পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
ভাইতি

থাকাঁ মহা সুখে তাত,
তোমাৰ কাৰণে আৰু নাকান্দো বিনাই
নহয় মাথোন তুমি
গইছা অকলে তাত,
আমিও এদিন যাম, প্ৰাণৰ সোনাই!
মৰ জগতত, ভাই!
নহয় অমৰ কোনো,
এই জগতৰ কোনো নাথাকে সদাই
যি ৰূপে গইছা তুমি
আমিও এদিন যাম,
দুদিন আগে মাথোঁ গইছা, সোনাই!
—ভাগ্যৱন্ত তুমি, সোন!
শীঘ্ৰে এৰি দুখৰ সংসাৰ
পালা তুমি যাবলই!
শান্তি ভৰা স্বৰগত,
দুৰ্ভগীয়া আমি কিন্তু থাকিলো ইয়াত!
সংসাৰীৰ ঘোৰ জ্বালা
নিতে জ্বলে পৰাণত
সন্তাপ শোকৰ জুই জ্বলিছে হিয়াত!
সি কাৰণে কওঁ পুনু
নহয় নহয়, সোন!
নাকান্দো নাকান্দো আৰু,
নাকান্দো নাকান্দো ভাই! তোমাৰ শোকত,
একে থিৰে তধা লাগি