পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পণ্ডিতৰ ভূমাস্পৃহা

 কাব্য বা কথা-সাহিত্য আলোচনা কৰিবলৈ হ’লে প্ৰথমতেই পঢ়ুৱৈ সমাজে গ্ৰন্থকাৰ কি পৰিমাণে আলোচ্য বা কথা—বস্তুৰ দ্বাৰা অনুপ্ৰাণিত হৈছে, সেইটোৰ বিচাৰত মন দিয়ে। লেখকে যিমানখিনি বিষয়-বস্তুৰ লগত একীভূত হ’ব পাৰিছে, যিমানখিনিৰ অন্তস্থল ভেদ কৰি তাৰ সূক্ষ্মমৰ্ম গ্ৰহণ কৰি বিষয়-বস্তুৰ ফালৰ পৰা সকলো কথা ৰসাভিসিক্ত কৰি তুলিব পাৰে সেই পৰিমাণে তেওঁ জনসমাজৰ হৃদয় মচিব নোৱৰাকৈ স্পৰ্শ কৰিব পাৰে; সেই পৰিমাণে তেওঁৰ উক্তিয়ে যুগমীয়া প্ৰবচন হিছাপে লোক-সমাজত প্ৰচাৰ লাভ কৰে। কিন্তু সেই ঐক্যানুভূতিৰ লৰচৰ নোহোৱা কিবা স্বৰূপ আছেনে? আমি সচৰাচৰ দেখো একেটি বিষয়কেই নানান কবিয়ে নানাভাৱে আমাৰ প্ৰাণত আঘাত কৰাব পৰাকৈ সজাই তোলে। চৰাই কবিতাত দেখো কোনো কবিয়ে তাক বিশ্বচৈতন্যৰ অমৰাবাসীৰ আগদূত বুলি কল্পনা কৰে, কোনোৱে বা বিশ্বজগতত যি অহৈতুকী আনন্দ-ৰস বাগৰি ফুৰিব লাগিছে তাকেই চৰাই বিশেষৰ মাতত ফুটি ওলোৱা বুলি কল্পনা কৰে। কোনোৱে আকৌ চৰাইৰ মাততেই জগতৰ সৌন্দৰ্য ভঁড়ালৰ দুৱাৰ মেল খায় বুলি কয়। তেনেহ’লে বিষয়-বস্তুৰ ঐক্য-সহানুভূতিত কোনো ধৰা-বন্ধা পদ্ধতি বা প্ৰণালী থাকিব নোৱাৰে। কবি আৰু কাব্য বিষয়ে কোনে কাক আগেয়ে স্পৰ্শ বা আঘাত কৰে? কবিয়ে কঠোৰ চিন্তা বা চেষ্টাৰ দ্বাৰা কোনো বিষয়ৰ লগত ঐক্যানুভূতি সাধন কৰিব নোৱাৰে— স্পৰ্শ বা আঘাত কৰে আগেয়ে কাব্য বস্তুৰেই। চিন্তা আৰু মনৰ দ্বাৰাই কবিয়ে মাথোন সেই আঘাত বৰণ কৰি ল’বৰ শক্তি সংগ্ৰহ কৰে। সেই আঘাতত কবিৰ মনত বিস্ময়, আনন্দ, সৌন্দৰ্য আদি যি ভাবৰ প্ৰতিধ্বনি হয়, কাব্য বা কথা-সাহিত্যত তাকেই আমি শুনিবলৈ পাওঁ। ইয়াকেই আমি সাহিত্যত প্ৰকৃতিৰ পৰশ বা একাত্ম-বোধ বুলিব পাৰো। মহাকবি শ্বেক্সপীয়াৰে এঠাইত কৈছে— “One touch of nature makes the whole world kin." —“প্ৰকৃতিৰ এবাৰৰ পৰশেই গোটেইখন জগতকেই আত্মীয় কৰি তোলে।”

 কিন্তু বিষয় বস্তুৰ লগত একাত্ম বোধৰ লগে লগে ভাবুকৰ মনত সময়ে সময়ে বিশ্বাত্ম-বোধে আহি ভুমুকি মাৰে। জগতখনেই চৈতন্যময়, সৌন্দৰ্যময়। সেই চৈতন্যৰ অনন্ত প্ৰবাহ সেই সৌন্দৰ্যৰ অফুৰন্ত বিকাশৰ সপোন মন-প্ৰাণ এনেভাৱে অভিভূত কৰে যে জাগতিক জীৱনৰ লগত তাৰ সামঞ্জস্য স্থাপন কৰিবৰ শক্তি নেথাকিলে