কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/প্ৰথম সৰ্গ

ৱিকিউৎসৰ পৰা

[ ১৫ ]
কমতাপুৰ ধ্বংশ কাব্য।


প্ৰথম সৰ্গ।

"Poesie, thou sweet’st content,
That are Heaven to mortals lent:
*  *  *  *
Though, thou be to them a scorn
That to nought but earth are born
Let my life no longer be
Than 1 am in love with thee."
                             —Dryden.

 দুখময় সংসাৰৰ দাৰুণ দুখত
জ্বলা কলা প্ৰাণ মোৰ,—আই বীণাপানি।
কি ৰাতি কি দিন হায়! সৰে দুচকুত
শোকৰ চকুলো ঘনে তিয়াই পৃথিবী।
জ্বলিছে নিতউ জুই হিয়াৰ মাজত
দপ্ দপ্ কৰি, মাতৃ নাপাওঁ তৰণী!
তোমাৰ কাষত মই ললোঁহি আশ্ৰয়
সিকাৰণে, দয়াময়ি! চোৱাঁ চকুমেলি।

[ ১৬ ]

তেনে, সেই ঠাই কৰিছে বিৰাজ মাথোঁ
তোমাৰ কাষতে —তযু পদৰ ইয়াত।
কবিৰ ঈশ্বৰী তুমি,—কবিৰ জননী,-
শোকাকুল হিয়া যেৱে অভগা কবিৰ
কান্দে বিয়াকুল হই,—তুমি সি কালত
ঢালি দিয়া শাস্তিপানী,—শোকভৰা হিয়া
হয় পুন শান্তি ভৰা,—শান্তিৰ নিজৰা।
 শান্তিৰ ঝৰণা দেবি। তোমাৰ কৰুণা
কুল্ কুল্ কুল্ কৰি বয় চিৰকাল;
অনন্ত অক্ষয় তাৰ শান্তি ৰূপী পানী
তাপিত নৰক কৰে শাত মন প্ৰাণ।
চেপিছে সঘনে টেটু দাসত্বৰ দোলে,
সতিনীৰ পুত্ৰ বুলি নাচায় কমলা
চকুমেলি মোক, মাতৃ!—জ্বলিছে হিয়াত
“দৰিদ্ৰ-দুখৰ জুই,"—বিৰহ-অগনি।
ভাই ভনী বান্ধৱৰ,—চেনেহী মাতৰ;
কি ৰাতি, কি দিন, হায়! নাপাওঁ তৰণী।
কৰুণা চকুৰে মাতৃ! চোৱাঁ চকুমেলি
দীনহীন প্ৰবাসীক, অযোগ্য পুত্ৰক।
দিয়াঁ ঢালি কৃপা কৰি শান্তি ৰূপী পানী
তাপিত হিয়াত মোৰ,--জ্বলে যি ঠাইত
দুখ শোক ধিকাৰৰ দাৰুণ অগনি।
 বিতৰাঁ কৰুণা, আই! লওঁ নুমুৱাই
অন্তৰৰ জ্বলা জুই- ভুলি দুখ শোক

[ ১৭ ]

শান্তিৰে ভৰাও মোৰ বিয়াকুল হিমা।
কৰাঁ মাতৃ! কৃপা মোকো, মুছো দুচকুৰ
দুধাৰি চকুলো আজি,—হৰিষ মনত
দেশীয় বনৰ পৰা তুলি বন ফুল,
কাব্যৰূপী সুতে গাথোঁ মালা আলসুৱা।
 নহওঁ মালীয়া আই! নাজানোঁ গাঁথিব
ভালকই মালা মই,—নাজানোঁ গাঁথনী
মন প্ৰাণ-মুগ্ধকৰ। তুমি দয়া কৰি
শিকাই দিয়াঁহে, আই! মই যাও গাঁথি।
গাথিম নতুন মালা, যদি কৃপা কৰা
তুমি আজি অধমক। কওঁ সকাতৰে,—
কঁৰা মাতৃ! কৃপা মোকো,—মোকো সি চকুৰে
চোৱা, চালা যি চকুৰে কবিকুল-গুৰু
বাল্মীকিক, আৰু মাতৃ! চাদি, হাফেজক।
 দিয়াঁ আই। সেই সুধা,-যি সুধা ঢালিলা
কালিদাস চেক্ষপীৰ কবিৰ মুখত
অতি চেনেহৰে সতে,-মাকে যেনেকই
স্তন দিয়ে সন্তানক সন্তোষ মনত।
যদিও অযোগ্য মই,—যদিওবা মোৰ
নাই তেনে গুণ আই। কিন্তু যে তোমাৰ
মাতৃ স্নেহে ভৰা হিয়া, সকলো পুত্ৰতে
সম স্নেহ জননীৰ,—জ্ঞানী ব অজ্ঞানী।
 নানা জাতি গজে গছ নইৰ পাৰত
কোনো দিয়ে সুধাফল,—কোনো বিষময়,—

[ ১৮ ]

কোনো সুগন্ধৰে ভৰা,—কিন্তু চোৱাঁ,—নই
ৰস দিবলই কাকো হয় কি বিমুখ?
 হীন ভাবি যদি দেবি! দয়া নকৰিবা
আজি মোক,- হায়! তুমি ৰাখিব কি কৰি
"সন্তান-বৎসলা” নাম? দিবা কি প্ৰমাণ
মহত গুণৰ তযু? মহতৰ হিয়া
নোহে ভৰা পক্ষপাতে,—-সকলো সমান।
চোৱা মাতৃ! চন্দ্ৰ সূৰ্য্য জলিছে নিতউ
আকাশ-মাৰ্গত, অহা! ঢালিছে কিৰণ
সমভাবে সকলোতে (ৰাজ-মন্দিৰত,
দৰিদ্ৰৰ চোতালত,—সুন্দৰ ফুলনী,
কিম্বা হায়! মৰিশালী অগাধ বননী,
সকলোতে একে ভাবে)। মলয়া বতাহ
ৰিব্ ৰিব্ ৰিব্ কৰি বলে যেনেকই
ফুলনী মাজত দেবি! সেই একেদৰে
ধীৰে ধীৰে থাকে বলি গহীন শ্মশানে।
 সিকাৰণে কওঁ মাতৃ! কৃপা কৰাঁ তুমি,
পুৰণী কলীয়া কথা আজি মই গাওঁ
নানা ছন্দময় সুৰে কমতাপুৰৰ।
নোগোৱালে তুমি আই! গাম কেনেকই?
মই যে নাজানো একো, -কবিৰ ঈশ্বৰি!
অধমক কৃপা কৰা চাই চকুমেলি।


কমতাপুৰ ধ্বংস কাব্য (page 18 crop)
কমতাপুৰ ধ্বংস কাব্য (page 18 crop)