সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
বিৰহিণী বিলাপ কাব্য।

সেই দিন বাট চাম,
যি দিনা লাগিব সন্ধ্যা এই জীৱনত
জীৱনত সন্ধ্যা লাগি
বেলিটীও মাৰ যাব,
আমিও তিয়াগি দেহ, যাম সি থানত।
অতি চেনেহৰে সতে
তোমাক সাবটি ধৰি
মৰমৰ খাম চুমা লাহৰী গালত।
সংসাৰত যেনে কই
আমি ভাল পাইছিলো,
শতোধিক পাম ভাল তাতো, সোনকনি।
মউ সনা মৃদু হাঁহি
নিতউ হাঁহিম আমি,
স্বৰ্গীয় ভাবত ভৰি হিয়া কেউ খনি।
কিন্তু ভাই! এটী কথা,
শুধিছো তোমাক আমি,
শোকত বিদৰে হিয়া, নোলায় মুখত।
পাইছানে দেখা তাত
প্ৰাণৰ ভনিটী কনি,
লাহৰী বিমলা, গই সেই স্বৰগত?
প্ৰাণৰ ভনিটী বুলি
খাইছানে তাতে চুমা?
তাতো কি কোলাত লই কৰিছা আদৰ?
বিমলায়ো নেকি তাত,