পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বিতীয় সৰ্গ।

“Nor hath love's mind of any judgment taste,
Wings, and no eyes, figure unheedy haste;
And therefore is love said to be a child,
Because in choice he is so oft begull'd.
                                       —shakespeare.

 ৰিব্ ৰিব্ ৰিব্ কৰি বলিছে মলয়া
 কমতাপুৰৰ সেই ৰাজ-উদ্যানত।
 গোলাপী সখীয়ে স’তে সাদৰী কুঁৱৰী
 লইছে সন্ধীয়া-বায়ু আনন্দ মনত।
 ফুলৰ গোন্ধেৰে আজি ভৰিছে ফুলণী,—
 কুঁৱৰীয়ে চিঙ্গে ফুল এপাহি দুপাহী,—
 গোলাপ, মালতি, জাতি, বকুল বন্দুলী,
 গাঁথে মনোৰম মালা অন্তৰ উলাহি।
 মিচিকীয়া হাঁহি মাৰি সুৱলা মাতেৰে
 গোলাপী সখীৰে স’তে কৰিছে ধেমালী;—
 আনন্দেৰে ভৰা ৰাণী,-বয়স কোমল,—
 বিষাদৰ ৰেখা তাত নেদেখি সমূলী।
  ৰাণীত আজিও আহা! কৰিছে বিৰাজ
 ছোৱালী কালৰ সেই সৰল হৃদয়;—