কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/আইতা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৭৬ ]

আইতা।

“—But wherefore weep? Her-Spirit soars
Beyond where splendid shines the orb of day:
And weeping angels lead her to those bowers
Where endless pleasures virtue's deeds repay.
      ⸺Lord Byron.

ল’ৰা তিৰুতাৰে ভৰা; কিন্তু কিয় হয়
শূন্যভাব? লাগে ঘৰ কিয় শূন্যময়?
কিয় আজি এনে ভাব? কিয় ভাবান্তৰ?
কানে কিয় মন প্ৰাণ কিয়বা অন্তৰ?
যাৰ পৰা এই জন্ম (মানব জনম)
যাৰ যত্নে কৰ্ম্মী আজি ই কৰ্ম্ম-ক্ষেত্ৰত,
সেই মাতৃ জন্মদাত্ৰী (স্নেহ মুৰ্ত্তিমতী)
নৰ দেহা এৰি আজি যায় স্বৰগত॥
নোহে মানৱৰ দেহা, দেবৰ শৰীৰ!—
স্বৰগৰ জীৱ,হ’ল পুনু স্বৰ্গলাভ!
মায়া ত্যজি সংসাৰৰ চিৰ শান্তি পালে,—
তবু কিয় কান্দে প্ৰাণ? কিয় শূন্য ভাব?
কিয় কান্দ, হে নিৰ্ব্বোধ! হে অবোধ মন!
নৰভাগ্যে জন্ম মৃত্যু বিধিৰ লিখন॥
 —যোঁৱা যোঁৱা, আই!
 কি হ’ব বীনাই,

[ ২৭৭ ]

মিছাতে কিয় বা কান্দোঁ?
মাউৰা কৰিলা
দুয়োটী ভাইকে,
সি বুলি চকুলো টোকোঁ
গলা তুমি যোৱাঁ
যোৱাঁ স্বৰগত,
কি কৰি ৰাখিম, আই?
অমিয়া মধুৰ
“অইতা কথাটী
আৰু যে আমাৰ নাই
আৰু জনমত
নাপাওঁ তোমাক
মাতিব আইতা” বুলি!
সংসাৰৰ মায়া
এৰি গ’লা আই!
স্বৰ্গৰ মায়াত ভূলি
আৰু জগতত
নোবোলা আমাক
“বোপাই” সাদৰ কৰি!
স্বৰগৰ মোহে
মোহিলে তোমাক
চিঙ্গিলা স্নেহৰ জৰি!!
গ’লা গ’লা যোৱাঁ
যোৱাঁ তুমি আই!

[ ২৭৮ ]

কি ৰূপে ৰাখিম আমি?
তোমাৰ ধাউতি
স্বৰগৰ ফালে,
কি হ’ব মিছাতে কান্দি?
নাকান্দো নাকান্দো
তোমাৰ নিমিত্তে,
নপমে তোমাৰ মন;
আগৰ নিচিনা
এতিয়া নোহোৱা
বেলেগ এতিয়া মন।
মনুষ্যৰ দেহা!
নহয় এতিয়া
নাই সংসাৰত মায়া
পুত্ৰ পৰিয়াল
সকলো এৰিলা,
কায়াৰ লগতে মায়া
আঠোটী তুলিলা
চাৰিটি ৰাখিলা
সমানে কালক দিলা!
হিয়া ঢাকৰি
বহুত কান্দিলা,
এয়ে সংসাৰৰ লীলা

[ ২৭৯ ]

যোৱাঁ আই যোৱা
থাকা যেন তুমি
স্বৰ্গত অনন্ত কাল।
নোহে যেন আৰু
“পুনৰ জনম”
নৰ অন্ম নোহে ভাল!!
নৰ জনমৰ
থাকে লগে লগে
হাঁহি কন্দা পলে পল
কেতিয়া হাঁহিবা।
কেতিয়া কান্দিবা
কেতিয়া অন্তৰ জ্বলে
এনুৱা সংসাৰ
সংসাৰৰ ভোগ
সংসাৰ ভেলেকী বাজী।
সংসাৰৰ আশা
আকাশ কুসুম,
ফুৰে বালী-ঘৰ সাজি।
যিটোকে পাতিবা
সিটোই ভাগিব,
পুখুৰি খনেৰে খনা
বিষম সংসাৰ
বিষময় মূৰ্ত্তি
উগাৰে বিহৰ কনা

[ ২৮০ ]

এনে সংসাৰত
আৰু যেন আই
আহিব নালাগে ঘুৰি,
যত দিন জীম
ইয়াকে ভাবিম
প্ৰভুৰ পাৱত ধৰি।


কমতাপুৰ ধ্বংস কাব্য (page 280 crop)