পৃষ্ঠা:চিন্তা-কলি.djvu/৯২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
চিন্তা-কলি।

ৰূপ খুজিলে, মই দিম বুলিও কৈছিলোঁ। পাচত আহি দুষ্ট-মই মোৰ লগ লাগিল। সি বুদ্ধি দিলে, বোলে ৰূপবোৰ কিয় দিব লাগিছে? নিদিলে তাই কি কৰিব? ৰূপ থোৱা কোনে দেখিছে? তাই কলেই হব নে? এই কথাত মোৰ মন ঘূৰিল। এদিন আকৌ যেতিয়া বৌ ৰূপ খুজিবলৈ আহিল, মই খং কৰি জোকোৰা মাৰি কলোঁ বোলোঁ তুমি কি ৰূপ ৰূপ কৰি থাকা? তোমাৰ ৰূপ মই কেতিয়া আনিছোঁ? মোক ৰূপ দিয়া কোনে দেখিছে? আৰু ভবিষ্যতলৈ এইদৰে মিছাই ৰূপ সাধি নাথাকিবা। মোৰ এই কথা শুনি বাঁৰী বৌৰ মাত হেৰাল। মোক কেইবা দিনো তেওঁ বহুত কাবো কোকালি কৰি ৰূপ খুজিলে, মই আছোক ৰূপ দিম ছাৰি তেওঁক ডবিয়াই খেদি দিলোঁ। সেই দিনাৰপৰা তেওঁ মোক দেখিব নোৱৰা হল, আৰু ওচৰ-চুবুৰীয়া সকলোৰে আগত গিৰিয়েকে বিশ্বাসত থৈ যোৱা ৰূপ মই নিদিলোঁ বুলি কৈ ফুৰিবলৈ ধৰিলে, আৰু সদায় লৰা-ছোৱালীৰ মূৰে গালি শপনি পাৰিবলৈ ধৰিলে। মই বহুত দিন এইবোৰ সহি আছিলোঁ। পাছে এদিন দুষ্ট ময়ে মোক কলে, বোলে তাইক তই দুটা চৰ লগাই নিদিয় কিয়? চৰ খালেই আৰু গালি পাৰিবলৈ এৰিব নহয়। মই বুধিটো বৰ ভাল পালোঁ। বৌৰ ফালে মাতোঁতা কেওঁ নাই। মই গাৱঁত অলপ লখ-জীৱিকা থকা মানুহ, গতিকে গাৱঁৰ মানুহে মোলৈ পেটে পেটে অলপ ভয় ৰাখে; এই কথা