সাহিত্য আৰু প্ৰেম/কবিৰ অহৈতুকী প্ৰীতি

ৱিকিউৎসৰ পৰা

[ ৩০ ]

কবিৰ অহৈতুকী প্ৰীতি

 সহজীয়া বৈষ্ণৱ কবিসকলে যেতিয়া পৰাঙ্গনা প্ৰীতিকেই সাধনাৰ মুখ্য উপকৰণ বুলি বৰ্ণনা কৰে তেতিয়া অভকত অবৈষ্ণৱ সাধাৰণ মানুহৰ মনত সহজেই সংশয় উপস্থিত হয় যে এই পৰাঙ্গনা প্ৰীতিবাদ কেৱল ধৰ্মৰ নামেৰে ঢাকি ৰখা প্ৰচ্ছন্ন সম্ভোগলিপ্সা মাথোন। সেইদেখি সহজীয়া পন্থৰ অতি উত্তম খাপৰ কৰি চণ্ডীদাসৰ উক্তি আমাৰ মনত দুৰ্বোধ্য যেন লাগে। সহজীয়া পন্থৰ ৰীতি অনুসাৰে ৰামী নামেৰে ধুবুনী এজনীৰ লগত চণ্ডীদাসৰ প্ৰীতি আছিল আৰু এই ধুবুনীজনীকেই চণ্ডীদাসৰ পদাৱলীৰ উত্তেজিকা শক্তি বুলিব পাৰি। এঠাইত কবিয়ে ধুবুনীৰ বিষয়ে কৈছে—

ৰজকিনী ৰূপ, কিশোৰী স্বৰূপ, কাম গন্ধ নাহি তায়।
না দেখিলে মন, কৰে উচাটন, দেখিলে পৰাণ জুড়ায়॥
তুমি ৰজকিনী, আমাৰ ৰমণী, তুমি হও পিতৃ-মাতৃ।
ত্ৰিসন্ধ্যা যাজন, তোমাৰি ভজন, তুমি বেদমাতা গায়ত্ৰী॥
তুমি বাগবাদিনী, হৰেৰ ঘৰণী, তুমি সে গলাৰ হাৰা
তুমি স্বৰ্গ-মৰ্ত্য পাতল-পৰ্বত, তুমি সে নয়নেৰে তাৰা॥
ও ৰূপ মাধুৰী, পাসৰিতে নাৰি, কি দিয়ে কৰিব বশ।
তুমি সে তন্ত্ৰ, তুমি সে মন্ত্ৰ, তুমি উপাসনা ৰস॥

 সাধাৰণ ভাষাত ৰজকিনী কবিৰ প্ৰেয়সী স্বৰূপ আছিল। কিন্তু কবিয়ে কৈ গৈছে, ধুবুনীৰ লগত তেওঁৰ যি সম্বন্ধ নেথাকক তাৰ ভিতৰত কাম-বাসনাৰ লেশমাত্ৰও নাছিল— ‘কাম গন্ধ নাহি তায়।’ প্ৰেমৰ উন্মাদনাত কবিয়ে প্ৰেমিকাক ‘ত্বমসি মে জীবনং দ্বিতীয়ম, বা তুমিয়েই মোৰ জীৱনৰ সৰ্বহ ইত্যাদি ধৰণে ভক্তিভাবৰ আৱেশত কোৱা কথাৰ দৰে সাধাৰণ মানুহে উপলব্ধি কৰিব পাৰে। কিন্তু কামগন্ধবিহীন উচ্ছ্বাসত প্ৰেমিকাক ‘বেদমাতা গায়ত্ৰী’ মন্ত্ৰৰ ওখ আসন দি প্ৰেমিকাকেই ‘উপাসনা ৰস’ বুলি বৰ্ণনা কৰা কথা সাধাৰণ মানুহৰ মনত চিৰকালেই মানৱ হৃদয়ৰ কুঁৱলিৰে ঢকা বিৰাট প্ৰহেলিকাৰ দৰে ৰৈ থাকিব।

 চণ্ডীদাসৰ ৰজকিনী-ভক্তি অধিক কবিত্ব ৰসেৰে ৰঞ্জিত হৈ আছে। কেৱল কবিৰ ৰসতেই তিৰোতাই কবিৰ মনত সেই ওখ আসন পাইছেনে নাই তলত দিয়া [ ৩১ ] ঘটনাত সেইটোকেই আলোচনা কৰা হ’ব। চণ্ডীদাসৰ ঘৰুৱা বা পাৰিবাৰিক জীৱনৰ কথা নাইবা তেওঁৰ ভক্তজীৱন বা উপাসনা প্ৰণালীৰ কথা আমি নেজানো। তেওঁৰ ধৰ্মমতত দীক্ষিতসকলে তেওঁৰ ৰহস্যপূৰ্ণ উক্তিবোৰৰ মৰ্ম বুজিলেও বুজিব পাৰে, কিন্তু সাধাৰণ পঢ়োতা হিছাপে তেওঁৰ পদাৱলীৰ সৰহ ভাগ উক্তিয়েই আমাৰ মনত কুঁৱলিময়।

 যি কামগন্ধবিহীন প্ৰেমৰ বিৰাট আৱেগত চণ্ডীদাসে প্ৰেমিক ৰজকিনীক ‘বেদমাতা গায়ত্ৰী’, ‘উপাসনা ৰস’ আদি বুলি বৰ্ণনা কৰিছে ইটালি দেশৰ মহাকবি ডাণ্টেও সেই একে প্ৰেমৰ আৱেগতেই তেওঁৰ প্ৰেয়সী বিয়েট্ৰীছক সমান ওখ ঠাই দিছে। মহাকবি ডাণ্টেই তেওঁৰ এই প্ৰেম ‘Vita Nuova’ বা ‘নৱজীৱন’ নামেৰে এখন সৰু গদ্য-পদ্যময় কিতাপত বৰ্ণনা কৰিছে। সেই কিতাপখনক তেওঁৰ প্ৰেমিক জীৱনৰ আত্মচৰিত বুলিব পাৰি।

 খ্ৰীষ্টীয় ১২৬৫ শকত ইটালি দেশৰ ফ্লোৰেন্স নগৰত মহাকবি ডাণ্টেৰ জন্ম হয়। ইটালি দেশৰ মহানগৰীবোৰত ৰাজনৈতিক দলসমূহৰ ভিতৰত নানান আত্ম-বিদ্ৰোহ চলিছিল। সৰুৰে পৰাই ডাণ্টেই এফালে যেনেকৈ লিখা-পঢ়াত মন দিছিল সেইদৰে আনফালে ৰাজনৈতিক আন্দোলনতো তেওঁৰ সম্পূৰ্ণ যোগ আছিল। তাৰে ফলত মাজ বয়সতেই তেওঁ ফ্লোৰেন্স নগৰৰ পৰা নিৰ্বাসিত হৈ জীৱিত কালত আকৌ পুণৰ জন্মভূমিলৈ উলটি আহিবলৈ নেপালে।

 ডাণ্টেৰ বয়স তেতিয়া ন বছৰ পাৰ হ’বলগীয়া, তেতিয়া তেওঁ নগৰিক এজনে দিয়া ভোজ এখনলৈ গৈছিল। তাতে তেওঁ ন বছৰত ভৰি দিয়া স্নিগ্ধ ৰঙা শাৰী পিন্ধা ছোৱালী এজনী দেখা পালে। ছোৱালীজনীৰ বাপেকো সেই ভোজলৈ গৈছিল। ছোৱালীজনীক দেখিয়েই ন বছৰীয়া ডাণ্টেৰ সৰ্বশৰীৰ এনেভাৱে কঁপি উঠিল যে তেওঁ কান্দি পেলালে। কান্দোতেই তেওঁৰ অন্তৰাত্মাই এনেদৰে কোৱা যেন শুনিলে, ‘এইজনীয়েই, তোমাৰ জীৱন-দেৱতা, তোমাৰ অন্তৰাত্মাৰ ওপৰত এওঁৱেই প্ৰভুত্ব কৰিব।’ সেইদিনাৰ পৰাই তেওঁৰ মনত প্ৰেমৰ পৰবেশ হ’ল আৰু বিয়েট্ৰীছৰ ছবি তেওঁৰ অন্তৰত ওপঙিবলৈ ধৰিলে। তাৰ পিছত সুদীৰ্ঘ ন বছৰৰ অন্তত আকৌ এদিন বিয়েট্ৰীছক দেখা পালে। আগৰ পৰা গুৰিলৈ বগা কাপোৰ পিন্ধি দুজনী তেওঁতকৈ বেছি বয়সীয়া গাভৰুৰ মাজত তেওঁ বাটেদি খোজকাঢ়ি গৈছে। অকস্মাৎ বাটৰ এচুকত ওঠৰ বছৰীয়া ডাণ্টে লাজতে তলমূৰ হৈ থকা দেখি তেওঁৰফালে চাই বিয়েট্ৰীছে শিষ্টতাৰ খাতিৰত তেওঁক নমস্কাৰ কৰি লাহে লাহে গুচি গ’ল। সেই নমস্কাৰতেই কবিয়ে স্বৰ্গীয় সুখৰ শেষ সীমা পোৱা যেন পালে। সুখতেই তন্দ্ৰাভিভূ হৈ কবিয়ে [ ৩২ ] নিজৰ ঘৰ পাই এই নবাবিৰ্ভূত জীৱন-দেৱতাৰ কথা ভাবি থাকোতেই তেওঁৰ টোপনি আহিল আৰু টোপনিত এটি সপোন দেখিলে। তেওঁৰ খোঁটালিটো যেন জুই বৰণীয়া কুঁৱলিৰে আছন্ন। তাৰ মাজত ভয়ঙ্কৰ আকৃতিৰ মূৰ্তি এটাই তেওঁৰ পিনে এনে কঠোৰভাৱে চাই আছে যেন সেই কঠোৰতাৰ ভিতৰতো কবিৰ প্ৰতি এটি উপলুঙাৰ ভাব ফুটি ওলাইছে। অস্পষ্ট ভাষাৰে এই মূৰ্তিটোৱে বহুত কথা কোৱা যেন পালে, তাৰ ভিতৰত কবিয়ে এইষাৰ মাথোন বুজি পালে— ‘ময়ে তোমাৰ প্ৰভু’। তেওঁৰ দুই বাহুৰ মাজত তেজ বৰণীয়া কাপোৰেৰে মেৰোৱা মানৱ-মূৰ্তি এটি শুই আছে। ভালকৈ মন কৰি চালত কবিয়ে দেখিলে তেওঁক বাটত প্ৰণাম কৰা ছোৱালীজনীয়েই তাত শুই আছে। মানুহজনৰ হাতত দপ্‌দপ্ কৰে জুয়ে পুৰি থকা আকৌ কিবা এটি বস্তু দেখিলে। সেইটো দেখুৱাই মানুহজনে ক’লে, “ধৰা, এইখন তোমাৰ হিয়া।” তাৰ পিছত কোলাত শুই থকা ছোৱালীজনীক জগাই সেই জ্বলি থকা বস্তুটো খাবলৈ দিলে আৰু ছোৱালীজনীয়ে ভয় ভয়কৈ তাক খালে। তাৰ অলপ পিছতেই মানুহজনে কান্দিবলৈ ধৰিলে আৰু ছোৱালীজনীক বাহুৰ মাজত আঁকোৱালি ধৰি অদৃশ্য হ’ল। তেওঁৰ মনত খেলালে, মানুহজন ছোৱালীজনীৰে সৈতে স্বৰ্গলৈ গ’ল। তেওঁৰ মনত এনে যন্ত্ৰণা হ’ল যে তাৰে ফলত টোপনি ভাগিল।

 সপোনৰ ঘটনা বিবৃত কৰি ডাণ্টেই ছনেট কবিতা এটি লিখি তেওঁৰ সমসাময়িক কবিসকললৈ পঠিয়াই দিলে। সপোনৰ অৰ্থ কি সেইটো তেওঁলোকক সুধি পঠিয়ালে। সেইসকলৰ ভিতৰত গুইড়ো কেভেল কেণ্টি নামে কবি এজনে সপোনৰ যথাযথ ছনেট কবিতাত লিখি ডাণ্টেলৈ পঠিয়াই দিলে।

 সেইদিনাৰ পৰা এই দেৱ-মূৰ্তি ছোৱালীজনীৰ চিন্তাতেই ডাণ্টে শুকাই-ক্ষীণাই যাবলৈ ধৰিলে। তেওঁৰ বন্ধু-বান্ধৱসকলে সন্দেহ কৰিলে যে কাৰোবাৰ লগত প্ৰেমত পৰি ডাণ্টেৰ এই দুৰ্দশাপন্ন অৱস্থা হৈছে। নানান চেষ্টা কৰিও তেওঁলোকে ডাণ্টেৰ অন্তৰ্নিহিত ভাবৰ উৱাদিহ উলিয়াব নোৱাৰিলে। ডাণ্টেও কেনেবাকৈ তেওঁৰ গোপন প্ৰীতি প্ৰকাশ হয় বুলি আন এজনী ছোৱালীৰ নামে কবিতা লিখি তেওঁৰ লগৰীয়াসকলৰ চকুত ধুলি মাৰিবলৈ চেষ্টা কৰিলে। এই চাতুৰীৰ ফলত তেওঁৰ বন্ধুসকল প্ৰতাৰিত হ’ল সঁচা, কিন্তু আনফালে ইয়াৰ ফল ডাণ্টেৰ প্ৰতি বিষময় হৈ উঠিল। মানুহৰ মুখে মুখে বাগৰি গৈ ডাণ্টে এজন চৰিত্ৰহীন ডেকা বুলি এটি জনৰব উঠিল। এইটো বিয়েট্ৰীছৰ কাণতো সম্ভৱ পৰিলগৈ।

 আন এদিন বাটত আগৰ দৰে ভেটা-ভেটি হ’লত বিয়েট্ৰীছে ডাণ্টেক নমস্কাৰ নকৰিলে। ইয়াতেই কবিয়ে মনত তীব্ৰ আঘাত পালে। নীৰল ঠাই এডোখৰলৈ গৈ কবিয়ে মনৰ হেঁপাহ পলুৱাই কান্দি নিজৰ ঘৰলৈ গৈ মনে মনে শুই থাকিল। সপোনত [ ৩৩ ] দেখিলে বগা কাপোৰ পিন্ধা ডেকা এজনে তেওঁৰ কাষত বহি হুমুনিয়া কাঢ়ি তেওঁক ক’লে, “বোপাটি, তুমি ছলনা এৰি পেলোৱা; তুমি এনেভাৱে এটি কবিতা লিখি প্ৰচাৰ কৰা, তাৰ পৰা যেন তোমাৰ প্ৰকৃত কাহিনী প্ৰকাশ পায়; আৰু কবিতাটো এনেবোৰ ঠাইলৈ পঠিয়াবা যেন তাৰ মৰ্ম তোমাৰ প্ৰেয়সীৰ কাণত পৰে।” এনেতে সপোনৰ মূৰ্তিৰ অন্তৰ্দ্ধান হ’ল আৰু লগে লগে তেওঁৰ সপোনো ভাগিল।

 ইয়াৰ কিছুমান দিনৰ পিছত বিয়েট্ৰীছৰ পিতাক ঢুকাল। বিয়েট্ৰীছৰ পিতৃশোকত ডাণ্টে নিজেই ইমান চিন্তাকুল হ’ল যে তেৱোঁ নৰিয়াত পৰিল। নৰিয়াত মূৰৰ ভ্ৰমত তেওঁ নানান খেলি-মেলি সপোন দেখিলে। তাৰ ভিতৰত শোকাতুৰা কেতবোৰ তিৰোতাই তেওঁক কোৱা শুনিলে যেন তেওঁৰ প্ৰাণ-প্ৰেয়সী বিয়েট্ৰীছ আৰু ইহজগতত নাই। সপোনতেই তেওঁ ইমান কান্দিলে যে সঁচাকৈ তেওঁৰ বিছনা তিতি গ’ল।

 সপোন ভাগিলতহে তেওঁ বুজিব পাৰিলে সেইটো মিছা। কিন্তু সপোনৰ বৃত্তান্তটি কবিতাত লিপিবন্ধ কৰি থ’লে। এইদৰে অন্তৰ ৰাজ্যৰ ৰাণী পাতি নানান কবিতা আৰু ছন্দেৰে বিয়েট্ৰীছৰ গুণ-গৰিমা ব্যাখ্যা কৰি থাকোতে থাকোতে প্ৰথমে বাটত দেখাৰ পৰা ন বছৰৰ মূৰত ডাণ্টেৰ কাণত আহি বজ্ৰৰ দৰে ঘোষিত হ’ল— বিয়েট্ৰীছৰ মৃত্যু হৈছে।

 এই নিদাৰুণ বাতৰিত শোকাভিভূত হ’লেও ডাণ্টেৰ বাহিৰা ব্যৱহাৰত কোনো উত্ৰাৱল ভাব প্ৰকাশ নহ’ল। তেওঁৰ শোক কেৱল ছন্দ আৰু গাঁথাতহে প্ৰকাশ পালে।

 এদিন অকলে বহি তেওঁ দেৱদূতীৰ মূৰ্তি এখনি পটত আঁকি আছিল। তেওঁ ইমান ভাবমগ্ন হৈ আছিল যে তেওঁক দেখা কৰিবলৈ অহা মানুহ কেইজনমানে তেওঁৰ পাছফালে থিয় হৈ তেওঁৰ কাৰ্যকলাপ চাই থকা কথাৰ তেওঁ গমকেই নেপালে। ভালেমান বেলিৰ মূৰত তত্ পাই তেওঁলোকক আদৰকৈ বহুৱাই ক’লে, “আন এজনা মোৰ লগত আছিল।”

 অন্তৰত শোকৰ মাত্ৰা বেছি হ’লে কোনোবাই কেনেবাকৈ তেওঁৰ ব্যৱহাৰ লক্ষ্য কৰে বুলি ভালেমান দিনলৈ ডাণ্টেই আনৰ চকুৰ আঁৰে আঁৰে ফুৰিবলৈ ধৰিলে। এদিন শোকাতুৰ হৈ ফুৰোতে কোনোবাই দেখে বুলি চাৰিওফালে চকু ফুৰাই চালত দেখিলে যে খিৰিকিয়েদি এজনী গাভৰু ছোৱালীয়ে তেওঁৰ পিনে থৰ লাগি চাই আছে। গাভৰুৰ চকুযুৰি মৰম-বেথাত পূৰ্ণ। কবিয়ে ভাবিলে, তেওঁৰ ব্যথাতেই যেন ছোৱালীজনীও ব্যথিত। তাৰ পিছত আহোতে কি যাওঁতে প্ৰায়েই ডাণ্টেই খিৰিকিৰ মুখত থিয় হৈ থকা ছোৱালীজনীক দেখা পাবলৈ ধৰিলে। শেহত গৈ গাভৰুজনীক দেখিলেই তেওঁৰ মনত আনন্দ হয়; তেৱোঁ ভাবিলে, “এই গাভৰুজনীও বিয়েট্ৰীছৰ নিচিনাই শান্ত আৰু ৰূপহী; জানোচা মোৰ অশান্ত মনত শান্তি দিবলৈকেই প্ৰেমৰ দেৱতাই এওঁক মোৰ চকুত পেলাইছে।”

[ ৩৪ ]  এনেতে এদিন তেওঁ দিঠকতেই দেখা পালে, বহুত বছৰৰ আগৰ দৰে যেন বিয়েট্ৰীছে ৰঙা শাৰী পিন্ধি দুজনী গাভৰুৰ মাজত বাটেদি খোজকাঢ়ি যাবলৈ ধৰিছে। বয়সো তেতিয়াৰ দৰেই কুমলীয়া। কবিৰ সোঁৱৰণিয়ে আকৌ অতীতৰ ভাব আৰু ঘটনা-পৰম্পৰাৰ সূতা বগাই ফুৰিবলৈ ধৰিলে আৰু অইন এজনী ছোৱালীৰ প্ৰতি প্ৰেমৰ চকু দিয়া বুলি তীব্ৰ অনুতাপে ঠাই ল’লে। বিয়েট্ৰীছৰ শোক আকৌ উথলি উঠিল; ফ্লোৰেন্স নগৰখন তেওঁ নিৰানন্দময় যেন দেখিবলৈ ধৰিলে।

 ‘নৱজীৱন’ বোলা গদ্য-পদ্যময় কাব্যখনৰ শেষ কবিতাত ডাণ্টেই এনেদৰে লিখিছে—

It sees a lady round whom splendours move
In homage; till by the great light thereof
Abashed; the pilgrim spirit stands at gaze,
It sees her such, that when it tells me this
Which it hath seen, I understand it not,
It hath a speech so subtle and so fine.

 “কবিত্মময় অন্তৰ্দৃষ্টিৰে কবিয়ে দেখিলে যেন বিয়েট্ৰীছ স্বৰ্গৰাজ্যত আছে আৰু স্বৰ্গৰ সকলো সৌন্দৰ্যই তেওঁক উপাসনা কৰিব লাগিছে। সেইবোৰৰ এনে প্ৰখৰ জ্যোতি যে তেওঁৰ অন্তৰ্দৃষ্টিয়ে কেৱল মুগ্ধ হৈ চাইহে আছে। এই সৌন্দৰ্যলীলাৰ অৰ্থ তেওঁৰ অন্তৰ্দৃষ্টিয়ে তেওঁক উপলব্ধি কৰাব নোৱাৰে। ইয়াৰ ভাষা অতি সূক্ষ্ম।”

 এই কবিতাটো লেখাৰ পিছত ডাণ্টেই এটি বিৰাট বিশ্ব-সপোন দেখিলে। সপোনৰ বিৱৰণ তেওঁ দিয়া নাই, মাথোন কৈছে যে, “সপোনত এনেবোৰ কথা দেখিছো যাৰ পৰা এইটো থিৰাং জ্ঞান হৈছে যে সম্পূৰ্ণ উপযোগী নহওঁ মানে আকৌ এই মহিমাময়ীৰ কথা নিলিখো।”

 “I saw things which determined me that I would say nothing further of this blessed one, untill such time as I could discourse more worthily concerning her.”

 তেতিয়াৰ পৰা তেওঁৰ সকলো ধ্যান, চিন্তা এই উদ্দেশ্যেই নিহিত হৈছিল। তেওঁ লিখিছে, “If my life continue with me a few years, it is my hope that I shall yet write concerning her what hath not before been written of any woman.” “আৰু কেইবছৰমান যদি মোৰ জীৱন বৰ্তি থাকে তেনেহ’লে মই আশা কৰিব পাৰো যে তেওঁৰ বিষয় এনে কেতবোৰ কথা লিখিম যিবোৰ ইয়াৰ আগেয়ে কোনো তিৰোতাৰ বিষয়ে লিখা হোৱা নাই।”

 এই প্ৰতিজ্ঞাৰ ফলস্বৰূপে স্বদেশৰ পৰা নিৰ্বাসিত হোৱা অৱস্থাত শেষ বয়সত [ ৩৫ ] ডাণ্টেই ‘সপোন’ বা ‘ঐশ্বৰিক কাব্য’ (Vision বা Divine Comedy) বোলা এখন কাব্য লিখে।

 ওপৰত যি চমু বিৱৰণ দিয়া গ’ল ইহজগতত সেইখিনিয়েই ডাণ্টে-বিয়েট্ৰীছ সম্বলিত ঘটনা। তেওঁলোকৰ দেখা-দেখিও বাটত আৰু কেতিয়াবা ভোজ আৰু কেতিয়াবা উৎসৱত। সাধাৰণ প্ৰেমিক-প্ৰেমিকাৰ দৰে তেওঁলোকৰ গোপনে দেখা-শুনা হোৱা নাছিল। কেতিয়াও কোনো কথা-বতৰাও তেওঁলোকৰ হোৱা নাছিল। তাত বাজেও ডাণ্টেৰ এই নিৰ্বিকাৰ প্ৰেম-লীলা চলি থাকোতেই বিয়েট্ৰীছৰ আন এজনৰ লগত বিয়া হৈ গৈছিল। ‘নৱজীৱন’ত ডাণ্টেই তাৰ উল্লেখ কৰা নাই। তেওঁৰ মনত বিয়েট্ৰীছ চিৰকুমাৰী, চিৰসৌন্দৰ্যময়ী।

 যদি কেতিয়াবা অন্তৰৰ নিভৃত কোণতো ডাণ্টেই-বিয়েট্ৰীছৰ লগত মিলনৰ আশা সাঁচি ৰাখিছিল, বিয়েট্ৰীছৰ বিয়াৰ পিছত সেই আশা নিশ্চয় চিৰকাললৈ নোহোৱা হৈছিল। কিন্তু তেওঁৰ আদৰ্শ প্ৰতিমাৰ প্ৰতি আকৰ্ষণ আগৰ দৰেই থাকিল। আকৌ বিয়েট্ৰীছ মৰাৰ এবছৰৰ পিছতেই জেমা ডোনাটী (Gemma Donati) নামৰ ছোৱালী এগৰাকীৰ লগত ডাণ্টেৰ বিয়া হৈ গৈছিল। ‘নৱজীৱন’ত ইয়াৰো উল্লেখ নাই। এতেকে দেখা যায় বিয়েট্ৰীছৰ প্ৰতি ডাণ্টেৰ প্ৰেম-লীলাত মিলনৰ কোনো ক্ষীণ অভিলাষো নাছিল; থাকিলে বিয়েট্ৰীছৰ বিয়াৰ পিছত কবিৰ উন্মাদনা টুটি গ’লহেঁতেন। ইয়াক সম্ভোগ-লালসাৰ মানসিক বিকৃতিও বুলিব নোৱাৰি। তেনেহ’লেও বিয়েট্ৰীছৰ মৰণ আৰু ডাণ্টেৰ বিয়াৰ পিছত ডাণ্টেৰ জীৱনত বিয়েট্ৰীছ-অধ্যায়ৰ সামৰণি পৰিলহেঁতেন।

 এইটোও ক’ব নোৱাৰি যে ডাণ্টেৰ প্ৰেম-লীলা লাস-বিলাসত ডাঙৰ হোৱা এলেহুৱা ডেকা প্ৰেমিকৰ মানসিক বিকৃতি। কিয়নো প্ৰেম-চৰ্চাৰ লগে লগে ডাণ্টেই সেই সময়ৰ উৎকট পাঠ-চৰ্চাতো মনোযোগ দিছিল। সেই সময়ৰ ইটালীয় ৰাজনৈতিক আন্দোলনতো তেওঁৰ সম্পূৰ্ণ যোগ আছিল। বিয়েট্ৰীছ মৰাৰ এবছৰৰ আগতেই ফ্লোৰেন্স আৰু পিছা নগৰৰ মাজত যুঁজ লাগিছিল। সেই যুদ্ধলৈ সকলোৰে আগতেই ডাণ্টে অশ্বাৰোহী সৈনিকৰূপে নিজ ইচ্ছাৰে আগৰণুৱা হৈ ওলাইছিল আৰু সৈনিকৰূপে যুদ্ধও কৰিছিল। কঠোৰ পাঠ্যত আত্ম-নিয়োগ, স্বদেশৰ হকে যুদ্ধক্ষেত্ৰত অস্ত্ৰধাৰণ আদি সকলো পৌৰুষ কামতেই তেওঁ ডেকা কালৰ পৰাই লিপ্ত আছিল। এতেকে দেখা যায় ডাণ্টেৰ প্ৰেম-লীলা ভৱিষ্যৎ সন্মিলন আশাত আশান্বিত আছিল। ই প্ৰতিহত সম্ভোগ-বাসনাৰ মানসিক বিকাশ নহয়, নাইবা ভোগ-বিলাসত লালিত এলেহুৱা ডেকা প্ৰেমিকৰ মানসিক বিকৃতিও নহয়। ফ্লোৰেন্স নগৰৰ ৰাজনৈতিক আন্দোলন এটাৰ নেতা স্বৰূপে সেই সময়ত ডাণ্টে স্বদেশৰ পৰা চিৰকাললৈ নিৰ্বাসিত হৈছিল। সেই [ ৩৬ ] নিৰ্বাসনৰ কঠোৰ নিৰ্যাতন অৱমাননাৰ ভিতৰতো তেওঁৰ অন্তৰ্জীৱনৰ ধ্ৰুবতৰা আছিল আদৰ্শ প্ৰতিমা বিয়েট্ৰীছৰ স্মৃতি। তেওঁৰ মহাকাব্যও এই নিৰ্বাসনৰ ভিতৰতেই লিখা হয়।

 মৰুভূমিৰ তপত বালিৰ তলত ৰৈ থকা পানীৰ দৰে, উত্তপ্ত পাষাণ ৰাশিৰ অন্তঃস্ৰোত নিজৰাৰ দৰে মধ্যযুগৰ বিদগ্ধ পণ্ডিত আৰু ৰাজনীতিত আগৰণুৱা ডাণ্টেৰ কঠোৰ দৈনন্দিন জীৱনৰ ভিতৰেদি বিয়েট্ৰীছ-প্ৰেম তেওঁৰ ন বছৰ বয়সৰ পৰা আৰম্ভ কৰি ১৩২১ খ্ৰীষ্টীয় শকত তেওঁৰ মৰণলৈকে ৪৭ বছৰ কাল পাতালি গঙ্গাৰ দৰে সঞ্জীৱনী শক্তিৰূপে বৈ আছিল। এই প্ৰেমৰ বাহ্যিক স্বৰূপ ‘নৱজীৱন’ত উল্লেখ কৰা ঘটনাবোৰ প্ৰেমৰ কাহিনী হিছাপে কোনো ঘটনাই নহয়। কিন্তু কবিৰ মনত কি মাৰ নোযোৱা ভাবৰ ঢৌ উঠিছিল বা কি অপৰূপ সৌন্দৰ্যৰ বিকাশ হৈছিল তাক সমান-ধৰ্মীত বাজে আনে বুজিব নোৱাৰে। ডাণ্টেৰ মহাকাব্যত বিয়েট্ৰীছক নায়িকাস্বৰূপে সুমোৱা হৈছে। কিন্তু সেই কথা আলোচনা কৰা এই প্ৰবন্ধৰ উদ্দেশ্য নহয়। বিয়েট্ৰীছক কিভাৱে মহাকাব্যত চিত্ৰিত কৰা হৈছে, সেইটো ডেকা কবিৰ অহৈতুকী প্ৰেমৰ শেষ বিকাশ মাথোন। মহাকাব্যৰ শেহত ডাণ্টেই লিখিছে— “My desire and will were rolled even as a wheel which moveth equally by the Love that moves the sun and the other stars”– “যি প্ৰেমৰ তাড়নাত সূৰ্য আৰু নক্ষত্ৰাৱলীয়ে ঘূৰিব লাগিছে, সেই প্ৰেমেই গাড়ীৰ চকৰিৰ দৰে মোৰ ইচ্ছা আৰু বাসনাক নিয়ন্ত্ৰিত কৰিছে।”

 কবিৰ মনত প্ৰেম আৰু বিশ্বশক্তি অভিন্ন পদাৰ্থ। প্ৰবন্ধৰ আৰম্ভণিতেই উল্লেখ কৰা সহজীয়া কবিৰ ৰামী ৰজকিনীৰ প্ৰতি যি নাম-গন্ধ নোহোৱা প্ৰেমৰ উচ্ছ্বাস, যাৰ প্ৰেৰণাত প্ৰেমিকাই ‘উপাসনাৰস’, ‘বেদমাতা গায়ত্ৰী’ৰ ঠাই অধিকাৰ কৰিছে, সিয়ো ইটালিৰ মহাকবিৰ অহৈতুকী প্ৰীতিৰ শ্ৰেণীৰেই কিবা বস্তু। কেৱল চণ্ডীদাসৰ ৰজকিনী ভক্তি আৰু কবিত্ব-ৰস এনে সংশ্লিষ্টভাৱে অভিষিক্ত যে ৰজকিনীত কিমানখিনি সাধকৰ ৰস তাক বেলেগে বিশ্লেষণ কৰিব নোৱাৰি।