পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
পণ্ডিতৰ ভূমাস্পৃহা


সাহিত্য সম্পূৰ্ণ অনুভূতিপ্ৰধান। বহুত কবিৰেই হেঁপাহ আছিল চিন্তাতকৈ অনুভূতিৰ জীৱন-যাপন কৰিব পৰাটো— ‘O for a life of sensation rather than of thought!’ কিন্তু সমালোচকসকলে ৰোমাণ্টিক আদৰ্শক ব্যক্তিগত বা সামাজিক জীৱনত কাৰ্যকৰী প্ৰেৰণা দিব পৰা বুলি স্বীকাৰ নকৰিছিল। তেওঁলোকৰ মতে ৰোমাণ্টিক আদৰ্শবাদ হাৱৈ, ফুলজাৰি আদিৰ দৰে খাৰ-বাৰুদৰ খেলা। ৰোমাণ্টিক কাব্য পঢ়ি সোৱাদ লাগে তাৰ ঝঙ্কাৰত অন্তৰত স্পন্দন অনুভূতি হয়, কিন্তু সি কাৰ্যকৰী প্ৰেৰণা দিব নোৱাৰে।

 সেই অনুসাৰে আমীয়েলৰ ভূমাস্পৃহাকো য়ুৰোপীয় সমালোচকে শলাগিব পৰা নাই। এজনে কৈছে ই ‘আদৰ্শৰ ব্যাধি’ (Malady of the Ideal) আন এজনে কৈছে, ই ‘সম্পূৰ্ণ অসাৰ, নিৰৰ্থক’ (perfectly futile)।

 আমীয়েলৰ ভাবধাৰা ‘আদৰ্শৰ ব্যাধি’ বা ‘সম্পূৰ্ণ অসাৰ’ হয়নে নহয়, সেইবোৰৰ কাৰ্যকৰী গুণ কিবা আছেনে নাই, তাৰ বিচাৰৰ ভাৰ নীতিবিদসকলৰ ওপৰত। কিন্তু কৰ্মপ্ৰধান য়ুৰোপীয় সমালোচকে কি বিৰাট কল্পনা বা ভূমানুভূতিক খাৰ-বাৰুদৰ খেলা বুলি কয়, ভাৰতীয় পাঠকৰ পক্ষে সি অপৰিচিত নহয়। বিশ্বাত্মবোধ, বিৰাট কল্পনা, ভূমাস্পৃহা ভাৰতীয় সভ্যতা আৰু সাহিত্যৰ কেন্দ্ৰস্থ ভাব। ঋগ্বেদৰ দিনৰ পৰা আৰম্ভ কৰি নানান গ্ৰন্থ; নানান ভাষাৰ ভিতৰেদি, আজিকালি প্ৰাদেশিক সাহিত্যবোৰতো নানান ছন্দ, নানান ভঙ্গিমাত সেই একে ভাবেই পল্লৱিত হৈ আছে। হেজাৰ হেজাৰ বছৰৰ আগেয়ে এজনী ভাৰতীয় ছোৱালীয়ে এই বিশ্বাত্মবোধক ছন্দোময়ী ভাষাত প্ৰচাৰ কৰে। ঋগ্বেদৰ দেৱীসূক্ত সম্ভূণ ঋষিকন্যা বাক্‌দেৱীৰ ৰচিত। ৰচয়িত্ৰীয়ে কল্পনা কৰিছে তেওঁ নিজেই ভূমা, নিজেই বিশ্ব-শক্তি, নিজেই মূল প্ৰকৃতি।

অহং ৰুদ্ৰোভিৰ্বসুভিশ্চৰা-
ম্যহমাদিত্যৈৰুতবিশ্বদেবৈঃ।
অহং মিত্ৰাবৰুণোভো বিভ-
ৰ্ম্যহমিদ্ৰাগ্নী অহমশ্বিনোভা॥ ১
অহং সুৰে পিতৰমস্য মূৰ্দ্ধন্
মম যোনিৰপ্ স্বন্তঃ সমুদ্ৰে।
ততো যি তিষ্ঠে ভূবানুবিশ্বো-
তামুং দ্যাং বৰ্ষমণোপ স্পৃশামি॥ ৭
অহমেব বাত ইব প্ৰ বা-
ম্যাৰভমাণা ভূবনানি বিশ্বা।
পৰো দিবা পৰ এনা পৃথি-
ব্যৈতাবতী মহিনা সং বভূব॥ ৮