কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/তৃতীয় সৰ্গ
⸺>><<⸺
"Oh I had the wings of a dove
How soon would I taste you again."
—Cowper
নীৰৱ দুপৰ নিশা, কমতা নগৰ
নীৰৱতা ভৰা, নাই কাৰো ক'তো মাত,—
সকলো নীৰল, মাথোঁ নিশাৰ বতাহ,
এটী দুটী মাজে মাজে লৰাইছে পাত।
গোটেই নগৰবাসী, কি ৰজা কি প্ৰজা,
সকলোটী টোপনীৰ কোলাত মগন,
ৰজাৰ চ’ৰাত মাথো আছে "নিশা-চোৱা”
ইফাল সিফাল কৰি সাৰেৰে দুজন।
শোৱনী কোঠাত আজি ৰজাৰে সইতে
শুই আছে কুঁৱৰীয়ে কোমল শয্যাত।
কিবা মনোহৰ শোভা, কিবা অপৰূপ,—
দেবেন্দ্ৰে সইতে শচী যেন অমৰাত।
অপূৰ্ব্ব সৌন্দৰ্য্য যদি চাব খোজা আজি,
আমাৰে সইতে তুমি আহাঁ, হে পাঠক।
চোৱাঁহি সোমাই কোঠা, লাৱণ্য মধুৰ,
চাই কৰাঁ আপোনাৰ নয়ন সাৰ্থক।
"ৰজাঘৰ" বুলি তুমি নকৰিবা ভয়,
লেখক, পাঠক পাৰে আহিব ইয়াত।
কি স্বৰগ, কি নৰক, কি পাতাল পুৰি,
যাওঁ আমি সকলোতে, পৰ্ব্বত-গুহাত।
নাই ক’তো এনেকুৱা গোপনীয় ঠাই,
নোৱাৰে যলই যাব লেখক পাঠক।
নিৰ্ভয় মনেৰে তুমি চোৱাঁহি সোমাই
মনোহৰ ৰূপ, কৰা জীৱন সাৰ্থক।
ৰাতি হ’ক দিন হ’ক, যেতিয়াই হয়,
আমি দুয়ো পাৰোঁ যাব সকলো ঠাইতে।
কাৰো সাধ্য নাই ক’তো বাধিব আমাক,
কিয় কৰা ভয় তুমি, পাঠক! মিছাতে?
এনেকুৱা ভয়াতুৰ নহ’বা পাঠক!
সাহসে ভৰোঁৱা হিয়া পুৰুষৰ দৰে।
লেখক, পাঠক পাৰে আহিব ইয়াত
“নিশা-চোৱা” ৰখিয়াই একোকে নকৰে।
আাহাঁছো। পাঠক! তুমি সৌৱা চোৱাঁহিছো,
ধীৰে ধীৰে ভয় মনে উঠিল কুৱৰী
ৰজাৰ কাষৰ পৰা, লেখনী চিয়াঁহি,
এডোখৰ সাঁচি পাত আনিলে বিচাৰি।
জানো, ৰজা সাৰ পাই, এই ভয় মনে,
শঙ্কাৰে ভৰাই হিয়া কৰি লৰালৰি,
(গইছিলে যি যি কই গোলাপী সখীয়ে)
লিখিব ধৰিলে চিঠি তেনেকুৱা কৰি:—
“পৰাণৰ নন্দ মোৰ! হৃদয় দেৱতা।
কিয় হলা প্ৰাণনাথ এনুৱা নিৰ্দ্দয়?
নেদেখি তোমাক মোৰ কান্দিছ পৰাণ,
বিৰহৰ জুযে হায়। দহিছে হৃদয়॥
যি দিনাই গলা নাথ। তুমি তীৰ্থলই
সি দিনা অবধি সুখ নাই অভাগীৰ!
মৰিশালী যেন লাগে এই ৰাজপুৰি,
নবহে একোতে মন হৃদয় অথিৰ!!
চৰাইৰ দৰে হায়। যদি দিলে হয়
আমাকো ঈশ্বৰে পাখী, তোমাৰ কাষত
উৰা মাৰি গই মই পৰিলো হেতেন
আকাশত কৰি ভৰ, উলাহ মনত।
নহলোঁ চৰাই নাথ, অৱলা তিৰুতা
কেনেকই পাম হায়! তোমাৰ কোষৰ,
অমিয়া শান্তিৰে ভৰা সুখময় ঠাই?
সি শোকে কান্দিছে ঘনে অথিৰ অন্তৰ।
কিন্তু যে নাজানো নাথ! মই যেনেকই
কান্দিছোঁ ইয়াত আজি তোমাক সুৱৰি,
কান্দিছা কি সেই দৰে ভাবি অভাগীক
তুমিও সি বিদেশত বিৰহত পৰি?
নহয়, নহয় নাথ। মই ভবা ভূল,
পুৰুষৰ হিয়া হায়! শিলেৰে বন্ধোৱা
বিৰহৰ জুয়ে তাক নোৱাৰে দহিব,
সি কাৰণে তুমি একা সঁতাপ নেপােৱা।
ভাবা বা ভাবা মােক, পােৱা বা নোপােৱা
বিৰহৰ তাপ তুমি শিল হৃদয়ত,
সি কথা নালাগে মােক। কিন্তু মই নাথ!
তােমাকে নিতউ পূজা কৰিছোঁ মনত।
তুমি আকশৰ জোন মই যে চাকই,
চাকইক জোনে ভাল প'ক বা নপক,
চিৰকাল চায়েতো অন্তৰে সইতে
ভাল পাব তেওকেই (আকাশী জোনক)।
কোনাে কোনাে লােকে, সছা, কওঁতেও কয়,
চকুৰ আঁতৰ হ'লে মনৰাে আঁতৰ,
কিন্তু প্ৰাণ নাথ! তুমি জানিবা নিশ্চয়,
সি কথা যি কয়, তাৰ নিৰ্ব্বোধ অন্তৰ।
যদি সেয়ে হয় নাথ! আছাতাে আঁতৰি
দাসীৰ চকুৰ পৰা আজি অত দিনে
নাই হােৱা কিয় তেনে মনৰো আঁতৰ?
কিয় আনে সোঁৱৰণী সঘনে সঘনে?
মানস ফলিৰ পৰা কি কাৰণে নাথ!
নুগুছে তােমাৰ ছবি পট মনোহৰ?
কিয় কান্দে মন প্ৰাণ সুৱৰি তােমাক,
জ্বলে কিয় দিন নিশা জুই বিৰহৰ
যতে থাকা ত'তে থাকা যিমানে আঁতৰি,
নােৱাৰোঁ একোতে মই তােমাক ভূলিব;—
যেতিয়াইকে প্ৰাণ থাকিব দেহাত,
তােমাৰেই ছবি অঁকা হিয়াত থাকিব।
আকাশত থাকে সূৰ্য্য,—চন্দ্ৰ মনােহৰ,
পদুম ভেঁটৰ ফুল থাকে মৰতত,
কিন্তু নাথ সেই বুলি, কমিছে কি কাৰো
ভাল পোৱা কিহবাত, কাৰৰ অন্তৰত?
যত দিন ই দেহাত থাকিব জীৱন,
যত দিন মই নাথ! থাকিম মৰ্ত্ত্যত,
শিৰৰ মাজে দি’ ব’ব যত দিন মােৰ
বিন্দুমাত্ৰ তেজ,—তুমি থাকিবা মনত।
আহাহা! জানিলো নাথ! বুজিলো এতিয়া,
লােৰ শিকলিত কই প্ৰেমৰ বন্ধন
শত গুণে গুৰুতৰ, যাক অনায়াসে
প্ৰেমিকে দিঙ্গিত পিন্ধি আনন্দ মগন।
লাহৰী গোলাপ ভাবি বহু হাবিয়াসে,
আজলী তিৰিয়ে তাকে পিন্ধে যে দিঙ্গিত;
মনে মনে ভাবে সুস্থ থাকিব নিতউ,
কিন্তু পাছে বিৰহত দহে মন চিত।
নেৰিম তােমাৰ সঙ্গ, আছিলে মনত
নিতে নিতে চাম মুখ ভােমাৰ বিৰলে।
এতিয়া সি আশা মােৰ গল চিগি-ভাগি,
নেদেখি তোমাক নাথ! হিয়া নিতে জ্বলে!
তোমাৰ বিৰহ ৰূপী জ্বলা অগণিত
হিয়া পুৰি ছাই কৰি নিয়াইছোঁ কাল।
তিল মাত্ৰো নাই সুখ খাওঁতে-শােওেঁত,
অমৃততো নাই ৰুচি,—নালাগে যে ভাল।
কিন্তু নাথ! এটী কথা,—যেই দিনা তুমি
এৰি গলা দুৰ্ভাগীক অকলে অকলে;
সি দিনা অৱধি হায়। গোটেই জগতে
শতৰুৰ দৰে মােক হিংসিছে বিৰলে॥
চন্দ্ৰ বােলে সুধাকৰ, চন্দ্ৰৰ কিৰণ
সুশীতল বুলি দেখাে জগতেই কয়—
কিন্তু সেই জোনে আজি দিছে নানা দুখ
ছল পাই, প্ৰাণনাথ! দহিছে হৃদয়!
জগতৰ চকু সূৰ্য্য,—গােটেই জগত
সূৰুযে পােহৰ কৰে; কিন্তু মােৰ হিয়া
ঘোৰ এন্ধাৰেৰে ভৰা; সিদিনা অৱধি
অলপো পােহৰ হায়! দেখা নাইবিয়া।
বসন্ত কালত নাথ! দুৰন্ত ঋতুত
কুউ কুউ কৰি কুলি কৰে উপহাস
হাঁহি মনে চাই মােক,—জ্বলিছে পৰাণ।
নেদেখোঁ উপায়! হলো আশাত নিৰাশ।
দক্ষিন ফালৰ পৰা বলিছে মলয়া
ৰিব্, ৰিব্ কৰে, লই সুগন্ধ ফুলৰ।
দিছে শান্তি সুধা ঢালি কাৰৰ অন্তৰত,
কিন্তু হলাহলে মোৰ দহিছে অন্তৰ।
মুঠতেই কওঁ নাথ! আপদ কালত
ঔৱে খজুৱায় মােৰ অভাগীৰ গলা।
নিউ জ্বলিছে মোৰ বিৰহ অগনি,
অথিৰ-অবিৰ মন, হিয়া জ্বলা-কলা।
বলিয়ানী মই আজি, মনো যে অথিৰ,
যিহকে আহিছে তাকে লিখিছোঁ চিঠিত,
নধৰিবা দোষ যেন এয়েই গােহাৰী
কৰিলোঁ তােমাৰ নাথ! চৰণ দুটীত।
অন্ত হল চিঠি মােৰ, আৰু কি লিখিম?
আশা কৰোঁ যেন নাথ! শীঘ্ৰে ঘৰলই
আহাঁ তুমি ভালে কালে, মোৰ অন্তৰৰ
বিৰহ এন্ধাৰ ঘােৰ আঁতৰাই থই।
নাপাহৰাঁ যেন নাথ! অভাগী দাসীক,
এয়েই প্ৰাৰ্থনা মােৰ, ইয়াকেই সাধোঁ।
জীৱনত আৰু মোৰ একো আশা নাই,
প্ৰাণৰ দেৱতা বুলি চাব খােজো মাথোঁ।”
চিঠি লিখা অন্ত হল,—ভাবিলে কুঁৱৰী
লিখোঁনে নিলিখোঁ নাম সখীৰ তলত?
দিওঁ যদি নাম লিখি জানো বেয়া হয়,
(ৰজাই শুনিলে পাছে) সখীৰ শেহত।
নালাগে নিলিখোঁ নাম, জানিব এনেই
সখীয়ে লিখিছে বুলি মন্ত্ৰীৰ পুতেকে।
এই ভাবি কুঁৱৰীয়ে সামৰিলে চিঠি
ভয়-ভয়-ভয় কৰি, জানাে ৰজা দেখে।
যদিও ৰজাৰ ৰাণী, আজলি তিৰুতা,
এফালে মাথোন দেখে, নাচায় সিফালে।
নাভাবিলে আগ পাছ, ইয়ে যে কৰিব
অনিষ্ট তেওৰ হায়! নিজৰ একালে।
সাৱধান হবা ৰাণী! ভবিষ্যত ভাগ্য
তােমাৰ দাৱৰে ঢকা। জানােবা সখীৰ
বেয়া হয়, এই ভাবি আজলী তিৰুতা।
লিখি যে নিদিলা নাম তলত চিঠি,
এয়ে যে তােমাক হায়! কন্দাব এদিন,
এদিন ইয়াকে ভাবি চকুলো টুকিবা,
লােকৰ লগত পাবা বেজাৰ কেলেশ,
কোমল হিয়াত তাপ মিছাতে সহিবা।
সামৰি-সুতৰি চিঠি, ৰিহাৰ আগত
থলে বান্ধি কুৱৰীয়ে, শুলে ধীৰে ধীৰে
আকউ কাষতে গই নিজা সােৱামীৰ,
ধৰিলে টোপনী পুনু আহি জুৰে জুৰে।