পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সাহিত্য আৰু প্ৰেম


বাস্তৱিক সংসাৰত ভাবুকৰ জীৱন খৰ্ব হৈ পৰে। এজন কৃতবিদ্যা পুৰুষৰ বিশ্বাত্ম-বোধৰ কৰুণ কাহিনীয়ে বিষয়টো ভালকৈ ফুটাই তুলিব।

 ছুইটজাৰ্লেণ্ডৰ জেনেভা নগৰত ১৮২১ খ্ৰীষ্টীয় শকত ফ্ৰেডাৰিক আমীয়েলৰ জন্ম হয়। বাৰ বছৰ বয়সত তেওঁৰ মাক-বাপেক ঢুকায়। পাৰিবাৰিক জীৱন এইদৰে ভাগি গলত আমীয়েল এজন আত্মীয়ৰ তত্ত্বাৱধানলৈ আহিল আৰু তেওঁৰ ভনীয়েক দুজনী আন এজনৰ তত্ত্বাৱধানৰ তললৈ গ’ল। কুমলীয়া বয়সতেই মন-প্ৰাণৰ স্বাভাৱিক বিকাশত সহায় কৰা স্নেহৰ পৰা বঞ্চিত হৈ আমীয়েলে কিছুদিন নিৰানন্দময় জীৱন-যাপন কৰিলে। তদুপৰি তেওঁৰ স্বাস্থ্য সৰুৰে পৰাই বৰ ভাল নাছিল। ভঙ্গুৰ স্বাস্থ্যৰ মানুহৰ স্বাভাৱিকতেই স্নায়ৱিক চাঞ্চল্য বেছি। বয়সৰ লগে লগে তেওঁ আৱেগময় আৰু বিষাদপ্ৰৱণ হৈ উঠিল।

 যদিও পৰীক্ষাত ভালকৈ উঠি বঁটা আৰু বিশিষ্ট সন্মান লাভ কৰাৰ বিশেষ উল্লেখ নাই তথাপি সৰুৰে পৰাই গভীৰভাৱে বহুত পাঠত আমীয়েলে মন দিছিল। নিজৰ সমনীয়াবোৰতকৈয়ো বয়স আৰু জ্ঞানত তেওঁতকৈ শ্ৰেষ্ঠবোৰৰ লগতহে মিলি ভাল পাইছিল। জেনেভা নগৰত পঢ়ি অঁতাই ১৮৪২ খ্ৰীষ্টীয় শকৰ পৰা ১৮৪৮ শকলৈ আমীয়েলে ছবছৰ কাল য়ুৰোপৰ সকলো ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়বোৰত পঢ়ি সেই সময়ত প্ৰচলিত দৰ্শন-বিজ্ঞান আদি শাস্ত্ৰত পাৰদৰ্শিতা লাভ কৰে। তেওঁ নিজেই এঠাইত কৈছে, “মোৰ জ্ঞানৰ নভোমণ্ডল বৰ বহল। দেশ, পাত্ৰ, মানৱ-চৰিত্ৰ, মানৱ-সমাজ, শাস্ত্ৰ-গ্ৰন্থ ইত্যাদি বিষয়ত মোৰ অভিজ্ঞতা অতুল।”

 এইদৰে অতুল জ্ঞান সঞ্চয় কৰি আঠাইশ বছৰ বয়সত আমীয়েল জেনেভালৈ উভতি আহে। তেওঁৰ চকু জ্ঞানত উদ্ভাসিত, ব্যৱহাৰ সৰল আৰু জ্ঞানৰ বোজাই স্বভাৱত কোনো জঠৰতা আৰু অভিমান আনিব পৰা নাই। তেওঁৰ বন্ধুসকলে ভাবিলে আমীয়েলে য়ুৰোপীয় পণ্ডিত-সমাজৰ ৰীতি অনুসাৰে জ্ঞান-বিজ্ঞান আলোচনা ক্ষেত্ৰত দিগ্বিজয়ী বীৰৰ দৰে খোজকাঢ়িব। গৱেষণাৰ ভৱিষ্যৎ তেওঁৰ হাতৰ মুঠিতেই। বন্ধুসকলৰ এই আশা প্ৰথমতে ফলিয়ালেই যেন লাগিল। বাছনি পৰীক্ষা এটিত সন্মানেৰে উঠিলত ১৮৪৯ খ্ৰীষ্টীয় শকত জেনেভা বিশ্ববিদ্যালয়ত তেওঁ ৰসবিদ্যা (Aesthetics) আৰু ফৰাছী সাহিত্যৰ অধ্যাপক নিযুক্তি হ’ল আৰু অলপ পিছতেই নৈতিক বিজ্ঞানৰ (Moral Philosophy) অধ্যাপকৰ বাব পালে।

 এইদৰে জীৱিকা-সমস্যাৰ সমাধান হ’ল। তেওঁৰ বন্ধুসকলে ভাবিলে, আমীয়েলৰ জ্ঞান-চৰ্চাৰ ভেটি এতিয়া সুদৃঢ় হ’ল। কিন্তু আমীয়েলৰ হ’ল কি? বন্ধুসকলে দেখিলে আমীয়েল লাহে লাহে মৰহি যাবলৈ ধৰিছে। তেওঁ কোনো গৱেষণা বা আলোচনাৰ কামতেই যোগ নিদিয়ে। অতুলনীয় জ্ঞান অথচ ল’ৰাক পঢ়োৱাতো তেওঁৰ কোনো