পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


চিন্তাৰূপী পিশাচীৰ ভয়ঙ্কৰ মুখে?
কোনে পৰে অগণিত নিজে নিজে হলি?
কিন্তু সখি! মন মোৰ নহয় অধীন,
মনৰ অধীনী মই; নােৱাৰোঁ ভুলিব
একোতে নন্দক হায়! পাওঁবা নাপাওঁ,
তেওঁৰ ছবিটী মোৰ নিতউ থাকিব।
যি যি ক'লা তুমি সখি! মিছাও নহয়,
নেমানে মাথোন মােৰ অবোধ হৃদয়
শুনিছিলোঁ কিন্তু হায়! তাহানি কালত
কইছিলে তেওঁ মােক ফুলনী মাজত
প্ৰণয়ে মনেৰে চাব চকুৰে নাচায়,
কামদেৱ জানে অন্ধ চকু তাৰ নাই।
নাই প্ৰণয়ৰ ৰুচি, নাই সুবিচাৰ,
পাখী আছে, চকুনাই আকৃতিটী ত’ৰ,
কেচুৱা লৰাৰ দৰে প্ৰণয় সৰল,
বাচি লােৱা শক্তি তাৰ নিচেই দুৰ্বল।
বিধতাৰ বিধি সখি! বুজিব নোৱাৰোঁ,
ইতিহাস, উপন্যাস, যেতিয়া যি পঢ়াঁ,
যতে চাওঁ ততে পাওঁ নিতউ প্ৰমাণ
প্ৰকৃত প্ৰেমৰ সোঁত নবলে সমান।
নপৰে সমান বংশ কিম্বা জাতিকুল,
প্ৰকৃত প্ৰেমত সখি! চিৰকালে ভুল।
তুমিও যে পঢ়িছিলা তাহানি কালত,
প্ৰকৃত প্ৰেমত নাই ৰূপহ কুচ্চিত,