যদিহে মাৰিব, মই পাম বিৰগতি,
তোমাকো পাৰিম গালি, য’তে পাওঁ তাতে৷
আনিম ছোৱালী কাঢ়ি,—নাক কান কাটি
পুতেৰাক সাৰ মেলি থ’ম দলনীত;
তেতিয়া জানিবা মই কেনুৱা বিয়নী;
নকৰিবা অভিমান মোৰ ছোৱালীত৷”
এই বুলি—হাঁহি পুনু কলে কণীযাক
(পুতলী জীয়াৰীটীক)—“নাকান্দিবি,—আই৷
জী হ’লে যে দিব লাগে শাস্ত্ৰৰে যুগুত,
নোৱাৰে মাৰিব তোক ভেকোলা জোঁৱাই’৷
এই বুলি খিল্ খিল্ হাঁহিলে কুঁৱৰী,
খিল্ খিল্ শবদত ভৰিলে ফুলনী;
উলাহেৰে ভৰা ৰাণী,—“কিন্তু গোলাপীৰ
নোলাল মুখত হাঁহি অলপো একনি৷
নহঁহা নমতা দেখি চেনেহী সখীক
ওবিলে ৰাণীয়ে,—”সখি! কোৱাঁ কিনো হ’ল?
হাঁহা দেখোঁ আনকাল, কিয় আজি নাই
সেই হাঁহি? চকু দুটা কিয় ছল-ছল?
কান্দো-কান্দো কি মুখ? কোৱাঁ সখি! কোৱাঁ,—
কি দুখত হ’ল আজি বেজাৰ মনত?
নেভাবিবা, বধ লাগে! কোৱাঁ সঁচাকই
কি শোকৰ ছবি আজি খেলে অন্তৰত?
“কিনো ক’ম, সখি?” দুখে ক’লে গোলাপিয়ে,
“জানা সকলোটী তুমি, —কি ক’ম দুনাই?
পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
দ্বিতীয় সৰ্গ৷