পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাহিত্য আৰু প্ৰেম


 ২৮ এপ্ৰিল, ১৮৫২।

 “আকৌ চাৰিওফালে বসন্তৰ বতাহ; বসন্তৰ অৱসাদ শৰীৰত পিৰপিৰাই বগাই ফুৰিছে যেন লাগে। পুৱা চাৰিওফালৰ দৃশ্য, কবিত্বময় ভাব, চৰাইৰ কূজন, স্নিগ্ধ বেলিৰ পোহৰ, নিৰ্মল সেউজীয়া পথাৰৰ ওপৰত ঢৌ তোলোৱা মৃদু বতাহ— আটাইবোৰে মোৰ হৃদয় মন ওপচাই খলকনি তুলি দিছিল। এতিয়া সকলো নিটাল। অ’ নীৰৱতা, তুমি বৰ বিভীষিকাময়। নিস্তব্ধ সাগৰৰ তলত জলৰাশিৰ তলত থকা এন্ধাৰ গহ্বৰৰ ছায়া মানুহৰ চকুত যেন ‘বিভীষিকাময়’, তুমিও তেনে বিভীষিকাময়। তুমিও আমাৰ অন্তৰ্নিহিত গভীৰ গাঁত, অতৃপ্ত বাসনা, শোকৰ জৰণাত ঘূৰাই নি আমাৰ চকুত পেলোৱা, আমাৰ মূৰ ঘূৰণি উঠে। অ’ নিস্তব্ধতা, তোমাতকৈ ধুমুহা বহুত গুণে ভাল, সি অন্ততঃ ভীষণ ৰহস্যপুঞ্জত আবৰি থকা জলৰাশিৰ ওপৰত ঢৌ তুলি দিয়ে। ইন্দ্ৰিয়ৰ ক্ষোভ বহুত গুণে শ্ৰেয়— সি অন্তৰত চাঞ্চল্য জগাই দি অতলস্পৰ্শী শূন্যতাক চকুৰ আঁতৰত ৰাখে। ধূলিত ওপজা মহাকালৰ সন্তান— আমাত সকলোতে অসীম অনন্তৰ মূৰ্তিয়ে প্ৰহেলিকাময় ভয়, ইচ্ছাৰোধী বেদনাৰ সঞ্চাৰ কৰে। আমি মৃত্যুৰাজ্যত সোমোৱা যেন পাওঁ। অ’ মোৰ নিছলা হিয়া, তোৰ বাসনা হৈছে জীৱন প্ৰেম, মায়াৰ প্ৰতি। তোৰ বাসনাই সঁচা, কিয়নো জীৱন শূন্যময়।”

 “অসীমে সৈতে মুখা-মুখি হোৱা এইবোৰ ক্ষণত বাস্তৱিক জীৱন কেনে বিৰূপ যেন লাগে। যিবোৰ কাম বা ভাবত লিপ্ত বা উত্তেজিত হৈ থাকো, সেইবোৰ কেনে নীৰস, অসাৰ আৰু ল’ৰাৰ ধেমালি যেন লাগে। নিজকেই পুতলা খেলৰ সামগ্ৰী, বহুৱাৰ ভাবনাত গম্ভীৰভাৱে অভিনয় কৰা ভাৱৰীয়া যেন পাওঁ। এনেবোৰ ক্ষণত চকুৰ আগত থকা সকলো বস্তুৱেই বৰণ সলায়, সকলোৰে পৰিৱৰ্তন ঘটে যেন বোধ হয়। এমাৰ্ছনে সঁচাকৈয়ে কৈছে— ‘জীৱন এটি ৰূপক মাথোন।’ পদাৰ্থতকৈ ভাব বেছি সত্য। জনশ্ৰুতি, বুঢ়াৰ বচন, সাধুকথা আদি প্ৰাকৃতিক বুৰঞ্জীতকৈ বেছি সঁচা। সেইবোৰ ভাববাহী সঙ্কেত। আত্মাই প্ৰকৃত সত্য। আনবোৰ? —ছায়া, মৰীচিকা, ইন্দ্ৰজাল, ৰূপক, সপোন। কেৱল চৈতন্যইহে অমৰ সত্ত্বাবান, সম্পূৰ্ণ বাস্তৱ! পৰিদৃশ্যমান জগত কেৱল খাৰ-বাৰুদৰ খেলা, বিৰাট ভোজবাজী। ই আত্মাৰ বিকাশ আৰু আনন্দৰ বাবে সৃষ্টি। চৈতন্যই বিশ্বব্ৰহ্মাণ্ড আৰু ইয়াৰ সূৰ্য প্ৰেম। আকৌ বহিৰ্জীৱনৰ চিন্তাত আহি পৰিলোহি। ই আত্মাৰ ঐকান্তিক অনুভূতিৰ পৰা মোক ৰক্ষা কৰে, নহয় বিচ্ছিন্ন কৰে। চিন্তাই আৱেশৰ তন্ময়তা ভাঙি পেলায়, অনুভূতিৰ কোমল ডেউকা পুৰি পেলায়। সেই কাৰণে বিজ্ঞান-চৰ্চাই মনুষ্যত্বৰ গৰিমা বিকাশ নকৰায়, ই নীৰস সত্তা, শুকান চিন্তাৰ জঁকা কেতবোৰ সজাই তোলে। অ’! আমি যেন অনুভূতিৰ ৰাজ্যত জীয়াই থাকিব পাৰো, আপোন-ফঁহিয়নিৰ বিষয় যেন সতৰ্ক হওঁ।”