কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/ভাইতি

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৬৮ ]

ভাইতি।
⸺>><<⸺

⸻He was born in the the spring,
And died before harvesting
On the last summer day
He left us, he would not stay
For autumn twilight cold and grey.
Sit we by his grave, and simg
He is gone away."
   ⸻⸻Christina G. Rosstti.

সংসাৰৰ এচুকে দি,
ফুলনী শুৱনী কৰি,
একেটী ঠাৰিতে আমি ফুলিছিলো ভাই।
বিষাদৰ চোকা ৰ’দ।
তুচ্ছ ভাব কৰিছিলো,
কালৰ ধুমুহা বায়ু দিছিলো উৰাই॥
আউশীৰ এন্ধাৰকো
এন্ধাৰ নাভাবিছিলো,
পূহৰ জাৰকো ভাই। নাই ভবা জাৰ!
নিতে তৰাৱতী নিশা!
আকাশত শোভিছিল,
আছিল নিতউ যেন বসন্ত আমাৰ!!
প্ৰকৃতি কোলাত শুই
তিনোটীয়ে হাঁহিছিলো


  • মৃত্যু সময় ডিচেম্বৰ ১৯০৬।
[ ২৬৯ ]

তিনোৱে তিনোক চাই উলাহ মগন।
দেখিব নোৱাৰি কিন্তু
দুৰন্ত কৃতান্তে তাকে,
অকালত এটী ফুল কৰিলে হৰণ!!
তিনটী আছিলো ভাই
কৰিলে কৃতান্তে দুটি
নিৰ্দ্দয় কৃতান্ত!—তাৰ দয়া মায়া নাই!
আধা ফুল ঢোপাকলি
ফুলতে চিঙ্গিলে আজি,
নিদিলে ফুলিব ফুল ফুলনী শুৱাই!!
নুমলীয়া ভাই তুমি,
লাহৰি সোনাই কনি!
সুৰেশ! আমাৰ তুমি দৰিদ্ৰৰ ধন!
কৃতান্ত দস্যুৱে পাই
দৰিদ্ৰক কন্দুৱাই
বলেৰে তোমাক আজি কৰিলে হৰণ।
শিলেৰে বন্ধোৱা জানো
কৃতান্তৰ মন প্ৰাণ
মানৱৰ কান্দোনত নাকান্দে অন্তৰ?
নজনমে দয়া জানো
তাৰ হৃদয়ত হায়!
ঘূৰাই নিদিয়ে পুনু ধন দৰিদ্ৰৰ?
কিন্তু ভাই! যদি
বিষময় সংসাৰত

[ ২৭০ ]

বিষম কেলেশ পাই
দুৰন্ত ৰোগৰ হাত এৰাই সোনাই!
বিচাৰি অনন্ত শান্তি,
পাহৰি মৰ্ত্ত্য়ৰ মায়া,
প্ৰভূৰ পাৱত গই ল'লা তুমি ঠাই!!
⸻যোৱাঁ তুমি যোৱাঁ তেনে,
থাকাঁ তুমি স্বৰগত,
ৰাণী কমলাৰে স’তে বিৰাজিছে য’ত
দয়াৰ সাগৰ প্ৰভু
পতিত পাবন হৰি,
থাকাঁ, ভাই! চিৰসুখে থাকাঁ তুমি ত’ত॥
ভাগ্যৱন্তু তুমি, ভাই!
পালা সি সুখৰ ঠাই,
নাই তাত ৰোগ শোক বিষাদৰ ছঁয়া,
চিৰসুখ চিৰশান্তি
নিতউ বিৰাজে তাত,
নাই তাত কন্দা-কটা, সংসাৰৰ মায়া॥
সংসাৰীৰ ঘোৰ জ্বালা
নাই তাত নাই, ভাই!
কৃতান্তে নহৰে তাত লাহৰী প্ৰাণৰ;
পুত্ৰ হেৰুৱাই তাত
নাকান্দে মাকৰ প্ৰাণ,
নাঢাকুৰে হিয়া তাত, নদহে অন্তৰ॥
যোৱাঁ, ভাই! যোৱাঁ তুমি

[ ২৭১ ]

থাকাঁ মহা সুখে তাত,
তোমাৰ কাৰণে আৰু নাকান্দো বিনাই
নহয় মাথোন তুমি
গইছা অকলে তাত,
আমিও এদিন যাম, প্ৰাণৰ সোনাই!
মৰ জগতত, ভাই!
নহয় অমৰ কোনো,
এই জগতৰ কোনো নাথাকে সদাই
যি ৰূপে গইছা তুমি
আমিও এদিন যাম,
দুদিন আগে মাথোঁ গইছা, সোনাই!
—ভাগ্যৱন্ত তুমি, সোন!
শীঘ্ৰে এৰি দুখৰ সংসাৰ
পালা তুমি যাবলই!
শান্তি ভৰা স্বৰগত,
দুৰ্ভগীয়া আমি কিন্তু থাকিলো ইয়াত!
সংসাৰীৰ ঘোৰ জ্বালা
নিতে জ্বলে পৰাণত
সন্তাপ শোকৰ জুই জ্বলিছে হিয়াত!
সি কাৰণে কওঁ পুনু
নহয় নহয়, সোন!
নাকান্দো নাকান্দো আৰু,
নাকান্দো নাকান্দো ভাই! তোমাৰ শোকত,
একে থিৰে তধা লাগি

[ ২৭২ ]

সেই দিন বাট চাম,
যি দিনা লাগিব সন্ধ্যা এই জীৱনত
জীৱনত সন্ধ্যা লাগি
বেলিটীও মাৰ যাব,
আমিও তিয়াগি দেহ, যাম সি থানত।
অতি চেনেহৰে সতে
তোমাক সাবটি ধৰি
মৰমৰ খাম চুমা লাহৰী গালত।
সংসাৰত যেনে কই
আমি ভাল পাইছিলো,
শতোধিক পাম ভাল তাতো, সোনকনি।
মউ সনা মৃদু হাঁহি
নিতউ হাঁহিম আমি,
স্বৰ্গীয় ভাবত ভৰি হিয়া কেউ খনি।
কিন্তু ভাই! এটী কথা,
শুধিছো তোমাক আমি,
শোকত বিদৰে হিয়া, নোলায় মুখত।
পাইছানে দেখা তাত
প্ৰাণৰ ভনিটী কনি,
লাহৰী বিমলা, গই সেই স্বৰগত?
প্ৰাণৰ ভনিটী বুলি
খাইছানে তাতে চুমা?
তাতো কি কোলাত লই কৰিছা আদৰ?
বিমলায়ো নেকি তাত,

[ ২৭৩ ]

কাষত তোমাক পাই,
গাল ওপছাই দিছে চুমা মৰমৰ!
ৰঙ্গে সৰুকাই” বুলি
তাতো কি মাতিছে, সোন!
তাতো কি দুহাতে ধৰে সাবটি দিঙ্গিত?
সুৱলা লাৱণ্য হাঁহি
তাতো কি ভনিটী হাঁহে?
মউ সনা মাতে কৰে তাতো কি মোহিত?
তাতো কি “দাইতি” বুলি
সুৰেনে ধৰে তোমাক?
তাতো কি বোকোছা উঠে অতি হেপাহত?
শোধেনে তোমাক, সোন!
তাতো কি আমাৰ কথা?
কয়নে কি “দাইতাৰ” কথা সি দেশত?
আৰু⸻⸻    
সুখৰ দুখৰ কথা
শোধেনে কি ভনিটীয়ে
সংসাৰৰ ভাল পোৱা পৰেণে মনত!
স্বৰগত থাকি নেকি
স্বৰ্গীয় সুখত মজি,
পাহৰিলে সকলোটী দেহাৰ লগত?
নহয় নহয়, সোন!
ভাই ভনিতীৰ প্ৰেম
দেহা সতে সংসাৰত বিনাশ নহয়!

[ ২৭৪ ]

সংসাৰৰ ভাল পোৱা
আত্মাৰ লগত গঁথা
আত্মা সতে থাকে প্ৰেম, আত্মা প্ৰেমময়।
যোৱাঁ সোন! যোৱা তুমি,
ভাই ভনী দুয়োটীয়ে
থাকিবা অনন্ত কাল অনন্ত সুখত।
আলাই-আথানি মাথোঁ
নকৰিবা সুৰেনক,
তুলি ল’বা সোনটিক বুকুৰ মাজত!
চিৰ প্ৰেমে চিৰ সুখে
থাকাঁ, সোন! স্বৰগত,
তোমাৰ কাৰণে আমি নাকান্দো মনত।
এয়েই মাথোন দুখ
থাকিল আমাৰ, ভাই।
ভনিটী আছিল, হ’লো দুটী সংসাৰত।
সংসাৰ কৰ্ম্মৰ ক্ষেত্ৰ,
কৰ্ম্ম মাথোঁ মূল মন্ত্ৰ,
প্ৰাৰম্ভতে সি কৰ্ম্মৰ (লিখা কপালত!)
চিগিলে এখনি হাত,
অকালত বজ্ৰপাত!
নিসহায় দুটী ভাই ব্ৰহ্মাণ্ড-মাজত!!
হৃদয়ৰ যত আশা

[ ২৭৫ ]

হৃদয়তে পালে লয়
শতুৰুৰ হ’ল ৰঙ্গ আনন্দ মনত!
অন্তৰৰ হাবিয়াস
নহ’ল আমাৰ পূৰ!
এয়েই থাকিলে মাথোঁ দুখ অন্তৰৰ!!


কমতাপুৰ ধ্বংস কাব্য (page 275 crop)