টোকোনডাল মোৰ নহয় বুলি কলে, বৌৰ মুৰ শিলত পৰি ফাটিছে বুলি কলোঁ; কিন্তু মোৰ কোনো কথাই নাখাটিল; হাকিমে মোৰ এটা কথাও বিশ্বাস নকৰিলে, মোক এবছৰলৈ ফাটকত দিলে। ফাটক খাটি আজি দুমাহ হল ওলাই আহিছোঁ। দুষ্ট মই! তই মোক নকৰিবৰ চকৰি কৰিছ, নাকে নল চঁচাইছ, ভৰা কলহে পানী বুৰুৱাইছ, জনমিবৰপৰা বুঢ়া বয়সলৈকে জুলুকি জুলুকি কৰি শিকালি, তেও তোৰ মনত সন্তোষ নাই। এতিয়াও তই মোৰ লগ নেৰ, আৰু কি কৰিব খুজিছ মই কব পৰা নাই। ঈশ্বৰে মোক এইটো কি লগ লগাই দিলে কব নোৱাৰোঁ। ইয়াৰ সঙ্গত পৰি মোৰ দুখৰ পাৰ কুল নাইকিয়া হল। ঈশ্বৰকেই বা কি দুষিম? মই যেতিয়াই শৰীৰ পালোঁ, যেতিয়াই তেজ মঙহৰ মোনাত সোমালোঁ, তেতিয়াই জানিলোঁ যে, মোৰ মঙ্গল নাই, নিকাৰৰ উপৰি নিকাৰ, জিয়াতুৰ উপৰি জিয়াতু ভুগিব লাগিব। তেজ মঙহ মলি মাথোন, মলি বন্ধ খাই মোৰ শৰীৰ হল, আৰু সেই মলিময় শৰীৰৰপৰা দুষ্ট-মই উপজিল। মলিত ওপজা বস্তু কেতিয়াও ভাল হব নোৱাৰে। জোক-পোক মহ-ডাঁহ, মলিৰ জীৱ, সেই দেখি সিহঁতৰ ভিতৰত ভাল নাই। দুষ্ট-ময়ো মলিৰ সন্তান, সি কেনেকৈ ভাল হব? কেনেকৈ সজ হব? সি পামৰ, সি মহা নাৰকী। হে প্ৰভু! এই পামৰৰ হাতৰপৰা মোক নিস্তাৰ কৰাঁ।
পৃষ্ঠা:চিন্তা-কলি.djvu/৯৪
অৱয়ব