সাহিত্য আৰু প্ৰেম/পণ্ডিতৰ ভূমাস্পৃহা

ৱিকিউৎসৰ পৰা

[ ৩৭ ]

পণ্ডিতৰ ভূমাস্পৃহা

 কাব্য বা কথা-সাহিত্য আলোচনা কৰিবলৈ হ’লে প্ৰথমতেই পঢ়ুৱৈ সমাজে গ্ৰন্থকাৰ কি পৰিমাণে আলোচ্য বা কথা—বস্তুৰ দ্বাৰা অনুপ্ৰাণিত হৈছে, সেইটোৰ বিচাৰত মন দিয়ে। লেখকে যিমানখিনি বিষয়-বস্তুৰ লগত একীভূত হ’ব পাৰিছে, যিমানখিনিৰ অন্তস্থল ভেদ কৰি তাৰ সূক্ষ্মমৰ্ম গ্ৰহণ কৰি বিষয়-বস্তুৰ ফালৰ পৰা সকলো কথা ৰসাভিসিক্ত কৰি তুলিব পাৰে সেই পৰিমাণে তেওঁ জনসমাজৰ হৃদয় মচিব নোৱৰাকৈ স্পৰ্শ কৰিব পাৰে; সেই পৰিমাণে তেওঁৰ উক্তিয়ে যুগমীয়া প্ৰবচন হিছাপে লোক-সমাজত প্ৰচাৰ লাভ কৰে। কিন্তু সেই ঐক্যানুভূতিৰ লৰচৰ নোহোৱা কিবা স্বৰূপ আছেনে? আমি সচৰাচৰ দেখো একেটি বিষয়কেই নানান কবিয়ে নানাভাৱে আমাৰ প্ৰাণত আঘাত কৰাব পৰাকৈ সজাই তোলে। চৰাই কবিতাত দেখো কোনো কবিয়ে তাক বিশ্বচৈতন্যৰ অমৰাবাসীৰ আগদূত বুলি কল্পনা কৰে, কোনোৱে বা বিশ্বজগতত যি অহৈতুকী আনন্দ-ৰস বাগৰি ফুৰিব লাগিছে তাকেই চৰাই বিশেষৰ মাতত ফুটি ওলোৱা বুলি কল্পনা কৰে। কোনোৱে আকৌ চৰাইৰ মাততেই জগতৰ সৌন্দৰ্য ভঁড়ালৰ দুৱাৰ মেল খায় বুলি কয়। তেনেহ’লে বিষয়-বস্তুৰ ঐক্য-সহানুভূতিত কোনো ধৰা-বন্ধা পদ্ধতি বা প্ৰণালী থাকিব নোৱাৰে। কবি আৰু কাব্য বিষয়ে কোনে কাক আগেয়ে স্পৰ্শ বা আঘাত কৰে? কবিয়ে কঠোৰ চিন্তা বা চেষ্টাৰ দ্বাৰা কোনো বিষয়ৰ লগত ঐক্যানুভূতি সাধন কৰিব নোৱাৰে— স্পৰ্শ বা আঘাত কৰে আগেয়ে কাব্য বস্তুৰেই। চিন্তা আৰু মনৰ দ্বাৰাই কবিয়ে মাথোন সেই আঘাত বৰণ কৰি ল’বৰ শক্তি সংগ্ৰহ কৰে। সেই আঘাতত কবিৰ মনত বিস্ময়, আনন্দ, সৌন্দৰ্য আদি যি ভাবৰ প্ৰতিধ্বনি হয়, কাব্য বা কথা-সাহিত্যত তাকেই আমি শুনিবলৈ পাওঁ। ইয়াকেই আমি সাহিত্যত প্ৰকৃতিৰ পৰশ বা একাত্ম-বোধ বুলিব পাৰো। মহাকবি শ্বেক্সপীয়াৰে এঠাইত কৈছে— “One touch of nature makes the whole world kin." —“প্ৰকৃতিৰ এবাৰৰ পৰশেই গোটেইখন জগতকেই আত্মীয় কৰি তোলে।”

 কিন্তু বিষয় বস্তুৰ লগত একাত্ম বোধৰ লগে লগে ভাবুকৰ মনত সময়ে সময়ে বিশ্বাত্ম-বোধে আহি ভুমুকি মাৰে। জগতখনেই চৈতন্যময়, সৌন্দৰ্যময়। সেই চৈতন্যৰ অনন্ত প্ৰবাহ সেই সৌন্দৰ্যৰ অফুৰন্ত বিকাশৰ সপোন মন-প্ৰাণ এনেভাৱে অভিভূত কৰে যে জাগতিক জীৱনৰ লগত তাৰ সামঞ্জস্য স্থাপন কৰিবৰ শক্তি নেথাকিলে [ ৩৮ ] বাস্তৱিক সংসাৰত ভাবুকৰ জীৱন খৰ্ব হৈ পৰে। এজন কৃতবিদ্যা পুৰুষৰ বিশ্বাত্ম-বোধৰ কৰুণ কাহিনীয়ে বিষয়টো ভালকৈ ফুটাই তুলিব।

 ছুইটজাৰ্লেণ্ডৰ জেনেভা নগৰত ১৮২১ খ্ৰীষ্টীয় শকত ফ্ৰেডাৰিক আমীয়েলৰ জন্ম হয়। বাৰ বছৰ বয়সত তেওঁৰ মাক-বাপেক ঢুকায়। পাৰিবাৰিক জীৱন এইদৰে ভাগি গলত আমীয়েল এজন আত্মীয়ৰ তত্ত্বাৱধানলৈ আহিল আৰু তেওঁৰ ভনীয়েক দুজনী আন এজনৰ তত্ত্বাৱধানৰ তললৈ গ’ল। কুমলীয়া বয়সতেই মন-প্ৰাণৰ স্বাভাৱিক বিকাশত সহায় কৰা স্নেহৰ পৰা বঞ্চিত হৈ আমীয়েলে কিছুদিন নিৰানন্দময় জীৱন-যাপন কৰিলে। তদুপৰি তেওঁৰ স্বাস্থ্য সৰুৰে পৰাই বৰ ভাল নাছিল। ভঙ্গুৰ স্বাস্থ্যৰ মানুহৰ স্বাভাৱিকতেই স্নায়ৱিক চাঞ্চল্য বেছি। বয়সৰ লগে লগে তেওঁ আৱেগময় আৰু বিষাদপ্ৰৱণ হৈ উঠিল।

 যদিও পৰীক্ষাত ভালকৈ উঠি বঁটা আৰু বিশিষ্ট সন্মান লাভ কৰাৰ বিশেষ উল্লেখ নাই তথাপি সৰুৰে পৰাই গভীৰভাৱে বহুত পাঠত আমীয়েলে মন দিছিল। নিজৰ সমনীয়াবোৰতকৈয়ো বয়স আৰু জ্ঞানত তেওঁতকৈ শ্ৰেষ্ঠবোৰৰ লগতহে মিলি ভাল পাইছিল। জেনেভা নগৰত পঢ়ি অঁতাই ১৮৪২ খ্ৰীষ্টীয় শকৰ পৰা ১৮৪৮ শকলৈ আমীয়েলে ছবছৰ কাল য়ুৰোপৰ সকলো ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়বোৰত পঢ়ি সেই সময়ত প্ৰচলিত দৰ্শন-বিজ্ঞান আদি শাস্ত্ৰত পাৰদৰ্শিতা লাভ কৰে। তেওঁ নিজেই এঠাইত কৈছে, “মোৰ জ্ঞানৰ নভোমণ্ডল বৰ বহল। দেশ, পাত্ৰ, মানৱ-চৰিত্ৰ, মানৱ-সমাজ, শাস্ত্ৰ-গ্ৰন্থ ইত্যাদি বিষয়ত মোৰ অভিজ্ঞতা অতুল।”

 এইদৰে অতুল জ্ঞান সঞ্চয় কৰি আঠাইশ বছৰ বয়সত আমীয়েল জেনেভালৈ উভতি আহে। তেওঁৰ চকু জ্ঞানত উদ্ভাসিত, ব্যৱহাৰ সৰল আৰু জ্ঞানৰ বোজাই স্বভাৱত কোনো জঠৰতা আৰু অভিমান আনিব পৰা নাই। তেওঁৰ বন্ধুসকলে ভাবিলে আমীয়েলে য়ুৰোপীয় পণ্ডিত-সমাজৰ ৰীতি অনুসাৰে জ্ঞান-বিজ্ঞান আলোচনা ক্ষেত্ৰত দিগ্বিজয়ী বীৰৰ দৰে খোজকাঢ়িব। গৱেষণাৰ ভৱিষ্যৎ তেওঁৰ হাতৰ মুঠিতেই। বন্ধুসকলৰ এই আশা প্ৰথমতে ফলিয়ালেই যেন লাগিল। বাছনি পৰীক্ষা এটিত সন্মানেৰে উঠিলত ১৮৪৯ খ্ৰীষ্টীয় শকত জেনেভা বিশ্ববিদ্যালয়ত তেওঁ ৰসবিদ্যা (Aesthetics) আৰু ফৰাছী সাহিত্যৰ অধ্যাপক নিযুক্তি হ’ল আৰু অলপ পিছতেই নৈতিক বিজ্ঞানৰ (Moral Philosophy) অধ্যাপকৰ বাব পালে।

 এইদৰে জীৱিকা-সমস্যাৰ সমাধান হ’ল। তেওঁৰ বন্ধুসকলে ভাবিলে, আমীয়েলৰ জ্ঞান-চৰ্চাৰ ভেটি এতিয়া সুদৃঢ় হ’ল। কিন্তু আমীয়েলৰ হ’ল কি? বন্ধুসকলে দেখিলে আমীয়েল লাহে লাহে মৰহি যাবলৈ ধৰিছে। তেওঁ কোনো গৱেষণা বা আলোচনাৰ কামতেই যোগ নিদিয়ে। অতুলনীয় জ্ঞান অথচ ল’ৰাক পঢ়োৱাতো তেওঁৰ কোনো [ ৩৯ ] কথা ৰসাল হৈ ফুটি নুঠে। বন্ধুসকলে উদগাব ধৰিলে, কিন্তু আমীয়েলে নীৰস লালিত্যবিহীন কবিতা কেতবোৰ লিখি তেওঁলোকৰ উদগনিৰ উত্তৰ দিলে। তেওঁলোক নিৰাশ হ'ল আৰু তেওঁলোকৰ মানত আমীয়েলৰ জীৱন-বিৰাট এটি ব্যৰ্থতা যেন লাগিল।

 ১৮৮১ খ্ৰীষ্টীয় শকত আমীয়েলৰ মৃত্যু হয়। ১৮৮২ শকত অবিবাহিত আমীয়েলৰ সাহিত্যিক উত্তৰাধিকাৰীসকলে ‘Journal Intime’ –‘আমীয়েলৰ অন্তপ্ৰাণৰ ডায়েৰী’ বুলি সুবৃহৎ গ্ৰন্থ এখন প্ৰকাশ কৰিলে। আমীয়েলৰ অন্তৰঙ্গ বন্ধু এডমাণ্ড ছেৰাৰে এখনি দীঘলীয়া পাতনি লিখি অতিশয় ক্ষোভ কৰি কৈছিল, “মোৰ দূৰ-দৃষ্ট যে জীয়াই থাকোতেই বন্ধুক মই বুজিব নোৱাৰিলো। ‘অন্তপ্ৰাৰ্ণৰ ডায়েৰী’ত যি কৰুণ কাহিনী বিবৃত হৈছে সেইটো আগেয়ে জনাহেঁতেন কিজানি কৰুণা-সম্পৃক্ত শলাগৰ কথাৰে তেওঁৰ বেদনা লাঘৱ কৰিব পাৰিলোহেঁতেন।” তেওঁ আকৌ কয়, “যিজনে জীৱিতাৱস্থাত নিজৰ শক্তিৰ অনুৰূপ কোনো গ্ৰন্থ এখন আমাক দিব নোৱাৰিলে, মৰণত আমাক এনে এখন অপূৰ্ব ৰচনা তেওঁ দি গ’ল যিখন চিৰকাল অমৰ হৈ থাকিব।”

 ‘ডায়েৰী’খনত কি আছে? ই আমীয়েলৰ অন্তৰাত্মাৰ অনুভূতিৰ বুৰঞ্জী। অধ্যাপকৰ কাম কৰা সময়ৰ পৰা মৰণৰ দিনলৈকে তেওঁৰ ধ্যান-ধাৰণা, তন্ময়তা, ভাবাৱেশ, সমাজ, নীতি, দৰ্শন, সাহিত্যৰ সমালোচনা আদি নানান কথাৰ সমাৱেশ। লৌকিক জগতৰ ফালৰ পৰা তেওঁৰ জীৱন কি কাৰণত ব্যৰ্থ হৈছিল তাৰ সবিশেষ বিৱৰণ ইয়াত অকপটভাৱে মোকলাই কোৱা হৈছে। ইয়াক তেওঁ জনসমাজত প্ৰকাশ কৰিবৰ বাবে লিখা নাছিল। আনকি তেওঁৰ অন্তৰঙ্গ বন্ধু ছেৰাৰেও তেওঁৰ মৰণৰ আগলৈকে ইয়াৰ অস্তিত্বৰ কথা জনা নাছিল। ‘Journal Intime’ — ‘অন্তপ্ৰাণৰ ডায়েৰী’— আমীয়েলৰ অন্তৰাত্মাৰ লগত নিভৃত কথোপকথন।

 ডায়েৰীত সাহিত্য, বিজ্ঞান, সমাজ, নীতি আদি বিষয়ক যিবোৰ সমালোচনাত্মক টোকা আৰু মন্তব্য আছে, সেই বোৰ যথাৰ্থ আৰু বহুমূলীয়া বুলি য়ুৰোপীয় সাহিত্যিকসকলে গ্ৰহণ কৰিছে আৰু সেই অনুসাৰে তেওঁক যথেষ্ট প্ৰশংসাও কৰিছে। কিন্তু যি কাৰণত তেওঁ প্ৰকাশ্য জীৱনত তেওঁৰ প্ৰতিভাৰ অনুৰূপ কোনো গৌৰৱময় ডাঙৰ আলোচনাত হাত নিদিলে সেই কাৰণৰ প্ৰকৃত মূল্য নিৰ্দ্ধাৰণ কৰাত নানা পণ্ডিতৰ নানা মত।

 আমীয়েল সৰুতেই প্ৰাণস্পৰ্শী স্নেহৰ পৰা বঞ্চিত হৈছিল। তেওঁৰ স্বাস্থ্যও ক্ষণভঙ্গুৰ আছিল। সৰুৰেপৰাই তেওঁ বিষণ্ণ আৰু আৱেশপ্ৰৱণ আছিল। বিশাল পাঠ আৰু ভ্ৰমণৰ দ্বাৰা মনৰ সকলো সঙ্কীৰ্ণতা আঁতৰাই তাক উদাৰ ভাব আৰু অনুভূতি [ ৪০ ] গ্ৰহণ কৰিব পৰা কৰি তুলিছিল। জেনেভা নগৰৰ পাৰিপাৰ্শ্বিক সমাজতো তেওঁৰ মানসিক সহানুভূতি আকৰ্ষণ কৰিব পৰা চৰ্চাৰ অভাৱ দেখি মকৰাই নিজৰ জালত নিজে বাহ লৈ থকাৰ দৰে আমীয়েলেও নিজৰ ভাবৰ কুহেলিকা ৰচনা কৰি তাতেই বুৰ গৈ থাকিল। বাহ্য জগতৰ সংসৰ্গৰ পৰা যিমানইে তেওঁৰ মন আঁতৰি আছিল, তেওঁৰ অন্তৰাত্মায়ো বিশ্বৰ সৌন্দৰ্য আৰু অন্তঃচৈতন্যৰ অনুভূতিৰ বিষয়ত তিমানেই বিস্তৃতি লাভ কৰিলে। প্ৰকাশ্য জীৱনত ব্যৰ্থতাৰ কাৰণ তেওঁ নিৰ্দেশ কৰিছে তেওঁৰ ‘Longing for totality’— ‘ভূমাস্পৃহা’। তেওঁৰ মন সৰ্বদায় অসীমৰ অনুভূতিৰফালে ধাৱিত হোৱাত বাস্তৱিক জীৱনৰ সীমাবদ্ধতা তেওঁৰ পক্ষে অসহ্য হৈ উঠিছিল। “আৱেশময় জীৱনতহে মই স্বাধীনতা আৰু গৌৰৱ অনুভৱ কৰোঁ। বাস্তৱিক জীৱনে মনত ভয় ওপজায়। আদৰ্শৰ প্ৰতি তন্ময় দৃষ্টিয়ে সকলো অপূৰ্ণ বস্তুৰ প্ৰতি মোৰ বিতৃষ্ণা জগাই তোলে।” আমীয়েল চিৰকুমাৰ আছিল। ‘ভূমাস্পৃহা’ৰ উদ্বেল চাঞ্চল্যত জৰ্জৰিত হৈ কেতিয়াবা দাম্পত্য জীৱনৰ প্ৰতিও তেওঁ সতৃষ্ণ দৃষ্টিপাত কৰিছিল। “জিৰণি ল’বলৈ তিৰোতাৰ হিয়া এডুখৰি কেতিয়াও নেপামনে? সন্তানতেই নতুনকৈ উপজি আকৌ গুৰিৰ পৰা জীৱন আৰম্ভ কৰিবলৈ সুচল নেপামনে? মোৰ যি জীৱন ব্যৰ্থ আৰু খৰ্ব হৈ পৰিছে তাৰ স্বাভাৱিক বিকাশ আৰু স্ফূৰণৰ বাবে অকণমান সংসাৰ এখনি পাতি ল’ব পাৰিমনে? মোৰ সপোন মোৰ বিশ্ব-সপোন ভাগিবৰ ভয়ত মই কোঁচ খাওঁ, মই হুহুঁকি আহো। সপোনৰ খেলাতেই মই যথাসৰ্বস্ব পণ কৰিছো। মই যেন সপোনতেই বুৰ গৈ থাকো।”

 অসীমৰ প্ৰতি উদ্দাম আৱেগৰ ফলত তেওঁৰ মানসিক শক্তি এনেভাৱে উৱলি পৰিছিল যে গৱেষণা গ্ৰন্থ ৰচনা আদি সীমাবদ্ধ কামত যি ধৈৰ্য আৰু চিন্তাৰ একাগ্ৰতা লাগে, তাৰ বাবে তেওঁ অক্ষম পৰিছিল। তেৱোঁ এইটো বুজিছিল— “ৰচনা কামত একাগ্ৰতা, মীমাংসা কৰিব পৰা শক্তি আৰু মনৰ স্বচ্ছন্দ-গতি লাগে। মই ভাব আৰু ভাব্য বিষয়ক চিন্তাৰ ভাবেৰে জোৰা খুৱাব নোৱাৰো। কোনো এটি বিষয়ক আকৃতি দিব লাগিলে তাক চিন্তাৰ আঁকুহিৰে টানি আনি আমাৰ মানসিক বৃত্তিৰ অঙ্গিভূত কৰি ল’ব লাগে। এইটো মোৰ পক্ষে অসম্ভৱ। মোৰ গোটেই প্ৰকৃতি এনেকৈ অসীম, অনিৰ্দিষ্টতাৰ ফালে বিয়পি পৰে, সকলো বাহ্য বস্তুৰ মৃদু বা কঠোৰ আঘাততেই ই তল যায়। সত্যৰ প্ৰতি মোৰ এনে গভীৰ প্ৰীতি কিজানি কেতিয়াবা ভুল হয় এই ভাৰতেই কোনো বিষয়ে মই মতামত বা সিদ্ধান্ত দিব নোৱাৰো।”

 পাৰিপাৰ্শ্বিক সমাজ আৰু সমসাময়িক জগতৰ চিন্তা-প্ৰবাহৰ লগত নিজৰ ভাবধাৰা সামঞ্জস্য কৰিব নোৱৰাটোৱেই আমীয়েলৰ কৰুণ অৱস্থাৰ মূল কাৰণ। সৰ্বসাধাৰণ আৰু বন্ধুসকলে তেওঁৰ পৰা যি আশা কৰিছিল সেই আশা পূৰ্ণ কৰিবলৈ তেওঁ [ ৪১ ] অপাৰগ। তেওঁ নিজেও বুজিছিল, বন্ধু সমাজৰ মানত তেওঁ খৰ্ব হৈ পৰিছিল। অথচ বিৰাট কল্পনা আৰু উলপব্ধিৰ চেষ্টাৰ পৰা তেওঁ মনকো কোঁচাই আনিব নোৱাৰে আৰু আনিবলৈ যত্নও কৰা নাই।

 তলত আমীয়েলৰ ভাবৰ আৱেগৰ কেইটিমান নমুনা দি সাহিত্যত সেইবোৰৰ কি ঠাই তাক আলচ কৰা যাব।

 ৭ ছেপ্টেম্বৰ, ১৮৫০।

 “এতিয়া নিশা দহোটা বাজিল। জোনৰ পোহৰে ঘৰৰ চালখনক এটি অনাভুৱা ৰহস্যময়ী দীপ্তিৰে উদ্ভাসিত কৰি মনোমোহা কৰি তুলিছে। ৰিবৰিব কৰি বতাহ, আকাশতো কেইডোখৰমান উটি ফুৰা ডাৱৰ অনাই-বনাই ফুৰিব লাগিছে। এই স্নিগ্ধ গৌৰ প্ৰভাৰাশিয়ে ওপৰৰ পৰা প্ৰাণবিৰিঙা স্তিমিত শান্তিকণা বৰষিব লাগিছে। তৰাবোৰ জিলিকিছে, গছৰ পাতবোৰ ৰূপালী পোহৰত দুলিব লাগিছে। চাৰিওফালে কোনো সাৰসুৰ নাই। গছৰ তলৰ একা-বেঁকা বাটবোৰত অন্ধকাৰৰাশি স্তুপীকৃত হৈ থকা যেন লাগে। সকলো যেন গাম্ভীৰ্য আৰু ৰহস্যেৰে আচ্ছন্ন। অ’ নিশা, অ’ নীৰৱতা, অ’ নিস্তব্ধকাল। বিষাদ আৰু মধুৰতা তোমাৰেই লগৰীয়া। তুমিয়েই মনত বিষাদ কালিমা ঢালি দিয়া, তুমিয়েই শান্তিও দিয়া। পৃথিৱীৰ পৰা লুপ্ত হৈ যোৱাবোৰৰ সোঁৱৰণি তুমিয়েই জগাই তোলা, আগলৈ নাইকিয়া হোৱা লগৰীয়াবোৰৰ আগ-বাতৰিও তুমিয়েই সূচনা কৰা। কিন্তু তুমিয়েই ধৈৰ্য ধৰিবলৈ উদগোৱা আৰু তুমিয়েই জিৰণিও দিয়া।”

 ২ ডিছেম্বৰ, ১৮৫১।

 “অন্তৰতম প্ৰদেশত ৰহস্যময়লৈ অকণমানি ঠাই এৰিবা। আপোন ফঁহিয়নিৰ নাঙলফালেৰে অন্তৰৰ আটাইখিনি মাটি তল-ওপৰ কৰি নেপেলাবা। বতাহত উৰি অহা গুটি এটিও খোহা খাই থাকিব পৰাকৈ হিয়াৰ অকণমানি চুক এটি নচহোৱাকৈ এৰিবা আৰু ৰাখিবা, উৰি যোৱা চৰাই এটি জিৰাব পৰাকৈ অলপমানো ছাঁ, সন্ধিয়াৰ অচিন্তিত আলহীলৈ এডুখৰি ঠাই; অজানিত দেৱতালৈ আৱেগৰ থাপনা। যদি অন্তৰাত্মাৰ ঠেঙ্গুলিৰ মাজত কোনোবা চৰায়ে কূজন কৰে তাক বাহত ভৰাই পুহিবলৈ খৰ-ধৰ নকৰিবা। যদি অন্তৰত কিবা অভিনৱ পদাৰ্থৰ সঞ্চাৰ বা অন্তৰ্প্ৰদেশত কিবা ভাব বা ভাবনাৰ উন্মেষ অনুভৱ কৰা তাৰ ওপৰত ততালিকে পোহৰ পেলাবলৈ লৰা-ঢপৰা নকৰিবা, তাৰ পিনে নেচাবা, গজালি মেলা ভাবৰ কণিকা, পাহৰণিৰ ছাঁ, তাৰ চাৰিওপিনে নিবিড়তাৰ জেওৰা দিবা। তাৰ এন্ধাৰ কোনোক্ৰমে নেভাঙিবা। সি আপোনা-আপুনি বাঢ়ক, নিজৰ গতি লওক, তোমাৰ আনন্দৰ বাতৰি কাকো নজনাবা। ই প্ৰকৃতিৰ পুণ্য-প্ৰক্ৰিয়া— ভাবৰ সকলো গজালিকেই বিনয়, মৌন আৰু এন্ধাৰৰ তিনি তৰপীয়া ওৰণিৰে লুকুৱাব লাগে।”

[ ৪২ ]  ২৮ এপ্ৰিল, ১৮৫২।

 “আকৌ চাৰিওফালে বসন্তৰ বতাহ; বসন্তৰ অৱসাদ শৰীৰত পিৰপিৰাই বগাই ফুৰিছে যেন লাগে। পুৱা চাৰিওফালৰ দৃশ্য, কবিত্বময় ভাব, চৰাইৰ কূজন, স্নিগ্ধ বেলিৰ পোহৰ, নিৰ্মল সেউজীয়া পথাৰৰ ওপৰত ঢৌ তোলোৱা মৃদু বতাহ— আটাইবোৰে মোৰ হৃদয় মন ওপচাই খলকনি তুলি দিছিল। এতিয়া সকলো নিটাল। অ’ নীৰৱতা, তুমি বৰ বিভীষিকাময়। নিস্তব্ধ সাগৰৰ তলত জলৰাশিৰ তলত থকা এন্ধাৰ গহ্বৰৰ ছায়া মানুহৰ চকুত যেন ‘বিভীষিকাময়’, তুমিও তেনে বিভীষিকাময়। তুমিও আমাৰ অন্তৰ্নিহিত গভীৰ গাঁত, অতৃপ্ত বাসনা, শোকৰ জৰণাত ঘূৰাই নি আমাৰ চকুত পেলোৱা, আমাৰ মূৰ ঘূৰণি উঠে। অ’ নিস্তব্ধতা, তোমাতকৈ ধুমুহা বহুত গুণে ভাল, সি অন্ততঃ ভীষণ ৰহস্যপুঞ্জত আবৰি থকা জলৰাশিৰ ওপৰত ঢৌ তুলি দিয়ে। ইন্দ্ৰিয়ৰ ক্ষোভ বহুত গুণে শ্ৰেয়— সি অন্তৰত চাঞ্চল্য জগাই দি অতলস্পৰ্শী শূন্যতাক চকুৰ আঁতৰত ৰাখে। ধূলিত ওপজা মহাকালৰ সন্তান— আমাত সকলোতে অসীম অনন্তৰ মূৰ্তিয়ে প্ৰহেলিকাময় ভয়, ইচ্ছাৰোধী বেদনাৰ সঞ্চাৰ কৰে। আমি মৃত্যুৰাজ্যত সোমোৱা যেন পাওঁ। অ’ মোৰ নিছলা হিয়া, তোৰ বাসনা হৈছে জীৱন প্ৰেম, মায়াৰ প্ৰতি। তোৰ বাসনাই সঁচা, কিয়নো জীৱন শূন্যময়।”

 “অসীমে সৈতে মুখা-মুখি হোৱা এইবোৰ ক্ষণত বাস্তৱিক জীৱন কেনে বিৰূপ যেন লাগে। যিবোৰ কাম বা ভাবত লিপ্ত বা উত্তেজিত হৈ থাকো, সেইবোৰ কেনে নীৰস, অসাৰ আৰু ল’ৰাৰ ধেমালি যেন লাগে। নিজকেই পুতলা খেলৰ সামগ্ৰী, বহুৱাৰ ভাবনাত গম্ভীৰভাৱে অভিনয় কৰা ভাৱৰীয়া যেন পাওঁ। এনেবোৰ ক্ষণত চকুৰ আগত থকা সকলো বস্তুৱেই বৰণ সলায়, সকলোৰে পৰিৱৰ্তন ঘটে যেন বোধ হয়। এমাৰ্ছনে সঁচাকৈয়ে কৈছে— ‘জীৱন এটি ৰূপক মাথোন।’ পদাৰ্থতকৈ ভাব বেছি সত্য। জনশ্ৰুতি, বুঢ়াৰ বচন, সাধুকথা আদি প্ৰাকৃতিক বুৰঞ্জীতকৈ বেছি সঁচা। সেইবোৰ ভাববাহী সঙ্কেত। আত্মাই প্ৰকৃত সত্য। আনবোৰ? —ছায়া, মৰীচিকা, ইন্দ্ৰজাল, ৰূপক, সপোন। কেৱল চৈতন্যইহে অমৰ সত্ত্বাবান, সম্পূৰ্ণ বাস্তৱ! পৰিদৃশ্যমান জগত কেৱল খাৰ-বাৰুদৰ খেলা, বিৰাট ভোজবাজী। ই আত্মাৰ বিকাশ আৰু আনন্দৰ বাবে সৃষ্টি। চৈতন্যই বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াৰ সূৰ্য প্ৰেম। আকৌ বহিৰ্জীৱনৰ চিন্তাত আহি পৰিলোহি। ই আত্মাৰ ঐকান্তিক অনুভূতিৰ পৰা মোক ৰক্ষা কৰে, নহয় বিচ্ছিন্ন কৰে। চিন্তাই আৱেশৰ তন্ময়তা ভাঙি পেলায়, অনুভূতিৰ কোমল ডেউকা পুৰি পেলায়। সেই কাৰণে বিজ্ঞান-চৰ্চাই মনুষ্যত্বৰ গৰিমা বিকাশ নকৰায়, ই নীৰস সত্তা, শুকান চিন্তাৰ জঁকা কেতবোৰ সজাই তোলে। অ’! আমি যেন অনুভূতিৰ ৰাজ্যত জীয়াই থাকিব পাৰো, আপোন-ফঁহিয়নিৰ বিষয় যেন সতৰ্ক হওঁ।”

[ ৪৩ ]  আবেলি।

 “যোৱাবোৰ দিনৰ ভূমানন্দৰ আৱেশৰ সুখ আকৌ উপভোগ কৰিবলৈ পামনে? যেনে এদিনাখন ডেকা বয়স দোকমোকালিতেই উদ্বিগ্ন দুৰ্গৰ প্ৰান্তৰত বহি আছিলো! আকৌ এদিনাখন ভৰ বেলি যেতিয়া লাভে নগৰৰ ওপৰৰ পৰ্বতত গছৰ তলত দীঘল দি পৰি আছিলো, লগৰ লগৰী মাথোন তিনিটি পখিলা। আকৌ এদিনাখন যেতিয়া উত্তৰ মহাসাগৰৰ বালুকাময় তীৰত চিত হৈ দীঘল দি পৰি আছিলো, মোৰ চকুৱে আকাশত ছায়াপথৰ বাট বগাই ফুৰিছিল। সেইবোৰ আকৌ উভতি আহিবনে? সেই সপোন, সেই অমৰ বিৰাট বিশ্ব-সপোন— যেতিয়া মনৰ হৃদয়ে গোটেই ব্ৰহ্মাণ্ডখনকেই নিজৰ বুকুত সামৰি লোৱা যেন পায়— যেতিয়া মানৱাত্মাই উথলি উঠি নক্ষত্ৰমণ্ডলী স্পৰ্শ কৰে, অসীমক বুকুৰ মাজত সাবটি লয়, কি মণ্ডল-মণ্ডিত ক্ষণ! কি সন্মোহন কাল! যেতিয়া চিন্তাই জগতে জগতে উৰি ফুৰে, বিৰাট বিশ্বপ্ৰহেলিকা ভেদ কৰে, যেতিয়া মানৱ হৃদয়ে সাগৰৰ জলৰাশিৰ প্ৰশান্ত হেন্দোলনিৰ দৰে উদাৰ অনুদ্বিগ্ন গভীৰ বুকুভৰা উশাহ লয়, যেতিয়া চিন্তাই অসীম নীল-নভোমণ্ডলৰ দৰে বনাই ফুৰে, যেতিয়া য়ুৰেনীয়া দেৱীয়ে উপাসকৰ কপালত তন্ময়-সমাধিৰ পৰিচায়ক জ্যোতিঃপুঞ্জৰ চন্দন-ৰেখা আঁকি দিয়ে, উপাসকৰ হৃদয়ত প্ৰতিভাৰ শান্ত উন্মাদনা ঢালি দিয়ে! কি অবাধ অনুভূতিৰ ক্ষণ! যেতিয়া মানুহে নিজকেই দেৱতাৰ দৰে প্ৰশান্ত ব্ৰহ্মাণ্ডৰ সমান বিৰাট বুলি অনুভৱ কৰে। আকাশৰ নক্ষত্ৰ-মণ্ডলীৰ পৰা পৃথিৱীৰ শামুকৰ খোলা বা শেলুৱৈলৈ বিশ্বৰ সকলো সৃষ্টি পদাৰ্থই, আমাৰ চকুৰ আগত ক্ষয় হয়, আমাৰ হিয়াত থিতি লয়, বিধিৰ অলঙ্ঘনীয় বিধান অনুসাৰে আৰু প্ৰেমৰ সৰাগ উষ্ণতাৰে বিশ্ব-শক্তিয়ে আমাৰ অন্তৰত সৃষ্টি-প্ৰক্ৰিয়াৰ ৰহস্য দেখুৱায়। কি মঙ্গলময় ক্ষণ! কি সন্মোহন স্মৃতি! তাৰ পিছৰ অখণ্ড নভোমণ্ডলে বেঢ়ি থকা ধ্যানৰ ওখ টিঙৰ পৰা সংসাৰৰ পঙ্কিল ক্ষুদ্ৰতাৰ বাটত আহি নমা— কি পতন! সেইবোৰ মাহেন্দ্ৰক্ষণত কি বিৰাট সত্তাৰ আভাস পাওঁ। বাস্তৱিক জীৱন, কি তাৰ নীৰস কৃত্ৰিম ছায়া! আমাৰ যৌৱনৰ দূৰদৰ্শী বিজুলী দৃষ্টিয়ে আদহীয়া বয়সৰ অলস বৈচিত্ৰ্যহীন সন্ধিয়াৰ চকাছন্দাক বেছি গহীন আৰু নীৰস কৰি তোলে।”

 ২৯ এপ্ৰিল।

 “পুৱা, বতাহ বৰ জুৰ। আকাশখন পাতল মেঘেৰে ঢাক খাই আছে। ফুলনিলৈ গ’লো, বসন্তই কিমানখিনি বিকাশ লাভ কৰিছে চাবলৈ। ফুলবোৰৰ কি শুভ্ৰ সৰলতা, কি বিনয়ৰাগ-ৰঞ্জিত লাৱণ্য। হে বিস্ময়প্ৰসূতি, সুকোমল ৰহস্যময়ী প্ৰকৃতি! আমি তোমাতেই জীৱন-ৰস বেছিকৈ নিবিচাৰো কিয়? আমি সৰ্বদায় ব্যস্ত ভাৰাক্ৰান্ত, চিন্তাকুল কৰ্মলিপ্ত, আমি পাঠনিমগ্ন! কিন্তু অতি লাগতিয়াল কথা হৈছে, চিন্তাৰ বোজা, পাণ্ডিত্যৰ [ ৪৪ ] ভাৰ নমাই থ’ব পৰাটোহে— আকৌ ল’ৰালি কালৰ দৰে সৰল মুকলিচিতীয়া হৈ বৰ্তমান ক্ষণতেই সুখত বুৰি থাকিব পৰা ক্ষমতা লাভ কৰাটোহে। কামৰ বোজা নমাই থৈ সজাগ মনেৰে আৱেশপৰায়ণ হ’লে, কামৰ হেঁচাত সঙ্কুচিত অন্তৰাত্মাৰ ভাজবোৰ মিলি যায়, অন্তৰাত্মা আকৌ মেল খায়, বাটৰ কাষৰ দূবৰিৰ দৰে আকৌ ঠন ধৰি উঠে, আকৌ নতুন হয়, আকৌ নিজ প্ৰকৃতি লাভ কৰে। আৱেশে নিশাৰ বৰষুণৰ দৰে দিনৰ ধূলি আৰু তপত বতাহত মুজুৰা পৰি থকা ভাবৰাশিত নতুন তেজ আৰু বলৰ সঞ্চাৰ কৰে। আৱেশ আমাৰ চিন্তাৰ দেওবাৰৰ নিচিনা। কোনে জানে মানুহৰ পক্ষে কোনটো বেছি লাগতিয়াল আৰু ফলদায়ক— আন আন দিনৰ কৰ্মক্লান্ত জীৱনেইনে, দেওবাৰৰ শক্তি-প্ৰদায়িনী জিৰণি? আৱেশ ফুলে ফুলে পৰ্বত-ভৈয়ামে উৰি ফুৰা পখিলাৰ মহোৎসৱৰ দৰে। মনত ৰাখিবা আমাৰ অন্তৰাত্মাৰে পখিলা এটিহে।”

 আকৌ।

 “মূল প্ৰকৃতিৰ বাজে মনক জিৰণি দিব পৰা, অসীমত বাজে অনুভূতিক জিৰণি দিব পৰা আৰু ঐশ্বৰিকত বাজে আত্মাক জিৰণি দিব পৰা বস্তু নাই। কোনো সীমাবদ্ধতাই সত্য নহয়, কাম্য নহয়, মোৰ মনক আকৰ্ষণ কৰিবৰ উপযুক্ত নহয়। সকলো বিশিষ্ট পদাৰ্থই মোৰ মনৰ বাহিৰা আৰু যি সীমাবিশিষ্ট তাৰ পৰাই মোৰ মন কোঁচ খাই আহে। ভূমাত বাজে কোনো বিশিষ্টতা ৰহিত নহয়, মোৰ ব্ৰত হৈছে ভূমাৰ লগত শৰীৰৰ প্ৰত্যেক অণু-পৰমাণুৰ ভিতৰেদি সংযোগ স্থাপন কৰা।”

 উদ্ধৃত উক্তিবোৰৰ পৰা আমীয়েলৰ চিন্তা অনুভূতিৰ ধাৰাৰ বিষয়ে যথেষ্ট ধাৰণা কৰিব পাৰি। সেইবোৰে তেওঁৰ সাংসাৰিক জীৱনৰ ওপৰত কিভাৱে প্ৰতিক্ৰিয়া কৰিছিল তাকো তেওঁ নিজেই উল্লেখ কৰিছে। তেওঁৰ জীৱনৰ যি আদৰ্শ আৰু অনুভূতিৰ প্ৰবাহে তেওঁৰ মন-প্ৰাণ মথি পেলাইছিল, পাৰিপাৰ্শ্বিক সমাজ আৰু বিদ্বন্মণ্ডলীৰপৰা তেওঁ তাৰ কোনো প্ৰতিধ্বনি আশা কৰিব নোৱাৰিছিল। চিন্তা আৰু অনুভূতিৰ বিশিষ্টতাৰ দ্বাৰা লৌকিক জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ কাৰণে আৰু পাৰিবাৰিক কোনো বন্ধন নথকাৰ গুণত অন্তৰ্প্ৰাণৰ গহন নিজানত বিৰাটৰ লগতে সংযোগ স্থাপনৰ সপোনকেই আমীয়েলে জীৱনৰ সমলস্বৰূপে আঁকোৱালি ধৰিছিল। কিন্তু বাস্তৱ জীৱনৰ দাবী যে তেওঁ সম্পূৰ্ণ অলীক আৰু তুচ্ছ জ্ঞান কৰিব নোৱাৰিছিল, সেইটোৱেই তেওঁৰ জীৱনক কৰুণ কৰি তুলিছিল। আমীয়েলৰ ডায়েৰী চাৰিওফালৰ সীমাবদ্ধ জ্ঞানৰ হেঁচাত স্বাভাৱিকৰূপে বিকাশ লাভ কৰিব নোৱৰা অন্তৰ্প্ৰাণৰ ৰসনিৰ্যাস মাথোন।

 আমীয়েলৰ ভাবৰ ধাৰা য়ুৰোপীয় সাহিত্যৰ বুৰঞ্জীত একেবাৰে অভিনৱ পদাৰ্থ নহয়। ঊনৈশ শতিকাৰ গুৰিতেই য়ুৰোপীয় সাহিত্যত যি ৰোমাণ্টিক আন্দোলনৰ ঢৌ উঠিছিল, তাত চিন্তাতকৈ অনুভূতিয়েই বেছি প্ৰাধান্য লাভ কৰিছিল। সেই সময়ৰ [ ৪৫ ] সাহিত্য সম্পূৰ্ণ অনুভূতিপ্ৰধান। বহুত কবিৰেই হেঁপাহ আছিল চিন্তাতকৈ অনুভূতিৰ জীৱন-যাপন কৰিব পৰাটো— ‘O for a life of sensation rather than of thought!’ কিন্তু সমালোচকসকলে ৰোমাণ্টিক আদৰ্শক ব্যক্তিগত বা সামাজিক জীৱনত কাৰ্যকৰী প্ৰেৰণা দিব পৰা বুলি স্বীকাৰ নকৰিছিল। তেওঁলোকৰ মতে ৰোমাণ্টিক আদৰ্শবাদ হাৱৈ, ফুলজাৰি আদিৰ দৰে খাৰ-বাৰুদৰ খেলা। ৰোমাণ্টিক কাব্য পঢ়ি সোৱাদ লাগে তাৰ ঝঙ্কাৰত অন্তৰত স্পন্দন অনুভূতি হয়, কিন্তু সি কাৰ্যকৰী প্ৰেৰণা দিব নোৱাৰে।

 সেই অনুসাৰে আমীয়েলৰ ভূমাস্পৃহাকো য়ুৰোপীয় সমালোচকে শলাগিব পৰা নাই। এজনে কৈছে ই ‘আদৰ্শৰ ব্যাধি’ (Malady of the Ideal) আন এজনে কৈছে, ই ‘সম্পূৰ্ণ অসাৰ, নিৰৰ্থক’ (perfectly futile)।

 আমীয়েলৰ ভাবধাৰা ‘আদৰ্শৰ ব্যাধি’ বা ‘সম্পূৰ্ণ অসাৰ’ হয়নে নহয়, সেইবোৰৰ কাৰ্যকৰী গুণ কিবা আছেনে নাই, তাৰ বিচাৰৰ ভাৰ নীতিবিদসকলৰ ওপৰত। কিন্তু কৰ্মপ্ৰধান য়ুৰোপীয় সমালোচকে কি বিৰাট কল্পনা বা ভূমানুভূতিক খাৰ-বাৰুদৰ খেলা বুলি কয়, ভাৰতীয় পাঠকৰ পক্ষে সি অপৰিচিত নহয়। বিশ্বাত্মবোধ, বিৰাট কল্পনা, ভূমাস্পৃহা ভাৰতীয় সভ্যতা আৰু সাহিত্যৰ কেন্দ্ৰস্থ ভাব। ঋগ্বেদৰ দিনৰ পৰা আৰম্ভ কৰি নানান গ্ৰন্থ; নানান ভাষাৰ ভিতৰেদি, আজিকালি প্ৰাদেশিক সাহিত্যবোৰতো নানান ছন্দ, নানান ভঙ্গিমাত সেই একে ভাবেই পল্লৱিত হৈ আছে। হেজাৰ হেজাৰ বছৰৰ আগেয়ে এজনী ভাৰতীয় ছোৱালীয়ে এই বিশ্বাত্মবোধক ছন্দোময়ী ভাষাত প্ৰচাৰ কৰে। ঋগ্বেদৰ দেৱীসূক্ত সম্ভূণ ঋষিকন্যা বাক্‌দেৱীৰ ৰচিত। ৰচয়িত্ৰীয়ে কল্পনা কৰিছে তেওঁ নিজেই ভূমা, নিজেই বিশ্ব-শক্তি, নিজেই মূল প্ৰকৃতি।

অহং ৰুদ্ৰোভিৰ্বসুভিশ্চৰা-
ম্যহমাদিত্যৈৰুতবিশ্বদেবৈঃ।
অহং মিত্ৰাবৰুণোভো বিভ-
ৰ্ম্যহমিদ্ৰাগ্নী অহমশ্বিনোভা॥ ১
অহং সুৰে পিতৰমস্য মূৰ্দ্ধন্
মম যোনিৰপ্ স্বন্তঃ সমুদ্ৰে।
ততো যি তিষ্ঠে ভূবানুবিশ্বো-
তামুং দ্যাং বৰ্ষমণোপ স্পৃশামি॥ ৭
অহমেব বাত ইব প্ৰ বা-
ম্যাৰভমাণা ভূবনানি বিশ্বা।
পৰো দিবা পৰ এনা পৃথি-
ব্যৈতাবতী মহিনা সং বভূব॥ ৮

[ ৪৬ ]

 ‘মই ৰুদ্ৰ আৰু বসুসকলৰ লগত বিচৰণ কৰোঁ, আদিত্যৰ লগত, বিশ্বদেৱসকলৰ লগতো। মই মিত্ৰ বৰুণ দুয়োকো ধাৰণা কৰোঁ। ইন্দ্ৰ, অগ্নি, অশ্বিনী দুজনকো’। ১

 ‘মই জগতৰ মুধ স্বৰূপে পিতাক (আকাশক) সৃষ্টি কৰিছো। মোৰ মূল সমুদ্ৰৰ ভিতৰত, জলৰাশিত। তাৰ পৰা সমস্ত ভুৱন বিয়পি থাকো, মূৰেৰে আকাশ স্পৰ্শ কৰো।’ ৭

 ‘সমস্ত ভুৱন আঁকোৱালি, আকাশ পাৰ হৈ, পৃথিৱী পাৰ হৈ ময়ে বতাহৰূপে বলো। এনেকুৱা মহিমা লৈয়ে মই উপজিছো।’ ৮

 কল্পনাতীত কালৰ পৰাই ভাৰতীয় সাহিত্যৰ উন্মেষৰ লগে লগেই এই বিশ্বাত্মাৰ লগত ঐকানুভূতিৰ সূচনা হয়। এইটো ক’ব নোৱাৰি যে এই ছন্দোময়ী ভাষণ ভাৰতীয় ছোৱালীৰ আকস্মিক অনুভূতিৰ ক্ষণিক প্ৰকাশ। তেনে হোৱাহেঁতেন বেদৰ পৰৱৰ্তী কালত এই ভাবৰ বহুল আলোচনা আৰু আদৰ নহ’লহেঁতেন। বাক্‌দেৱীৰ কল্পনাৰ পিঠিত সেই সময়ৰ বিদ্বৎসমাজৰ কিমান ভাবৰ আৱেগ আছিল তাক সহজে অনুমান কৰিব পাৰি। কিয়নো পৰৱৰ্তী উপনিষদ গ্ৰন্থবোৰত এই বিশ্বাত্মাৰ স্বৰূপ লৈয়ে নানান কল্পনাৰ খেলা দেখা যায়। তেওঁ ৰসস্বৰূপ, আনন্দস্বৰূপ, সত্যস্বৰূপ, জ্ঞানস্বৰূপ, অনন্তস্বৰূপ— ৰসো বৈ সঃ। আনন্দো ব্ৰহ্মোতি। সত্যং জ্ঞানং অনন্তং ব্ৰহ্মা। সকলো সূক্ষ্ম আলোচনাৰ সাৰমৰ্মস্বৰূপ উপনিষদে কৈছে— তত্ত্বমসি শ্বেতকেতো। “হে শ্বেতকেতু, তুমিয়েই সেই (বিৰাট)।” এই মহাভাব আৰু এই মহানুভূতি ইমান দিনে হয়তো বিদ্বান সমাজত আবদ্ধ আছিল। গীতাত শ্ৰীকৃষ্ণই ‘ময়া ততমিদং সৰ্বং জগদব্যক্তমূৰ্তিনা।’ —মোৰ অব্যক্ত মূৰ্তিয়েই সমস্ত জগত আগুৰি আছে বুলি এই জ্ঞান জনসমাজত প্ৰচাৰ কৰে আৰু আমীয়েলৰ য়ুৰোনীয়া দেৱীয়ে উপাসকৰ জ্যোতিঃপুঞ্জৰ চন্দনৰেখা আঁকি দিয়াৰ দৰে শ্ৰীকৃষ্ণয়ো ভক্ত অৰ্জুনক জ্যোতিৰ্ময় দিব্যদৃষ্টি দান কৰি বিশ্বৰূপ দেখুৱায়।

 সমালোচকৰ ভাষাত ই ‘আত্মাৰ ব্যাধি’ বা ‘স্তূপীকৃত অসাৰতা’ হয়নে নহয় সেইটো বেলেগ কথা। কিন্তু ভাৰতীয় সাহিত্য আৰু সভ্যতাই তাকো মহাপ্ৰাণ শক্তি বুলি সাবটি ধৰি আছে।

 আমীয়েলৰ কৰুণ কাহিনীৰ মূল কাৰণ তেওঁৰ অথলত জন্ম আৰু তেওঁৰ ভাবধাৰাও অথলত পৰিছিল। উখৰ মাটিত পচোৱা গুটিৰ দৰে অঠাইত কোৱা কথাও নিষ্ফল হয় ‘বাক্যং নিষ্ফলমতৰ্থ্যং বীজমুপ্তমিবোষৰে।’