সমললৈ যাওক

পৃষ্ঠা:চিন্তা-কলি.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
চিন্তা-কলি

মই জানো। এদিন বৌৱে যেতিয়া আকৌ গালি পাৰিবলৈ ধৰিলে, মই হাতত সৌকাৰ টোকোনডাল লৈ তেওঁৰ চোতাললৈ খেদি গলোঁ। মোৰ মূৰ্ত্তি দেখি চোতালত ধেমালি কৰি থকা লৰা-ছোৱালীহালে ভয়তে চিঞৰিবলৈ ধৰিলে; বৌ লৰ মাৰি ঘৰ সোমাল। ঘৰ সোমাই ক’ত সাৰে, মই ঘৰৰ ভিতৰলৈ গৈ, তেওঁক খাটৰ তলত লগ পাই, চুলিত ধৰি উলিয়াই আনিলোঁ, আৰু চোতালত আনি সেই টোকোনেৰে মূৰতে এটা মাৰ শোধালোঁ। মাৰ খাই বৌ বাগৰি পৰিল, মূৰ ফাটি তেজৰ তুমৰলি ববলৈ ধৰিলে, লৰা-ছোৱালীহালে মাকৰ গাত পৰি হায়ৌ-বিয়ৌ কৰি কান্দিবলৈ ধৰিলে, চুবুৰিৰ মানুহ এটাইবিলাক বৌৰ চোতাল পালেহি। তেতিয়া মোৰ মনত ভয় লাগিল, টোকোন হাতৰপৰা সৰি পৰিল। থিয় হৈ থাকিবলৈ মোৰ শক্তি নাইকিয়া হল। দুষ্ট-মই তেতিয়া কলৈ গল কব নোৱাৰিলোঁ। এই ঘটনাৰ কথা কোনবাই থানাত জনালে হবলা, দুটা কনিষ্টবল আৰু এজন দাৰোগা আহি পালেহি। সিহঁতে মোক হাত কৰিয়া মাৰি বন্ধ কৰিলে, আৰু বৌক দোলাত তুলি ডাক্তৰখানালৈ পঠিয়াই দিলে। বৌ নমৰিল, এমাহ মানৰ পাচত ভাল হল, মূৰ জোৰা লাগিল। মোৰ ওপৰত ইফালে ফৌজদাৰী গোচৰ হল। তেতিয়া দুষ্ট মই আকৌ ওলালহি, আৰু গোচৰ চলি থাকোঁতে সকলো দিহা ভাৰসা সিয়েই দিছিল। তাৰ কথা মতে হাকিমৰ আগত মই বৌক মৰা নাই বুলি কলোঁ,