পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পণ্ডিতৰ ভূমাস্পৃহা


 আবেলি।

 “যোৱাবোৰ দিনৰ ভূমানন্দৰ আৱেশৰ সুখ আকৌ উপভোগ কৰিবলৈ পামনে? যেনে এদিনাখন ডেকা বয়স দোকমোকালিতেই উদ্বিগ্ন দুৰ্গৰ প্ৰান্তৰত বহি আছিলো! আকৌ এদিনাখন ভৰ বেলি যেতিয়া লাভে নগৰৰ ওপৰৰ পৰ্বতত গছৰ তলত দীঘল দি পৰি আছিলো, লগৰ লগৰী মাথোন তিনিটি পখিলা। আকৌ এদিনাখন যেতিয়া উত্তৰ মহাসাগৰৰ বালুকাময় তীৰত চিত হৈ দীঘল দি পৰি আছিলো, মোৰ চকুৱে আকাশত ছায়াপথৰ বাট বগাই ফুৰিছিল। সেইবোৰ আকৌ উভতি আহিবনে? সেই সপোন, সেই অমৰ বিৰাট বিশ্ব-সপোন— যেতিয়া মনৰ হৃদয়ে গোটেই ব্ৰহ্মাণ্ডখনকেই নিজৰ বুকুত সামৰি লোৱা যেন পায়— যেতিয়া মানৱাত্মাই উথলি উঠি নক্ষত্ৰমণ্ডলী স্পৰ্শ কৰে, অসীমক বুকুৰ মাজত সাবটি লয়, কি মণ্ডল-মণ্ডিত ক্ষণ! কি সন্মোহন কাল! যেতিয়া চিন্তাই জগতে জগতে উৰি ফুৰে, বিৰাট বিশ্বপ্ৰহেলিকা ভেদ কৰে, যেতিয়া মানৱ হৃদয়ে সাগৰৰ জলৰাশিৰ প্ৰশান্ত হেন্দোলনিৰ দৰে উদাৰ অনুদ্বিগ্ন গভীৰ বুকুভৰা উশাহ লয়, যেতিয়া চিন্তাই অসীম নীল-নভোমণ্ডলৰ দৰে বনাই ফুৰে, যেতিয়া য়ুৰেনীয়া দেৱীয়ে উপাসকৰ কপালত তন্ময়-সমাধিৰ পৰিচায়ক জ্যোতিঃপুঞ্জৰ চন্দন-ৰেখা আঁকি দিয়ে, উপাসকৰ হৃদয়ত প্ৰতিভাৰ শান্ত উন্মাদনা ঢালি দিয়ে! কি অবাধ অনুভূতিৰ ক্ষণ! যেতিয়া মানুহে নিজকেই দেৱতাৰ দৰে প্ৰশান্ত ব্ৰহ্মাণ্ডৰ সমান বিৰাট বুলি অনুভৱ কৰে। আকাশৰ নক্ষত্ৰ-মণ্ডলীৰ পৰা পৃথিৱীৰ শামুকৰ খোলা বা শেলুৱৈলৈ বিশ্বৰ সকলো সৃষ্টি পদাৰ্থই, আমাৰ চকুৰ আগত ক্ষয় হয়, আমাৰ হিয়াত থিতি লয়, বিধিৰ অলঙ্ঘনীয় বিধান অনুসাৰে আৰু প্ৰেমৰ সৰাগ উষ্ণতাৰে বিশ্ব-শক্তিয়ে আমাৰ অন্তৰত সৃষ্টি-প্ৰক্ৰিয়াৰ ৰহস্য দেখুৱায়। কি মঙ্গলময় ক্ষণ! কি সন্মোহন স্মৃতি! তাৰ পিছৰ অখণ্ড নভোমণ্ডলে বেঢ়ি থকা ধ্যানৰ ওখ টিঙৰ পৰা সংসাৰৰ পঙ্কিল ক্ষুদ্ৰতাৰ বাটত আহি নমা— কি পতন! সেইবোৰ মাহেন্দ্ৰক্ষণত কি বিৰাট সত্তাৰ আভাস পাওঁ। বাস্তৱিক জীৱন, কি তাৰ নীৰস কৃত্ৰিম ছায়া! আমাৰ যৌৱনৰ দূৰদৰ্শী বিজুলী দৃষ্টিয়ে আদহীয়া বয়সৰ অলস বৈচিত্ৰ্যহীন সন্ধিয়াৰ চকাছন্দাক বেছি গহীন আৰু নীৰস কৰি তোলে।”

 ২৯ এপ্ৰিল।

 “পুৱা, বতাহ বৰ জুৰ। আকাশখন পাতল মেঘেৰে ঢাক খাই আছে। ফুলনিলৈ গ’লো, বসন্তই কিমানখিনি বিকাশ লাভ কৰিছে চাবলৈ। ফুলবোৰৰ কি শুভ্ৰ সৰলতা, কি বিনয়ৰাগ-ৰঞ্জিত লাৱণ্য। হে বিস্ময়প্ৰসূতি, সুকোমল ৰহস্যময়ী প্ৰকৃতি! আমি তোমাতেই জীৱন-ৰস বেছিকৈ নিবিচাৰো কিয়? আমি সৰ্বদায় ব্যস্ত ভাৰাক্ৰান্ত, চিন্তাকুল কৰ্মলিপ্ত, আমি পাঠনিমগ্ন! কিন্তু অতি লাগতিয়াল কথা হৈছে, চিন্তাৰ বোজা, পাণ্ডিত্যৰ