এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জানিলোঁ বিপদহীন সুখ নাইকিয়া,
প্ৰেমত কাঁঁইট সখি! চিৰ লগৰীয়া।
যেতিয়া তেঁওৰে স'তে দেখা দেখি নাই,
আছিলে নগৰ মোৰ অমৰাৰ ঠাই।
নাজানো প্ৰেমত কিনো আছে বিদ্যমান,
কৰিলে সি স্বৰ্গ মোৰ নৰক সমান।
কিনো যে সোমাল সখি! অন্তৰত মোৰ,
নাই শান্তি, নাই সুখ, চিন্তা দোৰ-ঘোৰ।
ইয়াত নবহে মন তোমাৰ লগত,
উৰোঁ উৰোঁ কৰে প্ৰাণে তেঁঁওৰ কাষত।
বসন্ত কালত সখি! বলিলে মলয়,
কৰিলে কুলিয়ে 'কুউ' কেনে সুধাময়।
তাতো কৰি সুমধুৰ সখি হে। তেওঁৰ,
সুৱলা সুৱলা কথা অমিয়া মধুৰ।
এতিয়াও আছে বাজি দুখনি কানত
তেনুৱা মধুৰ কথা। হৃদয়-ফলিত
আছে সেই ছবি অঁকা,—কিৰূপে ভুলিম?
ভাবিলে “ভূলাৰ কথা” কান্দে মন চিত।
কিবা বাজ ভিতৰত, অৰণ্য, পঠাৰ,
শীতল ছঁয়াৰ তলে, কিম্বা নই পাৰ,
সকলোতে নিতে সখি! তেঁও মোৰ ধ্যান,
তেঁও ইষ্টদেৱ ধন, তেওঁ মোৰ প্ৰাণ।
পৰিছে মনত সখি! তাহানি এদিন
শুনিছিলোঁ সুখে মই সুৱলা সঙ্গীত