কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/দ্বিতীয় সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১৯ ]
দ্বিতীয় সৰ্গ।

“Nor hath love's mind of any judgment taste,
Wings, and no eyes, figure unheedy haste;
And therefore is love said to be a child,
Because in choice he is so oft begull'd.
                                       —shakespeare.

 ৰিব্ ৰিব্ ৰিব্ কৰি বলিছে মলয়া
 কমতাপুৰৰ সেই ৰাজ-উদ্যানত।
 গোলাপী সখীয়ে স’তে সাদৰী কুঁৱৰী
 লইছে সন্ধীয়া-বায়ু আনন্দ মনত।
 ফুলৰ গোন্ধেৰে আজি ভৰিছে ফুলণী,—
 কুঁৱৰীয়ে চিঙ্গে ফুল এপাহি দুপাহী,—
 গোলাপ, মালতি, জাতি, বকুল বন্দুলী,
 গাঁথে মনোৰম মালা অন্তৰ উলাহি।
 মিচিকীয়া হাঁহি মাৰি সুৱলা মাতেৰে
 গোলাপী সখীৰে স’তে কৰিছে ধেমালী;—
 আনন্দেৰে ভৰা ৰাণী,-বয়স কোমল,—
 বিষাদৰ ৰেখা তাত নেদেখি সমূলী।
  ৰাণীত আজিও আহা! কৰিছে বিৰাজ
 ছোৱালী কালৰ সেই সৰল হৃদয়;—

[ ২০ ]

সৰলতা ভৰা মুখ আজিও শোভিছে,—
কালৰ চক্ৰতো একো হোৱা নাই লয়।
ছোৱালী কালৰ ৰঙ্গ এতিয়াও আছ,—
ফুল চিঙ্গি, মালা গাঁথি পিন্ধালে গছক
ঠালে মূৰে, গোট গাই ধাৰ ধাৰ কৰি,—
অপূব সাজেৰে গছ ৰমক-জমক।
সজালে-পৰালে গছ,—বহিল তলতে
সথীয়ে সইতে দুয়ো হৰিষ মনত,—
উলিয়ালে "দৰা-কন্যা” (ওমোলা পুতলি!)
বিয়া দিলে দুয়োটীৰ কত আনন্দত।
কুঁৱৰী “কন্যাৰ” মাক,—গোলাপী “দৰা"ৰ,—
সখী হৈও, দুয়ে আজি “বিয়ণী" পাতিলে;
বহু হাবিয়াস কৰি, অতি যতনেৰে
“কণীয়া দানৰ ভোজ” বালিৰে ৰান্ধিলে।
ৰান্ধি বাঢ়ি বালি-ভাত” সাদৰী কুঁৱৰী
জী-জোঁৱাই দুয়োটাকে খুৱালে-মেলিলে,—
জীয়ৰী দিবৰ হলে, মাকে যেনেকই
কান্দে,—সেই দৰে ৰাণী বহুত কান্দিলে।
 এৰি দিলে “মায়া-কন্দা” হাঁহিলে মিচিকি,—
হাঁহি এৰি পুত্ৰ, তেওঁ ক'লে গোলাপীক,—
“আজলী ছোৱালী মোৰ, জনিব বিয়ণি!
শিকাই-বুজাই তুমি ল’বা বোৱাৰীক।
একোকে নেজানে মোৰ কোমল ছোৱালী,—
পুতেৰাক ক’বা, যেন নামাৰে নাকটে,—

[ ২১ ]

যদিহে মাৰিব, মই পাম বিৰগতি,
তোমাকো পাৰিম গালি, য’তে পাওঁ তাতে৷
আনিম ছোৱালী কাঢ়ি,—নাক কান কাটি
পুতেৰাক সাৰ মেলি থ’ম দলনীত;
তেতিয়া জানিবা মই কেনুৱা বিয়নী;
নকৰিবা অভিমান মোৰ ছোৱালীত৷”
 এই বুলি—হাঁহি পুনু কলে কণীযাক
(পুতলী জীয়াৰীটীক)—“নাকান্দিবি,—আই৷
জী হ’লে যে দিব লাগে শাস্ত্ৰৰে যুগুত,
নোৱাৰে মাৰিব তোক ভেকোলা জোঁৱাই’৷
এই বুলি খিল্‌ খিল্‌ হাঁহিলে কুঁৱৰী,
খিল্‌ খিল্‌ শবদত ভৰিলে ফুলনী;
উলাহেৰে ভৰা ৰাণী,—“কিন্তু গোলাপীৰ
নোলাল মুখত হাঁহি অলপো একনি৷
নহঁহা নমতা দেখি চেনেহী সখীক
ওবিলে ৰাণীয়ে,—”সখি! কোৱাঁ কিনো হ’ল?
হাঁহা দেখোঁ আনকাল, কিয় আজি নাই
সেই হাঁহি? চকু দুটা কিয় ছল-ছল?
কান্দো-কান্দো কি মুখ? কোৱাঁ সখি! কোৱাঁ,—
কি দুখত হ’ল আজি বেজাৰ মনত?
নেভাবিবা, বধ লাগে! কোৱাঁ সঁচাকই
কি শোকৰ ছবি আজি খেলে অন্তৰত?
 “কিনো ক’ম, সখি?” দুখে ক’লে গোলাপিয়ে,
“জানা সকলোটী তুমি, —কি ক’ম দুনাই?

[ ২২ ]

ক’বলই লাগে লাজ, হৃদয়ৰ পৰা
নন্দৰ ছবিটী মোৰ আঁতৰি নাযায়।
কিনো যে মোহণী মাৰ মোহিলে নন্দই,—
নোৱাৰোঁ বণিব, সখি! কতনো যতন
কৰিছোঁ ৰাতিয়ে দিনে তেওঁক ভূলিব,
নোৱাৰি ভূলিব,—ভূলি, নাথাকে জীৱন"।
এই বুলি টোপাটোপে টুকিলে চকুলো
দুখেশোকে গোলাপীয়ে হুমুনীয়া কাঢ়ি।
ৰাণীৰ কোমল হিয়া,—সখীৰ দুখত
বিষযাদে পৰিল ভৰি, শুনি কথা সাৰি।
 বিষাদ মনেৰে তেও ক'লে গোলাপীক,—
"কিয় কান্দা সখি? তুমি দুখ নকৰিবা
নকলোঁ তোমাক মই সেই দিনা খনে,—
পাহৰাঁ তেওঁক তুমি আৰু নাভাবিবা।
নন্দ যে বামুণ, সখি! মন্ত্ৰীৰ পুতেক,
অতুল ঐশ্বৰ্য্যে-ভৰা, তুমি শুদিৰনী,—
বিশেষত ধনহীনা; পাবা কেনে কই
তাক তুমি? কিয় সখি! এনুৱা ভাবনী?
তুমি যে বাওনা সখি! কিয় আশা কৰা
ধৰিব’ আকাশী জোন? লেঙ্গেৰা যে ভৰি,
পৰ্ব্বত লঙ্ঘিব তুমি খোজা কেনেকই?
মিছাতে দুৰাশা এনে কিয় থাকা কৰি?
প্ৰণয় পৰমধন, স্বজাতীয়ে স’তে
যদি হয়,—নতু সখি! বিহ হলাহল!

[ ২৩ ]

নন্দৰে সইতে প্ৰেম পবিত্ৰ নহয়,
তাকে ভাবি কিয় তুমি এনুৱা চঞ্চল?
নন্দ যে বামুণ সখি! তুমি শুদিৰণী,
তোমা-দুয়োটীৰ প্ৰেম পানীৰ লিখন
নাথাকে সদাই ইটো,—শেষ হব সখি!—
নাকান্দিবা অকথাত,—নহবা বিমন।”
গালি পাৰা, পাৰা সখি! মাৰা যদি মাৰাঁ,"
দুখে হুমুনীয়া কাঢ়ি গোলাপীয়ে কয়,—
“নকবা কিন্তু হে সখি! ভূলিব তেওঁক
(প্ৰাণৰ নন্দক মোৰ) হৃদয়ে নসয়।
তেওঁক তুলিম সখি? কিৰূপে বুলিলা?
শেল মাৰি কিয় মোৰ হৃদয় বিন্ধিলা?
দেখুৱাব পৰা হ'লে হিয়া খনি ফালি
কৰিলোঁ হেতেন আজি হৃদয় ৰাঙ্গলী।
দেখালোঁ হেতেন, তুমি পালা হয় দেখা,
তেওঁৰ ছবিটী মোৰ হাৰে হাৰে লেখা।
নলিনীয়ে ভূলে যদি দেৱ দিবাকৰ,
যদি ভূলে কুমুদিনী জোন মনোহৰ,
ভূলিব তথাপি সখি! নোৱাৰো নিশ্চয়,
প্ৰাণৰ নন্দক ভুলি পৰাণ নৰয়।
কি ঘটিব মোৰ সখি! নন্দকেই যদি
ভূলিব নোৱাৰোঁ? হায়! কিবা হব গতি?”
“নোৱাৰিবা যদি সখি! ভুলিব নন্দক
সখীলই চাই ধীৰে কুঁৱৰীয়ে কয়,—

[ ২৪ ]

"কান্দিব লাগিব তুমি চিৰ জীবনত,
নোপোৱা তেওঁক কিন্তু, জানিব নিশ্চয়।
শুদিৰনী তুমি সখি! বামুনক পতি
নোপোৱা; তোমাৰ হব তপোবনে গতি,—
কিম্বা মৃত্যু (আত্মহত্যা); জ্বলিব হিয়াৰ
বিৰহৰ জুই, হব অৰণ্যে তোমাৰ
গতি, তপসিনী বেশে আশ্ৰম-তলত
কটাব লাগিব কাল শোক সঙ্গীতত।
সাধ্বী যি উপেক্ষা কৰি সুখ তোশ-ধ্বনী
সিদৰে সাজিব পাৰে যৌৱনে যোগিনী।
জগতত ধন্য সেই, ঘি পুষ্প ৰতন
নিৰ্জ্জনে বনত বহি
নিজে ফুলি, নিজে জহি
গোন্ধত মোহিত কৰে মানুহৰ মন।
কিন্তু সখি! কথা শুনা, পাহৰাঁ নন্দক,
নেলাগে পিন্ধিব তুমি বেশ যোগিনীৰ;
কেচুৱা নোহোৱা তুমি, বঢ়া-বুজা সখি!
কিয় হোৱা বিয়াকুল, এনুৱা অধীৰ।
কিয় অত চিন্তা কৰা? আপোনা-আপুনি
চিন্তা পিশাচীৰ তুমি কিয় হোৱা বলি?
চিন্তা অগণিত কিয় পেলোৱা লেৰেলা
অকালত হায় সখি! ফুল ঢোপাকলি?”
"হায় সথি! কোনে বাৰু”— কয় গোলাপীয়ে,—
"নিজে ইচ্ছা কৰি দিয়ে আপোনাক বলি

[ ২৫ ]

চিন্তাৰূপী পিশাচীৰ ভয়ঙ্কৰ মুখে?
কোনে পৰে অগণিত নিজে নিজে হলি?
কিন্তু সখি! মন মোৰ নহয় অধীন,
মনৰ অধীনী মই; নােৱাৰোঁ ভুলিব
একোতে নন্দক হায়! পাওঁবা নাপাওঁ,
তেওঁৰ ছবিটী মোৰ নিতউ থাকিব।
যি যি ক'লা তুমি সখি! মিছাও নহয়,
নেমানে মাথোন মােৰ অবোধ হৃদয়
শুনিছিলোঁ কিন্তু হায়! তাহানি কালত
কইছিলে তেওঁ মােক ফুলনী মাজত
প্ৰণয়ে মনেৰে চাব চকুৰে নাচায়,
কামদেৱ জানে অন্ধ চকু তাৰ নাই।
নাই প্ৰণয়ৰ ৰুচি, নাই সুবিচাৰ,
পাখী আছে, চকুনাই আকৃতিটী ত’ৰ,
কেচুৱা লৰাৰ দৰে প্ৰণয় সৰল,
বাচি লােৱা শক্তি তাৰ নিচেই দুৰ্বল।
বিধতাৰ বিধি সখি! বুজিব নোৱাৰোঁ,
ইতিহাস, উপন্যাস, যেতিয়া যি পঢ়াঁ,
যতে চাওঁ ততে পাওঁ নিতউ প্ৰমাণ
প্ৰকৃত প্ৰেমৰ সোঁত নবলে সমান।
নপৰে সমান বংশ কিম্বা জাতিকুল,
প্ৰকৃত প্ৰেমত সখি! চিৰকালে ভুল।
তুমিও যে পঢ়িছিলা তাহানি কালত,
প্ৰকৃত প্ৰেমত নাই ৰূপহ কুচ্চিত,

[ ২৬ ]

নাই জাতি, নাই কুল, নাই ভালবেয়া
নাই তাত সৰু বৰ জ্ঞান হিতাহিত।
যদি সেয়ে হয় সখি! কিয় নাকান্দিম?
নন্দক সুঁৱৰি কিয় নহম অধীৰ?
কিয়নো এৰিম আশা? কিয় অকালত
ভাঙ্গিম স্নেহৰ মােৰ সুখৰ মন্দিৰ?
কাব্য কবিতাৰ কথা যদি সঁছা হয়,
কিয়নো নাপাম মই স্বোৱামী নন্দক?
কি কৰিব জাতি কুলে? পাৰিবনে সখি!
বাধা দিব কিবাৰূপে প্ৰকৃত প্ৰেমক”?
“নকৰাঁ বিশ্বাস সখি! কাব্য কবিতাক”
সুৱলা মধুৰ সুৰে কুঁৱৰীয়ে কয়,
“কবি যে বলিয়া হায়, বলিয়ালি ভৰা
হিয়া তাৰ, তাৰ কথা কোনেনো বা লয়?
মিছাৰ ভঁড়াল কবি, মিছা মিছি কই
আকে কত ছবি সখি! কৰি মনােহৰ,
এনুৱা সৌন্দৰ্য্য দিয়ে, নােপােৱা বিচাৰি
যেনেকুৱা শোভা হায়! ক'তাে জগতৰ।
যেনুৱা প্ৰকৃত ৰূপ, তেনে শত গুণ
বঢ়াই যে আঁকে কবি মােহকৰী ছবি।
তেনুৱা ছবিত তুমি কিয় ভুলা সখি?
কবি যে বলিয়া হায়! মিছলীয়া কবি—
বৰ্ণাব এনুৱা সুখ, অমৰা পুৰতো
নাই যিটো ক'তো; সখি! কবি মিছলীয়া!—

[ ২৭ ]

তেনুৱা সুখত তুমি কিয় যোৱা মোহ?
জনা-বুজা তুমি সখি! থিৰ কৰা হিয়া।”
কুঁৱৰীৰ কথা শুনি কলে গোলাপীয়ে
"যি যি ক'লা তুমি সখি, সকলো বুজিলোঁ,
কিন্তু যে কিৰূপে মই ভূলিম নন্দক,
তাৰে মাথোঁ একো হায়! বুদ্ধি নেদেখিলোঁ।
যিমানে বুজোৱা সখি, যিমানে শিকোৱা,
নুবুজে, নিশিকে একো অথিৰ হৃদয়ে।
পাওঁ বা নাপাওঁ হায়! স্বোৱামী তেঁওক,
পৰাণ ত্যজিম মই সেই নাম লৈয়ে।
নিৰ্জ্জন বনত ফুলি নীৰলে জহিম,
কঙ্গালিনী বেশে কান্দি বনত ফুৰিম।
তথাপি ভুলিব মই নোৱাৰোঁ তেঁওক,
যিমানেই হক সখি! মোব দুখ ভোগ।
একো হানী নাই সথি! নেদেখিব বিয়া
জগতে তেঁওৰে মোৰে, অন্তৰে অন্তৰে
বিয়া যে গইছে হই আমাদুয়োটীৰ!
ভাবিলে সি কথা হায় চকু পানী পৰে।
তেঁওকে স্বোৱামী ভাবি দেবী-মন্দিৰত;
চিৰ তপসিনী বেশে ভ্ৰমিম বনত।
বিৰহৰ গাম গীত শোক-তাপ হৰা;
প্ৰকৃত প্ৰণয় সখি! বিপদেৰে ভৰা।
প্ৰেমত কাঁইট আছে, লিখা বিধতাৰ;
মিছাতে ব্যাকুল হয় হৃদয় আমাৰ।

[ ২৮ ]

জানিলোঁ বিপদহীন সুখ নাইকিয়া,
প্ৰেমত কাঁঁইট সখি! চিৰ লগৰীয়া।
যেতিয়া তেঁওৰে স'তে দেখা দেখি নাই,
আছিলে নগৰ মোৰ অমৰাৰ ঠাই।
নাজানো প্ৰেমত কিনো আছে বিদ্যমান,
কৰিলে সি স্বৰ্গ মোৰ নৰক সমান।
কিনো যে সোমাল সখি! অন্তৰত মোৰ,
নাই শান্তি, নাই সুখ, চিন্তা দোৰ-ঘোৰ।
ইয়াত নবহে মন তোমাৰ লগত,
উৰোঁ উৰোঁ কৰে প্ৰাণে তেঁঁওৰ কাষত।
বসন্ত কালত সখি! বলিলে মলয়,
কৰিলে কুলিয়ে 'কুউ' কেনে সুধাময়।
তাতো কৰি সুমধুৰ সখি হে। তেওঁৰ,
সুৱলা সুৱলা কথা অমিয়া মধুৰ।
এতিয়াও আছে বাজি দুখনি কানত
তেনুৱা মধুৰ কথা। হৃদয়-ফলিত
আছে সেই ছবি অঁকা,—কিৰূপে ভুলিম?
ভাবিলে “ভূলাৰ কথা” কান্দে মন চিত।
কিবা বাজ ভিতৰত, অৰণ্য, পঠাৰ,
শীতল ছঁয়াৰ তলে, কিম্বা নই পাৰ,
সকলোতে নিতে সখি! তেঁও মোৰ ধ্যান,
তেঁও ইষ্টদেৱ ধন, তেওঁ মোৰ প্ৰাণ।
পৰিছে মনত সখি! তাহানি এদিন
শুনিছিলোঁ সুখে মই সুৱলা সঙ্গীত

[ ২৯ ]

তেওঁৰ মুখত, বহি নইৰ পাৰত
সন্ধিয়া বেলিকা দুয়ো আনন্দ মনত।
ঠউকী-বাঠুকী ঢউ সি সুৱলা গানে
ধৰিলে প্ৰশান্ত ভাব, আকাশৰ তৰা
পৰিছিল যেন খহি উন্মত্তৰ দৰে
তেঁওৰ মুখৰ শুনি মধুৰ সঙ্গীত।
আৰু কত কথা সথি! পৰিছে মনত,—
ভাবিলে পৰাণ মোৰ বিয়াকুল হয়!
জনমে এনুৱা ভাব, লই দুটী পাখী
তেঁওৰ কাষত যেন উৰি পৰোঁ গই।
নহ'লোঁ চৰাই সখি! হলো যে মানুহ,
নাইকিয়া পাথী হায়! নোৱাৰো উৰিব।
তীৰ্থলই গই তেঁও আছে বিদেশত,—
কেনে কই পাম সখি! তেঁওক দেখিব?
গইছিলে কই তেও যাবৰ কালত
ফুৰাই লাহৰী হাত দুখানি গালত,
চিঠি দি থাকিবা প্ৰিয়ে! যদি কাকো পোৱা
(তীৰ্থ-যাত্ৰী কমতাৰ) গঙ্গালই যোৱা।
পমিলী বুঢ়ীয়ে কলে—কাইলই হেনো
কোনোবা কোনোবা বোলে যায় গঙ্গালই।
সিহঁতৰ হাতে সখি! দিওঁছো এখন,—
চিঠি লিখি মোৰ হই দিবা ভালকই।”
"একো কথা নাই সখি!” কলে কুঁৱৰীয়ে,
দিম মই চিঠি লিখি, তুমি কই যোৱা

[ ৩০ ]

কি লিখিব লাগে মাথোঁ এটী দুটী কই;―
অথিৰ নহবা সখি! থিৰ হই কোৱাঁ।"
দুধাৰী চকুলো মুছি ধীৰ ধীৰ কই
গোলাপীয়ে কুৱঁৰীক কবলৈ ধৰিলে
এটী দুটী কৰি কথা, একান্ত মনেৰে
কানপাতি ৰাণীয়েও সকলো শুনিলে।
শুনি বুজি ল'লে কথা ক’লে কুঁৱৰীয়ে
“বাৰু সখি! আজি ৰাতি মই লিখি থ’ম
চিঠি খনি,―ৰাতি পুৱা লই যাবা তুমি,―
যোৱা ঘৰলই আজি নহবা বিমন।
এই বুলি দিহাদিহি গ’ল দুয়ো সখী
নিজা নিজা ঘৰলই তিয়াগি ফুলনি।
যেন দুটী দেৱকন্যা আপোন ৰূপত
কৰিছিলে ফুলবাৰী ৰূপহ-শুৱনী।


কমতাপুৰ ধ্বংস কাব্য (page 30 crop)