চিন্তা-কলি/জীৱনৰ শান্তি পৰ্ব্ব

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

জীৱনৰ শান্তি পৰ্ব্ব

[ ৯৫ ]
 
জীৱনৰ শান্তি পৰ্ব্ব।
 

সিপাৰলৈ যাওঁ বুলি নাও মেলিলোঁ। পাৰ এৰিলতে বতাহৰ আগ পেলালে। ভাবিছিলোঁ ই কুৰুৱা বতাহ, নাবাঢ়ে, আৰু বাঢ়িলেও, নৌবাঢ়িবলৈ পাওঁতেই সিপাৰ চাপিম গৈ। নৈ বৰ বহল, ইপাৰৰপৰা সিপাৰলৈ মনিব নোৱাৰি। বতাহ অনুক্ৰমে ডাঙ্গৰ হবলৈ ধৰিলে। নৈৰ পানীৰো নাচন উঠিল। জয়জয়তে সৰু ফুটীয়া ঢৌ উঠি নাৱেৰে সৈতে ধেমালি পাতিলে। পিচত বতাহৰ বেগ টান হল, নাৱৰপৰাই মানুহ উৰুৱাব খোজে। নৈও একেবাৰে উদ্‌বাউল হৈ পৰিল। সৰু ফুটীয়া ঢৌৰ কলেৱৰ ডাঙৰ হল, আৰু একোটা টিলা পৰ্বতৰ মূৰ্ত্তি ধৰি সোহাই খেদি আহিবলৈ ধৰিলে। নাৱে শেহত থৰ-কাছুটি এৰিলে, এবাৰ আকাশলৈ উঠে, এবাৰ পাতাললৈ যায় আৰু এবাৰ ঢৌৰ টিঙ্গত উঠি নৈৰ ৰেহৰূপ চায়। বতাহৰ গোঁজৰণি, নৈৰ খলকনি, আৰু নাৱৰ নাচনে এটা প্ৰলয় মিলাই দিলে। মই তেতিয়া কি কৰিছিলোঁ মনত নপৰে, কেৱল মনত পৰে নাওখন আৰু নৈখন। নৈখন যেন এখন জুই লগা হাবিয়নি, আৰু নাওখন যেন ফেঁচু চৰাই হে। হাবিয়নিত জুই লাগিলে ফেঁচুৰ ৰঙ্গৰ সীমা নাই। সি বলিয়া হৈ পৰে, আৰু জুইৰ [ ৯৬ ] ওপৰে ওপৰে নাচি ফুৰে। আমাৰ নাওখনো যেন ঢৌৰ ওপৰে ওপৰে নাচিহে ফুৰিছে। এইদৰে কিমান পৰ আছিল কব নোৱাৰোঁ। তেতিয়া এযুগ যেন লাগিছিল। কিবা কাৰণত বতাহে শাম কাটিলে। কিন্তু নৈৰ খলকনি আৰু নাৱৰ ঢোলোকনি ভালেমান পৰলৈকে আছিল। অৱশেষত ঢৌও সৰু হল, নাৱো থিৰ হল, আৰু আমিও শান্তি পালোঁ।

 মোৰ জীৱটোও এইদৰে ঢৌত পৰিছিল। নৈৰ ঢৌ সামান্য? মোৰ জীৱটো যি ঢৌত পৰিছিল, তাৰ লগত ৰিজালে সেই ঢৌ লেখত ধৰিবলগীয়া নহয়। লোভ-মোহকে আদি কৰি ছটা পিশাচে মোক জীৱনৰ আদিতে লগ ধৰিলে, লগ ধৰি যিটো প্ৰলয় ধুমুহা তুলি দিলে, মন-সাগৰত একেবাৰে তোলপাৰ লাগি গল। একো একো ঢৌ হিমালয় সদৃশ; তাৰ গৰ্জ্জন, তাৰ আস্ফালন দেখি জীৱ ভয়ত বিতত হৈ পৰিল। ঢৌৰ কোবত সি এবাৰ হামখুৰি খাই পৰে, এবাৰ চিত হৈ পৰে, এবাৰ সিমূৰলৈ বাগৰি যায়, এবাৰ ইমূৰলৈ বাগৰি আহে। এইদৰে নিকৰুণ পিশাচ কেইটাই মোৰ নিমাখিত, নিছলা জীৱটোক জুলুকি জুলুকিকৈ শিকালে। মই যদি মানুহৰ পোৱালি হওঁ, ই শিকনি মই কেতিয়াও নাপাহৰোঁ। সিহঁতৰ কিল টাঙ্গন, সিহঁতৰ চৰ খকৰা-মুকুটি পাহৰিব লগীয়া বস্তু নহয়। সিহঁতে মোক কি নকৰিলে। সিহঁতৰ চমটাৰ কোব, সিহঁতৰ বা-বাঁহৰ চেপা, ইপুৰিৰ কথাকে নকওঁ, সিপুৰিত যে পাহৰিম, এনে কথাও হব [ ৯৭ ] নোৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায় ঢৌৰ ধুপালনি, মুকলি বকৰাণিৰ গছৰ নিচিনা ধুমুহাৰ মোহাৰণি খাওঁতে খাওঁতে মোৰ জীৱ লালকাল দিলে। জীৱ যায় যেন পাইছিলোঁ, কিন্তু এনে জীৱ যে সি সেইবোৰ সহিও জীয়াই আছে। এনেকুৱা ধুমুহাত পৰি কক্-বকাই ফুৰাতকৈ ডিঙ্গা বুৰি সাগৰত পৰাও ভাল। সাগৰৰ ঢৌৱে হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তোমাক পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়। ই জীউ নামাৰে, পাৰতো লগাই নিদিয়ে, কেৱল অৰপৰা কোবাই তলৈ নিয়ে, আৰু তৰপৰা কোবাই অলৈ আনে। উপজি পৰিবৰপৰ খং খিয়াল, কপট কূৰ্চ্চুট আদি নিদাৰুণ প্ৰবৃত্তিবোৰে মনত যে কিমান আসোঁৱাহ আহুকাল, অসুখ অশান্তি লগাই আছিল তাৰ লেখ দিবলৈ টান। একোবাৰ ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপজনত মোৰ হাত নাই। কিয় উপজিলোঁ কব নোৱাৰোঁ। উপজিলোঁতোঁ উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেনো ইমানখিনি অনুশোচৰ হেতু নাথাকিলহেঁতেন; মোৰ লগতে আকৌ উপজিল সেই পিশাচ ছটা। সিহঁত মোৰ লগতে ডাঙ্গৰ দীঘল হল। সিহঁতে মোতে শিকিলে, মোতে বিকিলে, মোৰে খায়, মোৰেই অৰি হয়। লৰাকালত সিহঁতে মোৰ ওপৰত যিমান উদ্বহতি কৰিলে সেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল। [ ৯৮ ] মই সৰুৱে থকাত সিহঁতো সৰু আছিল, তেতিয়া সিহঁতৰ বিহদাঁত গজা নাছিল। খং আছিল খন্তেকীয়া, হিংসা মাথোন দুদিনীয়া, কূৰ্চ্চূট কপটৰ চকুৱেই ফুকুৱা নাছিল। তেতিয়াও সিহঁতে অশান্তি কৰিছিল, কিন্তু সেই অশান্তি চেলাপেটী জোকৰ নিচিনা লেপেট খাই ধৰা বিধৰ নাছিল। তেতিয়া সিহঁত অনুৰূপীয়া বৈৰী, ডাঙ্গৰাহোনি কৰিব নোৱাৰিছিল। সিহঁতৰ শাস্তিৰ ভিতৰত চিকোট বাঁকোহেই সাৰ আছিল। মই ভাবিছিলোঁ মই ডেকা বয়সত সোমালে, সিহঁতৰ উদ্বহতি অত্যাচাৰ কমি যাব। কিন্তু সেইটো মোৰ ভুল। মোৰ লগতে সিহঁতো ডেকা হৈ উঠিল, আৰু গাত দুগুণ বল বান্ধিলে। তেতিয়াহে সিহঁতৰ উদ্ভণ্ডালি বেছি হল। আগেয়ে সিহঁত নিশাটো শাত হৈ আছিল, এতিয়া দিন নিশাৰ ছেদ-ভেদ গুচিল। নিশা মোৰ টোপনি আহে, সিহঁতৰ নাহে, মোক শাস্তি দিবলৈ সিহঁত গোটেইটো ৰাতি সাৰে থাকে। সমাজিকতনো সিহঁতে মোক কোনটো শাস্তি দিবলৈ বাকী এৰিছে। একো দিন উচাপ্, খাই সাৰ পাওঁ, যেন মোক বাঘে কি সাপেহে খাবলৈ ধৰিছিল, যেন মই ভয়তে অথিৰ হৈ পৰিছিলোঁ। চোৱাচোন, এনেবোৰ ফাং পাতি মোৰ জীৱটোক অকাৰণে ইমান দুখ দিব পায় নে? ৰাজৰ বৈৰী ভাল, সিহঁতৰ হাতৰপৰা লৰ মাৰি সাৰিব পাৰি। ইহঁত ঘৰ-ওপজা বৈৰী, ইহঁতৰ হাতৰপৰা সাৰণ নাই। ইহঁত অজামিল। কেতবিলাক জীৱ আছে, সিহঁতে ইহঁতক [ ৯৯ ] ভয় নকৰে, ইহঁতৰ লগত সুন্দৰ হৰিল-গৰিল মিতিৰালি কৰি সুখে সুকলমে দিন নিয়ায়। সেই জীৱবোৰে ইহঁতৰ কিলক কিল বা চৰক চৰ নোবোলে সিহঁতৰ মানত সেইবোৰ কেৱল মৰমৰ চোকা চুমা। কোনো কোনো বলীয়াৰে বন্দীশাল ভাল পায়, তাৰপৰা উলিয়াই দিলে ওলাই যাবলৈ মান্তি নহয়। এই শ্ৰেণীৰ জীৱবিলাক সেই বন্দীয়াৰবিলাকৰ নিচিনা নে কি? আন জীৱবিলাক যেনেই বা নহওক, মোৰ জীৱটো তেনেকুৱা নহয়, তেনেকুৱা হলে ভাল পালোঁহেঁতেন। মোৰ পক্ষে কিলবোৰ কিল, চুমা নহয়। সেই কিলত মোৰ হাড় জুনজুনীয়া হল।

 লোভ-মোহৰেই বা দোষ কি? সিহঁতৰ কথামতে চলিলেতো সিহঁতে হোঁ কটাও নোবোলে। সিহঁতৰ মতে চলিব নোৱাৰোঁ কিয়? সেইটো কাৰ দোষ? মোৰ নে আন কাৰবাৰ? মই কওঁ, মোৰ নহয়, আন এজনৰ, লুকাই থকা এজনৰ দোষ। মই সিহঁতৰ পাচ ধৰিলে লুকাই থকা জনে হাক দিয়ে আৰু কয় হেনো মোক সিহঁতে ভুৰুকিয়াই খালত পেলাবৰ দিহা কৰিছে। এনে কথা শুনিলে ভয় লাগে, ভয় লাগিলে নাযাওঁ, নগলেই কিল-আসোঁৱাহ অশান্তি। কেতিয়াবা লুকাই থকা জনৰ হাকলৈ আওকাণ কৰি যাওঁ, তেতিয়া কিন্তু কথা আৰু টান হয়। লোভ-মোহ শাস্তি সহিব পাৰি, কিন্তু লুকাই থকা জনৰ শাস্তি সহিবলৈ টান। তাৰ শাস্তি জুই। কেনে জুই? যি জুয়ে কেৱল পোৰে, [ ১০০ ] ছাই নকৰে— অনন্ত চট্‌ফটনি, অনন্ত ধৰফৰণি। এবাৰ গমি চোৱাঁ কি বিষম সমস্যা। কোন ফালে যাম? লোভৰ বাটে গলে লুকাই থকা জনৰ জগৰ আৰু তাৰ বাটে গলে লোভৰ জগৰ লাগে। মই মাজত পৰি মৰিলোঁ। এনে দোধোৰ- মোৰত মোক কোনে পেলাই দিছিল? এই অৱস্থাৰ অন্ত আছে বুলি ভবা নাছিলোঁ। কিন্তু-অমৃত বাতৰি-ইয়াৰ অন্ত আছে, এতিয়া শুৱনি পাৰে দেখা দিছে। লুকাই থকা জনৰ খিতাপ কিবা কাৰণত ডাঙৰ হল। লোভ-মোহ তাৰ আগত জঁই পৰিবলৈ ধৰিছে। সিহঁতৰ সেই উদ্বহতি, সেই উদ্ভণ্ডালি নাই। অশান্তিৰ সাগৰত শান্তিময় মাজুলীয়ে দেখা দিছে। আগে লুকাই থকা জনৰ খিতাপ নাজানিছিলোঁ। তেওঁ চক্ৰবৰ্ত্তী ৰজা। আদিৰপৰা সেই ৰজাত শৰণ ললে, মই ইমানখিনি দুখ ভুঞ্জিব নালাগিলহেঁতেন। হে শান্তিৰ সঁফুৰা, ইমান দিন কিয় চিনাকি নিদিছিলা? লোভ বা মোহ পিশাচৰ কথা ধৰি অকথাত চলিলে শাস্তি দিছিলা, তেতিয়া তুমি আছা বুলি জানিছিলোঁ, কিন্তু তুমি যে সিহঁতৰ উপৰুৱাল গৰাকী, ই কথা নাজানিছিলোঁ, এতিয়া জানিছোঁ, এতিয়া বুজিছোঁ। তোমাৰ আশ্ৰয়ত থাকিলে সেই পিশাচহঁতৰ আমনি আহুকালে মোক ছুব নোৱাৰিলেহেঁতেন। এইটো মোৰ জীৱনৰ শান্তি-পৰ্ব্ব। এতিয়া জীৱনত ঢৌ ধুমুহা নাই। কি সুখৰ কাল। কতা? সেই অনন্ত আসোঁৱাহ কতা? সেই অনন্ত অসন্তোষ কতা? এতিয়া মনৰ সেই টলবলনি [ ১০১ ] নাই, থিৰ, সেই উতনুৱালি নাই, গম্ভীৰ, সেই কত-পাম কত-পাম আকাঙ্ক্ষা নাই, নিস্পৃহ। হয়ো-ভাল নহয়ো-ভাল, এনে ভাব, এনে মতি কৰপৰা উপজিল? আগে নাছিল কিয়? দীঘল জীৱনটো মোৰ কিয় অসুখ আহুকালত গল? সুখ বিচাৰি ফুৰোঁতে কেৱল অসুখ হে পাইছিলোঁ। এতিয়া বিচাৰিবলৈ এৰি দিলত সুখ আহি আপুনি দেখা দিলে। আচৰিত বিধান।

 ভাটীবয়স প্ৰিয় বস্তু নহয়। কিয়নো বহুতে ইয়াৰ নামকে শুনিব নোৱাৰে। ই হেনো বেয়া, আহুকালৰ উহ, জীয়াতুৰ চাকনৈয়া। হওক, মোক তাকেহে লাগে। উত্ৰাৱল, উদণ্ড, আপদীয়া ডেকা কালতকৈ মোৰ মানত জুৰ, থিৰ, গম্ভীৰ বুঢ়াকাল এশ গুণে ভাল। এতিয়া কাল কেইটা ৰিজাই চাবলৈ শক্তি হৈছে, আৰু ৰিজাই দেখোঁ যে, লৰাকালটো এটা দীঘল সমাজিক, ডেকাকালটো ভুৱা, কেৱল বুঢ়াকালটোৱেইহে বখানিব লগীয়া কাল। ইয়াত একোৰে উগ্ৰতা নাই। উগ্ৰতা একোৰে ভাল নহয়। উগ্ৰ তিতা আৰু উগ্ৰ মিঠা দুয়ো বিহ। ভাটীবয়স জীৱৰ জিৰণি কাল। জীৱনৰ মহাযুঁজৰ পাচত জীৱই এতিয়া জিৰণি পায়, আৰু আগে কৰা কামৰ লেখ-জোখ লবলৈ, আৰু ভাল বেয়া গমি চাবলৈ আজৰি পায়। ওপজোঁতেই যদি বুঢ়া হৈ উপজিলোঁহেঁতেন, তেনেহলে এতেখিনি যাতনা নাপালোঁহেঁতেন। এতিয়াও গৰাকীত খাটোঁ যেন আগলৈ বুঢ়া কৰি [ ১০২ ] হে জনম দিয়ে, যেন উপজিয়েই গৰাকীক চিনি পাওঁ, যেন লোভ-মোহ পিশাচবোৰে মোক চৰাই লখিয়াই লৈ ফুৰাব নোৱাৰে, যেন ডাঙ্গৰ গৰাকীৰ হাক বচন নুশুনাৰ বাবে তুঁহ জুইৰ পোৰণি সহিব নালাগে। কিন্তু তেনেটো হব পাৰে নে? উপজি বুঢ়া হোৱা সাঁথৰত শুনিছোঁ, আচলত নাই। আচল গৰাকী আদিতে লুকাই থাকিবই থাকিব, কিলাই সেও কৰিবলৈ তোমাক লোভ-মোহৰ হাতত পেলাই দিবই দিব। কিলত যেতিয়া তুমি লালকাল দিবা তেতিয়া ওলাই দেখা দিয়ে। ই কেনেকুৱা বিচাৰ কবই নোৱাৰোঁ। তাহানি লৰাকালত ক-খ পঢ়া অৱস্থাত ওজাদেৱে মাৰিছিল। প্ৰথম দিনা মাৰোঁতে ভাবিছিলোঁ, এওঁ মোক মাৰিছে হে, মই আজি আইৰ আগত কৈ দিম, আয়ে এওঁক এশিকনি দিব। ককাইটিয়ে বা ভাইটিয়ে মাৰিলে মই আইত গোচৰ দিছিলোঁ, আৰু আয়ে অমুকক কিয় মাৰিছিলি বুলি সিহঁতক মাৰিছিল। আইৰ মাৰ খাই সিহঁতে মোক নমৰা হৈছিল। ওজাদেৱে মৰাতো আয়ে ওজাদেওক মাৰি দিব বুলি ভাবিছিলোঁ, আৰু সেই বিশ্বাসতে আইত গোচৰ দিছিলোঁ। কিন্তু আয়ে আছোক ওজাদেওক মাৰক ছাৰি মোকে হে চকু পোন্দাই ধৰিছিল। মোক মৰা বাবে আকৌ তেখেতে ওজাদেওৰ শলাগ হে লৈছিল। মোলৈ আইৰ এনে নিকৰুণ আচৰণ আগে দেখা নাছিলোঁ। মই ভাবিছিলোঁ, ওজাদেও গেৰা মহটো যেন শকত, আয়ে ভয় কৰে, এই বাৰ দেউতাক কৈ দিম। কলোঁও [ ১০৩ ] কিন্তু আইতকৈ দেউতাৰ খং চাৰ হল। মই কথাটো কবলৈ হে পালোঁ, তেখেতে মোক আগৰপৰা ডবিয়াই খেদি দিলে। এইদৰে সিবিলাক কোনো জনৰ ওচৰত মুখ নাপাই সেই দিনাৰেপৰা ওজাদেওৰ মাৰ কিল সহি থাকিবলৈ ধৰিলোঁ। লুকাই থকা জনৰো স্বভাৱটো মোৰ মানত তেনে যেন লাগিল। তেওঁ লোভ-মোহবিলাকক হাতত এছাৰি দি মোৰ ওপৰত ওজাদেও মেলি দিছিল হবলা। সিহঁতে কিলাই মোক তাও কৰিলেও তেওঁ ৰাম হৰি একো নামাতিছিল, গোচৰ দিলেও কাণ নকৰিছিল। লৰা হৈ নুপজিলে এনেবিলাক নিমৰমিয়াল ওজাদেওৰ হাতত পৰিব নালাগিল- হেঁতেন। হে আচল জনা এই শান্তি-পৰ্ব্বৰ যেন ওৰ নপৰে, মোৰ জীৱনৰ ওৰেই যেন ইয়াৰ ওৰ হয়, আকৌ যেন লোভ- মোহৰ ঢৌ ধুমুহাত পৰিব নালাগে। এই চুটি জীৱনত দীঘল যাতনা যুগুত নহয়।