সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
চিন্তা-কলি

কথা কিমান কম, কুলায়-পাচিয়ে নধৰে, কওঁতাৰ মুখ বিষায়, শুনোতাৰ কাণ বিষয়। তেও এটা উদ্ভণ্ডালিৰ কথা কওঁচোন শুনা।

 মই তাহানি সৰুতে স্কুলত পঢ়িছিলোঁ। মই বৰ ভাল লৰা আছিলোঁ, মাষ্টৰে যি পাঠ দিয়ে মই তাক ভালকৈ শিকি আওৰাই যাওঁ, আৰু স্কুলত ভালকৈ পাঠ দিওঁ গৈ। এই কথা দুষ্ট-ময়ে সহিব নোৱাৰিলে, তাৰ চকু পুৰিবলৈ ধৰিলে। সি লাহে লাহে মোৰ পাচ লাগিল, আৰু পুৱা গধূলি পঢ়িবৰ সময়ত কাণৰ ওচৰত কিবাকিবি ফুচফুচাবলৈ ধৰিলে। মই পোন-প্ৰথমে তাৰ কথালৈ বৰ কাণ দিয়া নাছিলোঁ। কিন্তু দুষ্ট-ময়ে কথা এনে গঢ় লগাই কব জানে যে, কিছুমান দিনৰ পাচত মই তাক আপোন বুলি সাৱটি ললোঁ, আৰু মাজে মাজে তাৰ কথা মতে চলিবলৈ ধৰিলোঁ। সি কৰে কি;— মই পুৱা কিতাপ আগত লৈ পঢ়িবলৈ ধৰিলে, সি আহি মোৰ ওচৰত বহে, আৰু মোক কয়, “হেৰ তই কিহলৈ পঢ়ি মৰিছ, তোক কিহে পাইছে? সৌৱা মীনাৰামে বৰশী বাইছে চা, সি কেইবাটাও বৰ বৰ পাভ মাছ ধৰিছে, বল আমিও বৰশী বাওঁ গৈ, বৰশীত মাছ বৰকৈ উঠিছে।” এই কথা শুনি মই কিতাপ জপাই থৈ বৰশীৰ চিপটো হাতত লৈ নৈ পালোঁ। গৈ। সেই দিনা সেই গোটেইটো পুৱা বৰশী বাই কটালোঁ, পঢ়া আৰু নহল। গধূলিও যেই পঢ়িবলৈ বহিলোঁ, দুষ্ট-মই আহি লগ লাগিল, আৰু সি “বল অ, বাজত কেনে জোনাক