পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯৯
ভাইতি

কাষত তোমাক পাই,
গাল ওপছাই দিছে চুমা মৰমৰ!
ৰঙ্গে সৰুকাই” বুলি
তাতো কি মাতিছে, সোন!
তাতো কি দুহাতে ধৰে সাবটি দিঙ্গিত?
সুৱলা লাৱণ্য হাঁহি
তাতো কি ভনিটী হাঁহে?
মউ সনা মাতে কৰে তাতো কি মোহিত?
তাতো কি “দাইতি” বুলি
সুৰেনে ধৰে তোমাক?
তাতো কি বোকোছা উঠে অতি হেপাহত?
শোধেনে তোমাক, সোন!
তাতো কি আমাৰ কথা?
কয়নে কি “দাইতাৰ” কথা সি দেশত?
আৰু⸻⸻    
সুখৰ দুখৰ কথা
শোধেনে কি ভনিটীয়ে
সংসাৰৰ ভাল পোৱা পৰেণে মনত!
স্বৰগত থাকি নেকি
স্বৰ্গীয় সুখত মজি,
পাহৰিলে সকলোটী দেহাৰ লগত?
নহয় নহয়, সোন!
ভাই ভনিতীৰ প্ৰেম
দেহা সতে সংসাৰত বিনাশ নহয়!