সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
ভাইতি

তিনোৱে তিনোক চাই উলাহ মগন।
দেখিব নোৱাৰি কিন্তু
দুৰন্ত কৃতান্তে তাকে,
অকালত এটী ফুল কৰিলে হৰণ!!
তিনটী আছিলো ভাই
কৰিলে কৃতান্তে দুটি
নিৰ্দ্দয় কৃতান্ত!—তাৰ দয়া মায়া নাই!
আধা ফুল ঢোপাকলি
ফুলতে চিঙ্গিলে আজি,
নিদিলে ফুলিব ফুল ফুলনী শুৱাই!!
নুমলীয়া ভাই তুমি,
লাহৰি সোনাই কনি!
সুৰেশ! আমাৰ তুমি দৰিদ্ৰৰ ধন!
কৃতান্ত দস্যুৱে পাই
দৰিদ্ৰক কন্দুৱাই
বলেৰে তোমাক আজি কৰিলে হৰণ।
শিলেৰে বন্ধোৱা জানো
কৃতান্তৰ মন প্ৰাণ
মানৱৰ কান্দোনত নাকান্দে অন্তৰ?
নজনমে দয়া জানো
তাৰ হৃদয়ত হায়!
ঘূৰাই নিদিয়ে পুনু ধন দৰিদ্ৰৰ?
কিন্তু ভাই! যদি
বিষময় সংসাৰত