বৰ মতি আছিল। তেওঁ এবাৰ তীৰ্থ কৰিবলৈ ওলাল। তেওঁৰ ঘৰত কেৱল ঘৈনীয়েক জনী আৰু সৰু সৰু লৰা-ছোৱালী দুটি। তেওঁৰ হাতত পিতাকৰ দিনৰ সাঁচতীয়া ৰূপ পাঁচ শ আছিল। তীৰ্থলৈ যাওঁতে কোনবাই কেনেবাকৈ নিয়ে বুলি সেই ৰূপখিনি তেওঁ মোৰ হাতত থৈ দিলে। এই কথা তেওঁ, মই আৰু তেওঁৰ ঘৈনীয়েকে মাথোন জানিছিল, ওচৰ-চুবুৰীয়া আৰু কেওঁ নাজানিছিল। ককাই তীৰ্থলৈ গল, কিন্তু দুৰ্ভাগ্যৰ গুণত উলটি আহিবলৈ নাপালে, বাটতে কাশীত তেওঁৰ মৃত্যু হল। লগত যোৱা মানুহটো উলটি আহি এই খবৰ ঘৰত জনালে। তেতিয়া ঘৰত কন্দা-কটা লাগিল। দুদিনমানৰ পাচত ঘৈনীয়েকে কন্দা কটা এৰি শৰাধৰ উপায় বিচাৰিবলৈ ধৰিলে, আৰু মোৰ হাতত খোৱা ৰূপ পাঁচ শ খুজিলে। মই সেই পাঁচ শ শৰাধত খৰচ কৰিবলৈ হাক দিলোঁ, আৰু তেওঁৰ হাতে-কোঁচে যি আছে তাকে খৰচ কৰি কোনোমতে অনুষ্টপীয়াৰূপে মুখৰ ছাই ফেৰা গুচাবলৈ দিহা দিলোঁ। মোৰ হাতত থকা ৰূপ আনত লগাই তাৰ যি অলপ-অচৰপ বাঢ়ি ওলায়, তাৰে ভবিষ্যতে আমা-ডিমা লৰা-ছোৱালী দুটি ডাঙৰ দীঘল কৰিব পাৰিব। এই উপদেশ দিয়াত বৌৱে আৰু মোক ৰূপ নুখুজিলে। বলৱন্ত ককাইৰ শৰাধ গল। লৰাটিয়ে সেই সময়ত স্কুলত দিবৰ বয়স পাইছিল। স্কুলত তাৰ নাম লিখাবলৈ আৰু ৰাধৰ গাখীৰৰ বাকী বেচ দিবলৈ ধন লগা হোৱাত, বৌৱে মোক দুকুৰি
পৃষ্ঠা:চিন্তা-কলি.djvu/৯১
অৱয়ব