পৃষ্ঠা:সাহিত্য আৰু প্ৰেম.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
পণ্ডিতৰ ভূমাস্পৃহা

কথা ৰসাল হৈ ফুটি নুঠে। বন্ধুসকলে উদগাব ধৰিলে, কিন্তু আমীয়েলে নীৰস লালিত্যবিহীন কবিতা কেতবোৰ লিখি তেওঁলোকৰ উদগনিৰ উত্তৰ দিলে। তেওঁলোক নিৰাশ হ'ল আৰু তেওঁলোকৰ মানত আমীয়েলৰ জীৱন-বিৰাট এটি ব্যৰ্থতা যেন লাগিল।

 ১৮৮১ খ্ৰীষ্টীয় শকত আমীয়েলৰ মৃত্যু হয়। ১৮৮২ শকত অবিবাহিত আমীয়েলৰ সাহিত্যিক উত্তৰাধিকাৰীসকলে ‘Journal Intime’ –‘আমীয়েলৰ অন্তপ্ৰাণৰ ডায়েৰী’ বুলি সুবৃহৎ গ্ৰন্থ এখন প্ৰকাশ কৰিলে। আমীয়েলৰ অন্তৰঙ্গ বন্ধু এডমাণ্ড ছেৰাৰে এখনি দীঘলীয়া পাতনি লিখি অতিশয় ক্ষোভ কৰি কৈছিল, “মোৰ দূৰ-দৃষ্ট যে জীয়াই থাকোতেই বন্ধুক মই বুজিব নোৱাৰিলো। ‘অন্তপ্ৰাৰ্ণৰ ডায়েৰী’ত যি কৰুণ কাহিনী বিবৃত হৈছে সেইটো আগেয়ে জনাহেঁতেন কিজানি কৰুণা-সম্পৃক্ত শলাগৰ কথাৰে তেওঁৰ বেদনা লাঘৱ কৰিব পাৰিলোহেঁতেন।” তেওঁ আকৌ কয়, “যিজনে জীৱিতাৱস্থাত নিজৰ শক্তিৰ অনুৰূপ কোনো গ্ৰন্থ এখন আমাক দিব নোৱাৰিলে, মৰণত আমাক এনে এখন অপূৰ্ব ৰচনা তেওঁ দি গ’ল যিখন চিৰকাল অমৰ হৈ থাকিব।”

 ‘ডায়েৰী’খনত কি আছে? ই আমীয়েলৰ অন্তৰাত্মাৰ অনুভূতিৰ বুৰঞ্জী। অধ্যাপকৰ কাম কৰা সময়ৰ পৰা মৰণৰ দিনলৈকে তেওঁৰ ধ্যান-ধাৰণা, তন্ময়তা, ভাবাৱেশ, সমাজ, নীতি, দৰ্শন, সাহিত্যৰ সমালোচনা আদি নানান কথাৰ সমাৱেশ। লৌকিক জগতৰ ফালৰ পৰা তেওঁৰ জীৱন কি কাৰণত ব্যৰ্থ হৈছিল তাৰ সবিশেষ বিৱৰণ ইয়াত অকপটভাৱে মোকলাই কোৱা হৈছে। ইয়াক তেওঁ জনসমাজত প্ৰকাশ কৰিবৰ বাবে লিখা নাছিল। আনকি তেওঁৰ অন্তৰঙ্গ বন্ধু ছেৰাৰেও তেওঁৰ মৰণৰ আগলৈকে ইয়াৰ অস্তিত্বৰ কথা জনা নাছিল। ‘Journal Intime’ — ‘অন্তপ্ৰাণৰ ডায়েৰী’— আমীয়েলৰ অন্তৰাত্মাৰ লগত নিভৃত কথোপকথন।

 ডায়েৰীত সাহিত্য, বিজ্ঞান, সমাজ, নীতি আদি বিষয়ক যিবোৰ সমালোচনাত্মক টোকা আৰু মন্তব্য আছে, সেই বোৰ যথাৰ্থ আৰু বহুমূলীয়া বুলি য়ুৰোপীয় সাহিত্যিকসকলে গ্ৰহণ কৰিছে আৰু সেই অনুসাৰে তেওঁক যথেষ্ট প্ৰশংসাও কৰিছে। কিন্তু যি কাৰণত তেওঁ প্ৰকাশ্য জীৱনত তেওঁৰ প্ৰতিভাৰ অনুৰূপ কোনো গৌৰৱময় ডাঙৰ আলোচনাত হাত নিদিলে সেই কাৰণৰ প্ৰকৃত মূল্য নিৰ্দ্ধাৰণ কৰাত নানা পণ্ডিতৰ নানা মত।

 আমীয়েল সৰুতেই প্ৰাণস্পৰ্শী স্নেহৰ পৰা বঞ্চিত হৈছিল। তেওঁৰ স্বাস্থ্যও ক্ষণভঙ্গুৰ আছিল। সৰুৰেপৰাই তেওঁ বিষণ্ণ আৰু আৱেশপ্ৰৱণ আছিল। বিশাল পাঠ আৰু ভ্ৰমণৰ দ্বাৰা মনৰ সকলো সঙ্কীৰ্ণতা আঁতৰাই তাক উদাৰ ভাব আৰু অনুভূতি