পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাহিত্য আৰু প্ৰেম


ভাৰ নমাই থ’ব পৰাটোহে— আকৌ ল’ৰালি কালৰ দৰে সৰল মুকলিচিতীয়া হৈ বৰ্তমান ক্ষণতেই সুখত বুৰি থাকিব পৰা ক্ষমতা লাভ কৰাটোহে। কামৰ বোজা নমাই থৈ সজাগ মনেৰে আৱেশপৰায়ণ হ’লে, কামৰ হেঁচাত সঙ্কুচিত অন্তৰাত্মাৰ ভাজবোৰ মিলি যায়, অন্তৰাত্মা আকৌ মেল খায়, বাটৰ কাষৰ দূবৰিৰ দৰে আকৌ ঠন ধৰি উঠে, আকৌ নতুন হয়, আকৌ নিজ প্ৰকৃতি লাভ কৰে। আৱেশে নিশাৰ বৰষুণৰ দৰে দিনৰ ধূলি আৰু তপত বতাহত মুজুৰা পৰি থকা ভাবৰাশিত নতুন তেজ আৰু বলৰ সঞ্চাৰ কৰে। আৱেশ আমাৰ চিন্তাৰ দেওবাৰৰ নিচিনা। কোনে জানে মানুহৰ পক্ষে কোনটো বেছি লাগতিয়াল আৰু ফলদায়ক— আন আন দিনৰ কৰ্মক্লান্ত জীৱনেইনে, দেওবাৰৰ শক্তি-প্ৰদায়িনী জিৰণি? আৱেশ ফুলে ফুলে পৰ্বত-ভৈয়ামে উৰি ফুৰা পখিলাৰ মহোৎসৱৰ দৰে। মনত ৰাখিবা আমাৰ অন্তৰাত্মাৰে পখিলা এটিহে।”

 আকৌ।

 “মূল প্ৰকৃতিৰ বাজে মনক জিৰণি দিব পৰা, অসীমত বাজে অনুভূতিক জিৰণি দিব পৰা আৰু ঐশ্বৰিকত বাজে আত্মাক জিৰণি দিব পৰা বস্তু নাই। কোনো সীমাবদ্ধতাই সত্য নহয়, কাম্য নহয়, মোৰ মনক আকৰ্ষণ কৰিবৰ উপযুক্ত নহয়। সকলো বিশিষ্ট পদাৰ্থই মোৰ মনৰ বাহিৰা আৰু যি সীমাবিশিষ্ট তাৰ পৰাই মোৰ মন কোঁচ খাই আহে। ভূমাত বাজে কোনো বিশিষ্টতা ৰহিত নহয়, মোৰ ব্ৰত হৈছে ভূমাৰ লগত শৰীৰৰ প্ৰত্যেক অণু-পৰমাণুৰ ভিতৰেদি সংযোগ স্থাপন কৰা।”

 উদ্ধৃত উক্তিবোৰৰ পৰা আমীয়েলৰ চিন্তা অনুভূতিৰ ধাৰাৰ বিষয়ে যথেষ্ট ধাৰণা কৰিব পাৰি। সেইবোৰে তেওঁৰ সাংসাৰিক জীৱনৰ ওপৰত কিভাৱে প্ৰতিক্ৰিয়া কৰিছিল তাকো তেওঁ নিজেই উল্লেখ কৰিছে। তেওঁৰ জীৱনৰ যি আদৰ্শ আৰু অনুভূতিৰ প্ৰবাহে তেওঁৰ মন-প্ৰাণ মথি পেলাইছিল, পাৰিপাৰ্শ্বিক সমাজ আৰু বিদ্বন্মণ্ডলীৰপৰা তেওঁ তাৰ কোনো প্ৰতিধ্বনি আশা কৰিব নোৱাৰিছিল। চিন্তা আৰু অনুভূতিৰ বিশিষ্টতাৰ দ্বাৰা লৌকিক জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ কাৰণে আৰু পাৰিবাৰিক কোনো বন্ধন নথকাৰ গুণত অন্তৰ্প্ৰাণৰ গহন নিজানত বিৰাটৰ লগতে সংযোগ স্থাপনৰ সপোনকেই আমীয়েলে জীৱনৰ সমলস্বৰূপে আঁকোৱালি ধৰিছিল। কিন্তু বাস্তৱ জীৱনৰ দাবী যে তেওঁ সম্পূৰ্ণ অলীক আৰু তুচ্ছ জ্ঞান কৰিব নোৱাৰিছিল, সেইটোৱেই তেওঁৰ জীৱনক কৰুণ কৰি তুলিছিল। আমীয়েলৰ ডায়েৰী চাৰিওফালৰ সীমাবদ্ধ জ্ঞানৰ হেঁচাত স্বাভাৱিকৰূপে বিকাশ লাভ কৰিব নোৱৰা অন্তৰ্প্ৰাণৰ ৰসনিৰ্যাস মাথোন।

 আমীয়েলৰ ভাবৰ ধাৰা য়ুৰোপীয় সাহিত্যৰ বুৰঞ্জীত একেবাৰে অভিনৱ পদাৰ্থ নহয়। ঊনৈশ শতিকাৰ গুৰিতেই য়ুৰোপীয় সাহিত্যত যি ৰোমাণ্টিক আন্দোলনৰ ঢৌ উঠিছিল, তাত চিন্তাতকৈ অনুভূতিয়েই বেছি প্ৰাধান্য লাভ কৰিছিল। সেই সময়ৰ