পৃষ্ঠা:চিন্তা-কলি.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
চিন্তা-কলি।

কৰিও মানুহে তাক সেও কৰিব নোৱাৰিলে। ই বৰ বিষম বৈৰী, ই বৰ একাচেকা বৈৰী। ইয়াৰ উদ্ভণ্ডালিত মানুহ অস্থিৰ হৈ ত্ৰাহি ত্ৰাহি কৰিছে। ই মহা টেটন-টামন, মহা ফন্দিয়াৰ, এঠাইত কাটিলে সাত ঠাইত গজে। ই চোৰৰো চুৰ কৰে, ডকাইতৰে উকা দিয়ে, ঠগকো ঠগায়। ই এনে বৈৰী যে ইয়াৰ আঁৰ হৈ লুকাই থাকিবলৈ জগতত ঠাই নাই। ই ছাঁৰ দৰে মানুহৰ লগে লগে ফুৰে। ছাঁৰ হাতৰ পৰাও আন্ধাৰত এৰাব পাৰি, কিন্তু ইয়াৰপৰা এৰাবৰ উপায় নাই। আন্ধাৰত বা পোহৰত, দূৰৈত বা ওচৰত, দেশত বা বিদেশত, ঘৰত বা বাহিৰত, সকলো ঠাইতে, সকলো সময়তে সকলো ইয়াৰ উপদ্ৰৱত ব্যাকুল। মৰিবৰ সময়তো ইয়াৰ নামত গা শিয়ৰি উঠে। এই বৈৰীৰ নাম নাই। কোনো কোনোৱে ইয়াৰ নাম কয়, কিন্তু নামটো ৰাশি নাম নহয়, মতা নাম হে। সেই নামৰপৰা বৈৰীৰ আচল প্ৰকৃতি বিদিত নহয়।

 এই দুৰ্জয় বৈৰীৰ জন্ম মানুহৰ অন্তৰত, ই মানুহৰ এফাল। ই আৰু আন এটা গোট খাইহে গোট মানুহটো হয়, অৰ্থাৎ মানুহটো দুটা ভিন ভিন শক্তিৰ সমষ্টি, এটা শক্তি মই, আনটো শক্তি বৈৰী বা দ্বিতীয় মই। ঘড়ীৰ ঢুলনি শলাডাল প্ৰথমে লৰাই দিব লাগে, তেহে ঘড়ী চলে, সেইদৰে মানুহৰো প্ৰথমে শ্বাস জন্মাই দিব লাগে, তেহে মানুহে জীৱ পায়। ঘড়ীৰ ঢুলনি শলা প্ৰথমে লৰাই দিয়া শক্তি এটা, আৰু সেই শক্তিৰ গুণত পাচে ঘড়ীত যি গতি ওপজে সি