কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/ভনিতী
ভনিতী।*
⸺⭖⭖⸺
⸺“Oh tell me once and tell me twice
And tell me thrice to make it plain,
When we who part this weary day
When we who part shall meet again."
⸻⸻Christina G. Rossetti.
স্নেহৰ ভনিতি! তুমি গইছা কলই?
যি দেশত গ’লা তুমি,
তাতনে কি নাই মাটি?
গঢ়িছে সি দেশ বিধি মালতী ফুলেৰে?
মন্দাকিনী তাতনে কি বলিছে ধাৰেৰে?
তাতনে কি নাই ৰোগ,
বন্ধু বান্ধৱৰ শোক?
তাই ভনী তাতনেকি বিচ্ছেদ নহয়?
লাহৰী ভনিতি!—তুমি গ’লা কি তালই?
তাতনে কি নাই কন্দা,
শোকত-হৃদয় ফটা,
চকুৰ চকুলো নেকি সিদেশত নাই?
শোকত মানৱে তাত নাকান্দে বীনাই?
তাত কি নিতউ হাহে?
আনন্দ-ঢউত ভাহে?
মৃত্যু সময় ১৪ এপ্ৰেল ১৯০৩।
মানৱৰ প্ৰাণ তাত হৰিষ সদাই?
তাত কি, ভনিতি! দুখ কনা মাত্ৰো নাই?
তাতনে কি ফুলি ফুল
গোন্ধত আমোল মোল?
সি দেশত ৰ'দে নেকি ফুল নুশুকায়?
সদাই বসন্ত তাত, জাৰ নেকি নাই?
কুৱা কুল কৰি নই
তাত কি ধীৰেৰে বয়?
ডকা ঢউ, ধলনীৰ পানী তাত নাই?
পাৰৰ ফুলনী তাত নিনিয়ে উটাই?
স্নেহৰ ভনিতি! তুমি গইছা ক’লই?
যি দেশত গ’লা তুমি
সি দেশ কি ৰম্য ভূমি?
কেনেকুৱা পথতাৰ, কেনি গ'লে পায়?
বাটত যাওতে বোকা ক'তো কি নাপায়?
সি দেশ কিমান দূৰ?
সেয়ে কি অমৰাপুৰ?
ভাত নেকি ভাৰতীয়ে “কছপী” বজায়
সা-ৰে-গা মা-পা-ধা-নি-সা বীণাত মিলাই?
সেয়ে নেকি স্বৰ্গ পুৰি?
ভাত নেকি থাকে হৰি,
অগতিৰ গতি প্ৰভু পতিত পাৱন
যোগী মুনি নিতে যাৰ আৰাধে চৰণ?
গ'লে নেকি সেই ঠাই
স্ৰজোতাক দেখা পাই?
সংসাৰৰ মায়া নেকি গুছে সি দেশত?
চিৰ শান্তি লাভ তাত হয়কি প্ৰাণত?
তাত নেকি নাই দুখ?
তাত কি সদাই সুখ?
কালৰ কৰাল মুৰ্ত্তি নাই সি ৰাজত,
নপৰে কি কোনো তাত ৰোগৰ মুখত?
সি দেশ সুখৰ ঠাই,
চিৰ শান্তি তাত পাব,
কালে কি নিচিঙ্গে তাত দোল মৰমৰ?
কৃতান্তে নহৰে তাত লাহৰী প্ৰাণৰ?
কিন্তু কিয়, সোনকনি!—
অছা মনে ২ শুনি,—
উত্তৰ নিদিয়া কিয় লাহৰী মাতেৰে?
তাত গলে নেকি, হায়। সকলো পাহৰে?
ভাল পোৱা সংসাৰৰ
লীলা খেলা মৰতৰ
মৰততে নেকি শেষ, তালই নাযায়?
সংসাৰৰ ভাল পোৱা মাথোঁ স্বপ্ন-প্ৰায়?
তেন্তে নেকি, সোনকনি!
মিছাতে কান্দিছো আমি?
আমাৰ কান্দোন তুমি তাত শুনা নাই?
মিছাতেই নেকি আমি কান্দিছোঁ বীনাই?
কিন্তু কোৱাছোঁন তুমি
মৃত্যুৰ পাছত আমি
তাত গলে পাম নেকি বিচাৰি তোমাক?
আপোনাৰ, বুলি জানো চিনিবা আমাক?
এই স্নেহ ভাল পোৱা
ৰঙ্গে উদঙাই হিয়া
তাতো কি আমাক দিবা প্ৰাণৰ লাহৰি?
দিবা কি লাহৰী চুমা মুখত সাদৰি।
তাতো “মাজুকাই” বুলি
মাতিবা কি সোনকনি?
তাতো নেকি দিবা স্নেহ ভনিতী প্ৰাণৰ?
মৰম চুমাৰে মুছি ছবি বিষাদৰ?
ভনিতি!
অন্তৰত এয়ে দুখ
অন্তিম কালত মুখ
নেদেখিলো দুচকুৰে তোমাৰ লাহৰি!
দুৰ্ভাগাৰ আশা, পূৰ্ণ নকৰিলে হৰি॥
পীড়িতা ঘৰত তুমি,
দাসত্ব দোলেৰে আমি
দূৰ দূৰস্ত বন্ধা;অন্তিম কালত
নাপালো শুনিব মাত তোমাৰ মুখত
কত যে হেপাহ কৰি
নৰ জীৱন এৰি
যাব খোজোঁ সি ৰাজত গইছা য’লই,
সংসাৰৰ মায়া মোহ সংসাৰতে থই॥
কিন্তু আহা! সোনকনি!
জানিছা নিজেই তুমি
মানৱৰ মৃত্যু থাকে কালৰ হাতত!
ইচ্ছা মৃত্যু মানৱৰ নাই জগতত!
সেই বুলি একে থিৰে
তধা হই ধীৰে ধীৰে
থাকিম নিতউ চাই সি দেশৰ ফালে,—
জীৱনৰ শেষ হই, সন্ধীয়া লাগিলে,
নশ্বৰ জীৱন এৰি
তোমাক বিচাৰ কৰি,
“প্ৰাণৰ ভনিতী বুলি তাত চুমা খাম,—
স্নেহেৰে কোলাত তুলি মুখ খনি চাম॥
অনন্ত সুখৰ ভূমি
যি ৰাজত আছা তুমি,
তোমাৰ কাৰণে আৰু নাকান্দো শোকত।
অনন্ত সুখেৰে থকা তুমি সি দেশত॥