পৃষ্ঠা:চিন্তা-কলি.djvu/৯০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
চিন্তা-কলি

কেতিয়াবা নপঢ়োঁ। এইদৰে থাকোঁতে থাকোঁতে চুচৰি চুচৰি গৈ প্ৰথম শ্ৰেণী পালোঁ, আৰু এণ্ট্ৰেঞ্চ পৰীক্ষা দিলোঁ, কিন্তু পৰীক্ষাত উঠিব নোৱাৰিলোঁ। পিতাদেউ চহকী মানুহ, তেখেতে খৰচলৈ কাণ নকৰি মই উঠিব নোৱাৰাতো মোক চাৰি বাৰ পৰীক্ষা দিয়ালে, তথাপি মোৰ একো নহল, এটাই কেইও বাৰ ‘ফেল’ হলোঁ। এনে সময়তে পিতাদেউ ঢুকাল। তেতিয়া পঢ় বোলোঁতা আৰু কেওঁ নোহাৱা হল, মই স্কুল এৰি দিলোঁ। মোৰ সৰুকাল ডোখৰ এইদৰে গল। দুষ্ট-মইৰ কথা ধৰি ধিতিঙালি কৰি ফুৰোঁতে মোৰ পঢ়া-শুনা একো নহল। ভাগ্যে পিতাদেৱে ধন-কড়ি দোপোণ এৰি থৈ গৈছিল, তাৰে আলমত কথমপি ভাত গালৰ নাটনিত নপৰিলোঁ। এই গল সৰু-কালিৰ সামান্য কথা। দুষ্ট-মইৰ উদ্ভণ্ডালি এইমানতে শেষ হোৱাহেঁতেন অনুশোচ কৰিবলৈ বৰ কথা নাথাকিলহেঁতেন। কিন্তু সি ইয়াকে কৰিয়েই এৰা নাই। তাৰ উপদ্ৰৱৰ কথা শুনিলে মৰাৰ গাতো খং উঠে। আৰু এটা উপদ্ৰৱৰ কথা কওঁচোন শুনা।—

 বলৱন্ত বৰ মোৰ বংশৰ মানুহ, সম্বন্ধত ককাই হয়। তেওঁ মোৰ পৰম বন্ধু আছিল। তেওঁৰে সৈতে সদায় একেলগে ফুৰোঁ-চাকোঁ, একেলগে উঠোঁ-বহোঁ। দাঁতত ভাত এটি লাগিলেও তেওঁ মোক কয়, ময়ো তেওঁক কওঁ। দুয়োৰো ভিতৰত ইমান মিলাপ্ৰীতি। দুয়োৰে ঘৰো ওচৰা-ওচৰি, মাথোন জেওৰাখনৰ ইফালসিফাল। বলৱন্ত ককাইৰ ধৰ্ম্মত