলে অখ্যাতি হয় তেতিয়া দুষ্ট-মই মুখ-লুকা দি থাকে, তাক কোনেও নাপায়, কোনেও নেদেখে; অকল মই ৰাইজৰ গৰিহণা খাই মৰিব লাগে। মানুহৰ কেনে অন্যায় বিচাৰ,—দুষ্ট-মইক কোনেও নধৰে, সকলােৱে মােক হে দোষে, মােক হে গালি পাৰে, মােক হে নিন্দা কৰে, মােক হে দণ্ড দিয়ে। এইদৰে দুষ্ট-মইৰ ভাণ্ডনাত পৰি মই সংসাৰত বহুত যাতনা, বহুত নিকাৰ ভুঞ্জিলোঁ। এতিয়া আৰু মই তাক একেবাৰে আদেশ নিদিয়া হৈছোঁ। সেই দেখি তাৰ লগত মােৰ সদায় কুৰু-পাণ্ডৱ লাগি থাকে। তাৰ লগত খৰিয়াল কৰোঁতে কৰোঁতে মােৰ সুখ-শান্তি নাইকিয়া হল, মই দুখৰ ভাতমুঠি সুখেৰে খাবলৈ নাপাওঁ। সি সদায় মােৰ লগ নেৰে, পুৱা গধূলি, দুপৰীয়া নিশা, খাওঁতে, শােওঁতে সদায় সি মােক কষ্ট দিব লাগিছে, সদায় এটা ফন্দি সাজি মােৰ ওচৰত কুহুলিয়াই থাকে, সদায় মােৰ কাণত ফুচফুচাই থাকে। মই এখন্তেক শাতিৰে বহি থাকিবলৈ নাপাওঁ, সি আহি তাৰ কলা মেলে, এটা সজ কথা ভাবিবলৈ নাপাওঁ, সি আহি এটা আসোঁৱাহ উলিয়াই দিয়ে, যা বুলি খেদিলে নাযায়, গলেও আকৌ উলটি আহে। দুষ্ট-মই এনে মিঠামুখীয়া যে, তাৰ কথা শুনিলে সকলােৱে তাক আশাশুধীয়া বুলি ভাবে, সি যে ছলিবলৈহে মুখত মধু লৈ ফুৰে ই কথা কোনেও ভাবিব নােৱাৰে। ইয়াৰ উদ্ভণ্ডালিৰ