পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
বিৰহিণী বিলাপ কাব্য।

বিষম কেলেশ পাই
দুৰন্ত ৰোগৰ হাত এৰাই সোনাই!
বিচাৰি অনন্ত শান্তি,
পাহৰি মৰ্ত্ত্য়ৰ মায়া,
প্ৰভূৰ পাৱত গই ল'লা তুমি ঠাই!!
⸻যোৱাঁ তুমি যোৱাঁ তেনে,
থাকাঁ তুমি স্বৰগত,
ৰাণী কমলাৰে স’তে বিৰাজিছে য’ত
দয়াৰ সাগৰ প্ৰভু
পতিত পাবন হৰি,
থাকাঁ, ভাই! চিৰসুখে থাকাঁ তুমি ত’ত॥
ভাগ্যৱন্তু তুমি, ভাই!
পালা সি সুখৰ ঠাই,
নাই তাত ৰোগ শোক বিষাদৰ ছঁয়া,
চিৰসুখ চিৰশান্তি
নিতউ বিৰাজে তাত,
নাই তাত কন্দা-কটা, সংসাৰৰ মায়া॥
সংসাৰীৰ ঘোৰ জ্বালা
নাই তাত নাই, ভাই!
কৃতান্তে নহৰে তাত লাহৰী প্ৰাণৰ;
পুত্ৰ হেৰুৱাই তাত
নাকান্দে মাকৰ প্ৰাণ,
নাঢাকুৰে হিয়া তাত, নদহে অন্তৰ॥
যোৱাঁ, ভাই! যোৱাঁ তুমি